Type Here to Get Search Results !

স্তৱক

 গীতাঞ্জলি দেৱী


                   (১)
জৰৌৰোৱা পঁজাৰ পৰা এটা সুহুৰি
পদুলি সৰকি পুৱাতে ওলায়  ,
বোকাফুলবোৰ গচকি সুহুৰিটোৱে   উৰুৱাই  আলি-বঁকিতাত বহি থকা  এহালি চিনাকি  চৰাই ।

                   (২)
আইলৈ এমুঠি ,বাইলৈ এমুঠিকৈ কোনে সিঁচে আশাৰ সপোন ?
মেখেলাৰ পাতলি নিতিতা পানীত দুভৰি পখালি ভোগজৰা বাটেৰে, মিচিকিয়া হাঁহিৰে কাৰ আগমন ?