দীপজ্যোতি বৰগোহাঞি (মাদুৰি )
আগৰ খণ্ডটিত উল্লেখ কৰা হৈছে যে- ছশবছৰীয়া আহোমৰ ৰাজত্ব কালত মাদুৰি চহৰৰ গুৰুত্ব অপৰিসীম আছিল ৷কব পাৰি যে স্বৰ্গদেউ সকলৰ ৰাজকাৰ্যত মাদুৰিয়াল ফৈদৰ বৰগোহাঞি সকলৰ অৰিহণা উল্লেখনীয় আছিল ৷মাদুৰিয়াল ফৈদৰ পুৰুষনামাত বিতংভাৱে উল্লেখ আছে যে ;জয়মতীৰ পিতৃ লাইথেপেনা বৰ গোহাঁই য়ে মাদুৰি চহৰত বাস কৰিছিল ৷সলাত লাইথেপেনা বৰগোহাঞিয়ে সলাল গোহাঁই বিষয় বাব খাইছিল ৷"তাতে ফুকনবোৰে জপং বৰগোহাঁইক ভাঙি লাইথেপেনাক বৰগোহাঁই পাতিলে (শ:চ:দ:অসম বুৰঞ্জী )তাৰোপৰি মাদুৰিয়াল লাইথেপেনা বৰ গোহাঞি কুৱৈগঞা দৰৱধৰা বুঢ়াগোহাঁই ;আৰু কনচেং বৰপাত্ৰগোহাঁই এই তিনিজনক ডাঙৰীয়া বোলে ৷(হৰকান্ত অসম বুৰঞ্জী )আৰু পাঁচশ শেনক ভাঙি মাদুৰিয়াল লাইথেপেনাক বৰ গোহাঁই পাতি স্বৰ্গদেউলৈ জনালে চ্যুলিকফা ওৰফে ল’ৰাৰজাৰ ৰাজত্ব কালতে ১৬৭৯ ৮১ খ্ৰীষ্টাব্দ ৰ ভিতৰতে লাইথেপেনা বৰগোহাঞিক ৰাজমন্ত্ৰী পদত অধিষ্ঠিত কৰে ৷চ্যুলিকফা ওৰফে ল’ৰা ৰজাক মন্ত্ৰী আৰু ডা ডাঙৰীয়া সকলে গাদীচ্যুত কৰি লা্ঙ্গি গদাপাণিক ৰাজ সিংহাসনত বহুৱায় ৷ আৰু গদাধৰ সিংহ নাম লয় ৷আৰু শহুৰ লাইথেপেনা বৰ গোহাঁইকে আকৌ সম্পুৰ্ণ মৰ্যদা সহ ৰাজমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰে ৷যদিও মাজ ভাগতে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঞি স্বৰ্গী হয় আৰু মাদুৰিতে সম্পুৰ্ণ আহোম ৰীতি নীতিৰে মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হয় যিটো আজিও বুৰঞ্জী প্ৰসিদ্ধ মাদুৰিত প্ৰায় চাৰি পুৰাতকৈ অধিক মাটিৰে আগুৰি অক্ষত অৱস্থাত আছে ৷লগতে তেওঁৰ পৰিয়ালে ব্যৱহাৰ কৰা পুখুৰী যাক ৰজা বাৰী পুখুৰী বুলি আজিও জেষ্ঠজনৰ মুখত জনশ্ৰুতি মতে আজিও শুনা যায় ৷পুৰ্বেও উল্লেখ কৰা হৈছে যে মাদুৰিৰ পুৰ্বৰ নাম মাদুৰি নাছিল ভাজনীহে আছিল যদিও সেই সময়ত গড়গাঁওৰ আশে পাশে বহু ভাজনী অঞ্চলৰ নাম এতিয়াও কিছু কিছু খণ্ড বিশেষে শুনা যায় ৷এই মাদুৰি চহৰৰ পুৱদিশত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত বৰবৰুৱা বিষয়বাব খোৱা টেমা লাহন বৰবৰু্ৱাৰ সুউচ্চ হৈ জিলিকি আছে ৷আনফালে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ ৰাজত্ব কালত বৰগোহাঁই বিষয় বাব খোৱা বাৰুকীয়াল ফৈদৰ মালভোগ বৰ গোহাঁইক মাদুৰিৰ পশ্চিম দিশত বাসস্থান দিছিল ৷তেওঁ খন্দোৱা দহবিঘা মাটিৰ এটা পুখুৰী আজিও অক্ষত অবস্থাত আছে আৰু বাসস্থানৰ বাৰীৰ ঢাপ আজিও জিলিকি আছে ৷লগতে মাদুৰিত আছে গজপুৰীয়া আলি বা বৰ আলিৰ দাঁতিৰ নাওঁশলীয়াৰ কুমাৰণি টিংৰ পৰা মলা চৰু আনি পদূম ফুল চিঙি আনি ফুল ধুঁই ৰাজমন্ত্ৰীৰ ঘৰত পূজা অৰ্চনা কৰিবৰ বাবে জকমকীয়া হৈ পদূম ফুল ফুলি থকা ফুলীয়া পুখুৰী ;ন পুখুৰী ;ঘৰ ফলীয়া পুখুৰী ;শি্ঙি মাছ জীয়াই ৰাখিবৰ বাবে শিঙিমাৰি পুখুৰী ;আৰু লাইথেপেনা বৰ গোহাঁই ডাঙৰীয়াৰ সমানে লানী পাতি তেখতৰে বৰ পুত্ৰ কনখাম বা কমলাকান্তৰ সুউচ্ছ মৈদামৰ লগতে বহু সৰু বৰ মৈদাম যাক মাদুৰিৰ প্ৰয়াত বুৰঞ্জীবিদ মাণিক বৰ গোহাঞিয়ে লেছিৰি মৈদাম আখ্যা দিছে ৷তাৰো পৰি মাদুৰিৰ বিভিন্ন স্হানত বহুতো বৃহৎ বৃহৎ মৈদাম আজিও সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধন নোহোৱাকৈ আছে ৷কিছু কিছু কালৰ কুটীল আঁছোৰত নিশ্চিন্ন হোৱাৰ পথত ৷বিশেষকৈ মাদুৰিৰ কাষত ৰেৱতী গাঁৱত ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞিৰ তৃতীয় পুত্ৰ ৰামচন্দ্ৰ খনিকৰ বৰুৱাই খন্দোবা খটখটী পুখুৰী( যি আজিৰ পৰা কেইবছৰ মানৰ আগতে পঞ্চায়তৰ অধীনত পুনৰ খনন কাৰ্যত লেখকে পুৱৰ পাৰটোৰ কিছু তলতে এটা ইটাৰ খটখটী প্ৰতক্ষ্য কৰিছলো) লগতে বৃহত্তৰ জোকতলি মৌজাৰ বিভিন্ন অঞ্চলত বহু সৰু ডাঙৰ মৈদাম ৰ অৱস্থিতি আজিও দেখা পোৱা যায় ৷একেবাৰে চতাই আলিৰ কাষে কাষে দিখৌ নৈৰ কুঁজি বালি ঘাটলৈকে ৷উল্লেখ্য যে মাদুৰিত এতিয়াও ন ফুকনৰ বাৰী আৰু উত্তৰ দিশত বৰ্তমান যি ঠাইত জয়মতী উচ্চ মাধ্যমিক বিদ্যালয় আছে সেই স্থানতে শ্বহীদ পিয়লি ফুকনৰ লগত ফাঁচী যোবা জিউৰাম দুলীয়া বৰুৱাৰ বাসস্থান ও আছিল অনুমান কৰিব পাৰি যে ;এই অঞ্চলৰ বহু বয়োজ্যেষ্ঠ লোকে এতিয়াও দুলিয়া বাৰী নামেৰেই নামকৰণ কৰে আৰু জিউৰাম দুলিয়া বৰুৱা পৰিয়ালৰ লোক মঠিয়াছিগা দিহিঙ্গীয়া গাঁৱত বাসস্থান লৈ আছে ৷(কৃতজ্ঞতাৰে প্ৰয়াত বুৰঞ্জীবিদ পদ্ম বৰগোহাঞি ;বিভিন্ন বুৰঞ্জী ;লেখকৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন )
|