জীনামণি বৰগোহাঁই দুৱৰা
কবিতা লিখাৰ ধৈৰ্য্য
হেৰাই যেন আজি ক'ৰবাত
কাৰোবাৰ আক্ৰোশতাত
মোৰ মন-প্ৰাণ ভাৰাক্ৰান্ত
হৃদয়ত এক প্ৰচণ্ড আচোঁৰ
যাৰ পৰিৱেষ্টিত হাহাকাৰ কৰে
অনাকাংক্ষিত লাঞ্চনাই,
সহ্যাতীত প্ৰৱঞ্চনাই।
নুবুজিলে, ইমান বুজালো
পৰিতৃপ্তিয়ে ভালদৰে মোৰ
সৰলতাক কুৰুকি কুৰুকি খালে।
যেন মই এটি নিৰস্ত্ৰ প্ৰাণী
আৰু মোৰ প্ৰতিটো ব্যথা
দলিয়াই অনাদৰ কৰিলে।
বন্দিনী কিহৰ জ্বালাত জ্বলিছোঁ
মষিমূৰ কৰিবলৈ মন যায়
যেন একুৰা জুই হৈ জ্বলাই দিওঁ
সৰ্বস্ব------
নিৰাকাৰ ধৈৰ্য্য দিয়া, সাহস দিয়া
আৰু দিয়া প্ৰতিকাৰৰ উপায়।
ককবকাই থকাতকৈ নাশ কৰাৰ
শক্তি দিয়া--–
জ্ঞানেৰে , বুদ্ধিৰে আৰু যুক্তিৰে।