প্ৰগতি গগৈ চাংমাই, (নাজিৰা) ;সহ: শিক্ষয়িত্ৰী
অসমীয়া সাহিত্যত জোনাকী যুগৰ অৱদান অতুলনীয়। অসমীয়া ভাষা জগতত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু তেওঁৰ সহযোগীসকলে যি ভেটি নিৰ্মাণ কৰিলে তাত ভাষাৰ সৌধটি সাজি উলিয়ালে ''জোনাকীৰ ত্ৰিমূৰ্তি'' চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে। সাহিত্য প্ৰচাৰৰ দ্বাৰা অসমীয়া জাতিক আত্মসচেতন কৰি তুলিব নোৱাৰিলে অসমীয়াত্ব অক্ষুণ্ণ ৰখা টান হ'ব ভাবিয়েই শিক্ষিত ডেকাসকল কৰ্মক্ষেত্ৰত নামি পৰিল। তেওঁলোকৰ প্ৰায়সকলেই কলিকতাৰ কলেজত অধ্যয়ন কৰা আৰু আন্দোলনৰ কেন্দ্ৰস্থলো কলিকতাই । তেওঁলোকে 1872 চনত ''অসমীয়া সাহিত্য চ'ৰা '' স্থাপন কৰে। ইয়াৰ প্ৰভাৱ আশানুৰূপ নোহোৱাত 1888 খ্ৰীষ্টাব্দত ''অসমীয়া ভাষা উন্নতি সাধিনী সভা'' (অ,ভা,উ,সা) নাম দিয়ে। এই সভাৰ মুখপত্ৰ হিচাপে ''জোনাকী'' কাকত প্ৰকাশ কৰিবলৈ লয়।
1888 চনৰ অ.ভা.উ. সা. সভাৰ বৈঠকত অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ উন্নতি সাধন সম্পৰ্কত আলোচনা হয়- (ক) পুৰণি পুথি সংগ্ৰহ ও প্ৰকাশ,
(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়াৰ প্ৰচলন,
(গ) অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাস প্ৰচলন,
(ঘ)সংস্কৃত তথা আন ভাষাৰ ভাল ভাল পুথিৰ অনুবাদকৰণ,
(ঙ) অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি -নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন,
(চ) সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰ কৰা ইত্যাদি।
1889 চনত সভাৰ মুখপত্ৰ ''জোনাকী'' প্ৰকাশ কৰে। এই জোনাকীয়েই শিক্ষিত যুৱচামৰ সাহিত্য চৰ্চাৰ থল হৈ পৰিল। জোনাকীয়ে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৱধাৰাৰ মাজত যোগসূত্ৰ স্থাপন কৰিলে। ইংৰাজী সাহিত্যৰ ভাৱাদৰ্শত জোনাকীৰ আৰম্ভণিতেই 'লিটিকাই' প্ৰহসন, লক্ষ্মীনাথ বেজবৰুৱাৰ 'পদুম কুঁৱৰী' , 'লাহৰী' , উপন্যাস , 'কৃপাবৰ বৰুৱা চৰিত পুথি, সমালোচনা আৰু কবিতাৰ ন ন ৰূপ , ভাৱৰ উদ্ভৱ হয়।
জোনাকীৰ পৃষ্ঠপোষকসকলে এই কাকতৰ জৰিয়তে ইংৰাজী ৰোমাণ্টিক ভাবাদৰ্শক অসমীয়া সাহিত্যলৈ কঢ়িয়াই আনে।ৰমন্যাসবাদত প্ৰকৃতিৰ যি প্ৰশস্তি ধ্বনিত হৈছিল, বৈচিত্ৰময়ী অসমৰ কবিসকলে সহজে সেই আদৰ্শ আঁকোৱালি লৈ সহানুভূতি স্থাপন কৰিব পাৰিছিল। দূৰ অতীতলৈ শ্ৰদ্ধাবিস্ময় দৃষ্টিৰে অৱলোকন কৰা ৰমন্যাসবাদী কবিতা আৰু সাহিত্যৰ অন্যতম লক্ষণ।
কবিতাৰ মন্ময়ধৰ্মীতা বৈষ্ণৱ সাহিত্যৰ পৰম্পৰাত গঢ় লৈ উঠা সাহিত্য জগতত সম্পূৰ্ণ নতুন দৃষ্টিভংগী। ৰমন্যাসবাদৰ ই এক বিশিষ্ট দান। কবিসকলে 'আপোনমনৰ মাধুৰী সানি ' কল্পনাৰ সৌৰভ ঢালি, আৱেগৰ মাদকতা সিঁচি কবিতাক 'সহৃদয়সংবাদী ' কৰি তোলা নতুন কাব্যনীতি ৰমন্যাসৰ প্ৰধান বৈশিষ্ট্য। এই ৰোমাণ্টিক প্ৰভাৱ দুটা পথেদি আহি অসমীয়া সাহিত্যত প্ৰৱেশ কৰিছিল
(1) বঙালী সাহিত্যৰ যোগেদি
(2) ইংৰাজী সাহিত্যৰ যোগেদি।
কল্পলোকৰ সৃষ্টিৰ জৰিয়তে আত্মমুক্তিৰ প্ৰচেষ্টা , প্ৰেম আৰু সৌন্দৰ্যৰ আৰাধনা, জাগতিক সৌন্দৰ্যৰ প্ৰতি বিস্ময়বিমুগ্ধ নেত্ৰ, প্ৰিয়াৰ ৰূপ আৰাধনা আৰু বিশ্বপ্ৰকৃতিৰ ৰূপত প্ৰিয়াৰ ৰূপদৰ্শন আৰু অতীন্দ্ৰিয়বাদ, জীৱন ৰহস্যভেদৰ বৌদ্ধিক প্ৰচেষ্টা আদি ৰোমান্টিক সাহিত্যৰ লক্ষণ।
গদ্যত সুসংহত বাক্য গঠনৰ ৰীতি, কবিতাৰ ছন্দ ৰীতি, উপন্যাস ৰচনাৰ চানেকি বংগ সাহিত্যৰ পৰা অসমীয়া লেখকসকলে গ্ৰহণ কৰিলে।
পদ্মনাথ গোহাঞিবৰুৱা,ৰজনীকান্ত বৰদলৈৰ হাতত উপন্যাস, বেজবৰুৱা আৰু চন্দ্ৰধৰ বৰুৱা আদিৰ হাতত নাটক, বেজবৰুৱা আৰু শৰৎ গোস্বামীৰ হাতত চুটিগল্পৰ বিকাশ লাভ কৰিলে।
ইংৰাজী শ্বুইফট, এডিচন প'প, ফিল্ডিং আদিৰ ব্যংগ ৰচনাৰ আদৰ্শত গদ্য আৰু পদ্যৰ সৃষ্টি হ'ল। বেজবৰুৱাই প্ৰবন্ধ আৰু ব্যঙ্গাত্মক খুহুটীয়া ৰচনা তথা সমালোচনা সাহিত্যত আগভাগ ললে।
এইদৰে জোনাকী কাকতৰ জৰিয়তে এটা নৱজাগ্ৰত সাহিত্যিক চেতনাৰ উদ্ভৱ ঘটিছিল,যাৰ ফলস্বৰূপে অসমীয়া সাহিত্যই উন্নতিৰ জখলাত দোপতদোপে আগুৱাবলৈ সক্ষম হৈছিল।
অসমীয়া সাহিত্য জগতলৈ জোনাকী কাকতে বহুতো অৱদান আগবঢ়াই গ'ল--
1/ৰমন্যাসৰ যোগেদি প্ৰকৃতিমূলক, প্ৰেমবিষয়ক, ছনেট, শোক কবিতা, ব্যঙ্গ কবিতা আদি বিভিন্ন প্ৰকাশক গীতি কবিতা সৃষ্টিয়ে অসমীয়া কাব্য জগতলৈএটি নতুন ধাৰা প্ৰবাহিত কৰিলে।
2/চুটিগল্প, উপন্যাস আৰু বিবিধ শ্ৰেণীৰ নিবন্ধ আদিয়ে গদ্য সাহিত্য বৈচিত্ৰময় কৰি তুলিলে।
3/ইংৰাজী নাটকৰ ট্ৰেজেদি, কমেডি, ফৰ্চৰ আদৰ্শত অসমীয়াতো তেনে পৰ্যায়ৰ নাটক ৰচনাৰ প্ৰয়াস আৰম্ভ হয়।
4/ 'জোনাকী','বিজুলীয়ে বহুতো নতুন লেখকৰ সৃষ্টি কৰি অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ পৰিপুষ্টি সাধন কৰিলে।
5/ অ,ভা,উ,সা সভাই বিভিন্ন শাখা তথা 'জোনাকী'ৰ জৰিয়তে সমগ্ৰ অসমতে সাহিত্য -সংস্কৃতিৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিছিল।
6/ ''জোনাকী'',''বিজুলী''ৰ সুস্থ প্ৰতিযোগিতাত দুয়োখন কাকতে লেখক সৃষ্টি কৰি সাহিত্যৰ এক সুস্থ বাতাৱৰণ সৃষ্টি কৰিছিল।
এনেদৰে অসমীয়া সাহিত্যৰ সৃষ্টি আৰু বিকাশত ''জোনাকী'' কাকতৰ অৱদান উল্লেখনীয়। 'জোনাকী' কাকতৰ উদ্ভাৱনে অসমীয়া সাহিত্যৰ গতি ,ৰূপ সলাই দিলে। ''জোনাকী''ৰ অবিহনে সাহিত্যই এক অপূৰণীয় ক্ষতি অনুভৱ কৰিলেহেঁতেন।
(সমল গ্ৰন্থৰ সহায় লৈ)