সবিতা বৰুৱা ফুকন
মানুহৰ জীৱনত শৈশৱ কাল আটাইতকৈ গুৰুত্বপূৰ্ণ । শৈশৱ কালতেই উপযুক্ত শাৰীৰিক আৰু মানসিক বিকাশ হৈছে সৰ্বাঙ্গ সুন্দৰ প্ৰাপ্ত -বয়স্ক ভেটি। গতিকে শৈশৱৰ প্ৰত্যেক টো মুহূৰ্ত শিশু এটিক এজন সবাঙ্গ সুন্দৰ প্ৰাপ্তবয়স্ক হিচাপে গঢ় দিয়াৰ দায়িত্ব পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ ।
শিশুৰ জগত এক বিচিত্ৰ আৰু বিস্ময়কৰ জগত ।এখন আলফুল জগত,- য'ত কোনো ব্যাকৰণ নাই,য'ত কোনো যুক্তি নাই। সেয়ে বিখ্যাত শিশু সাহিত্যিক ড° নিৰ্মল প্ৰভা বৰদলৈয়ে কৈছে --শিশুৰ অবাক জগত খনৰ লগত, A big blooming,buzzing confussion অৰ লগত যাৰ নিবিড় একান্ততা নাই, যাৰ মনৰ মাজত চিৰ শিশুজন জাগ্ৰত হৈ থকা নাই সেইজনে শিশুৰ মনৰ ভূ-পাব নোৱাৰে ।"
শিশুৰ এই বিচিত্ৰ বিস্ময়কৰ জগতত য'ত ৰ'দ -বৰষুণ দেখিলেই খৰাঁ শিয়ালে বিয়া পাতে, ঘৰ -চিৰিকাজনী ক'ৰবাৰ পৰা উৰি আহি তামোল কাটি কাটি যাচে। য'ত জোনবাইক দেখি তৰা খুজি থাকোতেই হালধীয়া চৰায়ে বাওধান খোৱাৰ কথা মনত পৰে আৰু বাওধান খোৱাৰ কথা ক ওঁতে-নক ওঁতে সাউদৰ পুতেকে নাওমেলি ক'ৰবালৈ যায়গৈ ।
এইখন জগততে শিয়ালীৰ মূৰত মৰুৱা ফুল ফুলে,শিয়ালী জনীয়ে চকুৰ পচাৰতে কোনোবা এখন ৰতনপুৰ পায়গৈ,বগলীয়ে সবাহ খাবলৈ যাওঁতে বৰষুণত তিতে ....,এনেবোৰ অনেক কাল্পনিক কাহিনীৰ ভেটিতেই গঢ় লৈ উঠে একো একোটি শিশুৰ ভৱিষ্যত জীৱন ।ঠিক সেইদৰে অলেখ সাধুকথাৰ কাহিনীয়ে শিশুৰ মনত আলোড়নৰ সৃষ্টি কৰে ।
উদাহৰণ স্বৰূপে ---চিকাৰীৰ জালত পৰা সিংহক কেনেকৈ নিগনিয়ে জালৰ পৰা মুক্ত কৰে, পিয়াহত আতুৰ হৈ কাউৰীয়ে বুদ্ধিৰে কেনেকৈ কলহৰ পৰা পানী খাই, এনেবোৰ সাধুকথাৰ কাহিনীয়ে শিশুৰ মনত কল্পনা শক্তিৰ বিকাশত সহায় কৰাৰ লগতে যিকোনো বিষয় শিকাত শিশুক আগ্ৰহী কৰি তোলে ।আন কিছুমান সাধু কথাৰ মাজেদি শিশুসকলক নীতি শিক্ষা প্ৰদান কৰাৰ লগতে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰা দেখা যায়। তাৰ উদাহৰণ স্বৰূপে ৰজা আৰু ভাটৌ চৰাই সাধুটোৰ নাম উল্লেখ কৰিব পাৰি।
ঠিক সেইদৰে তেজীমলাৰ সাধু চিলনীৰ জীয়েকৰ সাধু,শহা আৰু ভেকুলী, খৰিকটীয়া আৰু জলদেৱতা ইত্যাদি সাধুবোৰে শিশুৰ মানসিক বিকাশত অভূতপূৰ্ব সঁহাৰি তথা অৰিহণা যোগায় আহিছে ।সেয়ে আমি ক'ব পাৰো যে সাধু কথাই শিশুক মানসিক ভাৱে সাহসী কৰে । সাধু কথাৰ মাজেদি শিশুৰ বৌদ্ধিক দিশ বিকশিত হয়।, সাধু বোৰে শিশুক নীতি শিক্ষা প্ৰদান কৰে আৰু যিকোনো বিষয় শিকাত শিশুক আগ্ৰহী কৰি তোলে। কিছুমান সাধু কথাই শিশুক বৈজ্ঞানিক দিশৰ শিক্ষা প্ৰদান কৰে । সাধু কথাই শিশুক আধ্যাত্মিক ভাৱে সৱল কৰি তোলে আৰু নৈতিক চৰিত্ৰ গঠনত সহায় কৰে ।
মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈয়েই জীৱনৰ প্ৰথম স্তৰতে শিশুৱে গৃহ পৰিৱেশৰ সান্নিধ্য লাভ কৰে। ঘৰ খনত লাভ কৰা পৰিৱেশৰ জৰিয়তে শিশুৰ আৱেগিক জীৱন গঢ় লৈ উঠে। শিশুৰ মানসিক বিকাশত জন্ম গত প্ৰভাৱ সদায় থাকে । শিশুৰ বুদ্ধিমত্তা নিৰ্ভৰ কৰে পৰিয়ালৰ মানুহৰ বুদ্ধিমত্তাৰ মানৰ ওপৰত ।ইয়াৰ বাবে প্ৰথম প্ৰয়োজন হয় এখন ঘৰৰ - য'ত মাক -দেউতাক আৰু পৰিয়ালৰ আন সকলোৰে মাজত মৰম চেনেহ,বুজা -বুজি আৰু পদে পদে সহযোগ থাকে ।এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাটো মাক আৰু দেউতাকৰ লগতে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ প্ৰধান দায়িত্ব । কিয়নো শিশুৱে সদায় "দেখি শিকে আৰু শুনি কয় ।"
শিশু যি পৰিৱেশত থাকে সেই পৰিৱেশৰ লগতে মিলি যায় । কোনো পিতৃ -মাতৃয়ে যদি নিজে এক ধৰণে জীৱন যাপন কৰি শিশুটিক বেলেগ ধৰণে শিক্ষা দিবলৈ চেষ্টা কৰে, অথবা নিজে নমনা নিয়ম বা নিজে নকৰা কাম জোৰকৈ শিশুৰ ওপৰত জাপি দিয়ে, তেতিয়া তাৰ ফলা ফল সদায় বেয়া হয় আৰু শিশু বিপথে যায়।
এটি শিশুৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি তাক বিকাশিত হ'বলৈ দিলে তাৰ অন্তৰ্নিহিত সামৰ্থ্যৰ পূৰা মাত্ৰা প্ৰয়োগ হয়, ফলত এটা সুন্দৰ শিশুত পৰিণত হয় । গতিকে ঘৰুৱা ভাল পৰিৱেশ থাকিলেও মাক -দেউতাকে শিশুক যি কোনো দিশত আগ বঢ়ায় দিওঁতে তাৰ সামৰ্থ্যৰ আভাস লোৱাটো অতি দৰকাৰী। বিভিন্ন পৰিৱেশে কেনে বিভিন্ন ধৰণৰ শিশু চৰিত্ৰ গঠন কৰিব পাৰে তাৰ চমু আভাসত ক'ব পাৰি এনেদৰে ---
সৰুৰে পৰা পৰিয়াল বৰ্গ ই উৎসাহ উদ্গনি দিলে শিশুৰ আত্মবিশ্বাস বাঢ়ে । প্ৰশংসাৰ মাজত ডাঙৰ হ'লে লোকৰ গুণৰ সমাদৰ কৰিবলৈ শিকে ।, সহিষ্ণুতাৰ মাজত শিশু ডাঙৰ হ'লে স্থিৰ স্বভাৱৰ হয়।, শৈশৱ কালত সুবিচাৰ পালে ডাঙৰ হৈ ন্যায় কৰিবলৈ শিকে, নিৰাপত্তাৰ মাজত শৈশৱ অতিবাহিত হ'লে লোকক বিশ্বাস কৰিবলৈ শিকে।
শৈশৱৰ আৰম্ভণিৰে পৰা শিশুক উপযুক্ত পৰিশ্ৰমৰ ফল কেনে হয় সেই বিষয়ে অৱগত কৰোৱাটো অতি দৰকাৰী । তাৰ লগতে নিয়মানুৱতিতা, শৃংখলা বদ্ধতা আৰু শিষ্টাচাৰ বিষয়ক শিক্ষা দিলেহে সম্পূৰ্ণ সুফল আশা কৰিব পাৰি ।
সেয়ে শিশুক উপযুক্ত মাগ দৰ্শন কৰি নিজৰ মত অনুযায়ী পথ বাচি লবলৈ দিয়াটোহে শ্ৰেয় । অৱশ্যে এই পথ বাচি লবলৈ আৰু এই পথেৰে আগুৱাই যাবলৈ এটা পৰিৱেশৰ সৃষ্টি কৰাটো পিতৃ -মাতৃৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। ।