Type Here to Get Search Results !

সম্পাদকীয়

 বিশ্ব পৰিৱেশ দিৱস আৰু কৰণীয়



আজি বিশ্ব পৰিৱেশ দিৱস(৫ জুন)। আজি দিনটোত দেখা পাও যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান লগতে বিভিন্ন জনে বিভিন্ন ধৰণে দিৱসটো লগত সংগতি ৰাখি বহু কাৰ্যসূচী ৰূপায়ণ কৰে। ই আমাৰ বাবে যোগাত্মক দিশ। দিৱসটো আজিকালি প্ৰায় উৎসৱমুখৰ ভাৱে পালন কৰে তাৰ লগতে পৰিৱেশৰ প্ৰতি থকা আমালৈ সজাগতা আনি দিয়ে। আজি এই দিৱসত ৰূপায়ণ কৰা গছপুলি ৰোপনৰ কথাটোৰ কিছু দিশ ফহিয়াই চাব বিচাৰিছো……
   অৰণ্য মানৱ যাদৱ পায়েং দেৱে এষাৰ বৰ সুন্দৰ কথা কৈছিল যে- 'চৰাইয়ে গছ ৰোৱ জানে মাথো তাক ধ্বংস কৰিব নালাগে'। কাথাষাৰৰ যথেষ্ট তাৎপৰ্য দেখা পাও যে চৰাইয়ে বিভিন্ন ঠাইত মলত্যাগ কৰি দিয়াৰ ফলত তাৰ পৰা গছপুলি হয়। এইবোৰ যথাযথ স্থানত ৰোপন কৰিব পাৰিলে নিশ্চয়কৈ মানুহৰ মংগল হ'ব। সেয়ে এনে গছক যাতে ধ্বংস নকৰি আমি ৰাখিবলৈ যত্নপৰ হওঁহক।
  পৰিৱেশ দিৱসত বহু গছপুলি ৰোপন কৰা হয় উক্ত দিনটোত তাৰে বহু সংখ্যক পুলি দিৱসটিৰ পাছত যত্নৰ অভাৱত অকাল মৃত্যু হোৱাৰ দৰে হয়।(কিছুৱে যত্ন লৈ ডাঙৰ কৰে)। সেয়ে এই দিনটোত একান্তই আশাকৰো যে আমি কমকৈ লাগিলে ৰোপন কৰো তাকে উচিত প্ৰতিপালন কৰি দিৱসটিক সাৰ্থকতা ৰূপ দিও আৰু জীৱকুলক অক্সিজেন যোগান ধৰো নিজৰ লগতে আনৰ বাবেও।
সকলোটিলৈ আন্তৰিক শুভকামনাৰে।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
৫/৬/২০২২