সবিতা বৰুৱা ফুকন
তুমি আছা বাবেই মই
পৃথিৱীলৈ পৰিৱৰ্তন হ'লো।
তুমি আছা বাবেই
হেৰাই যাব খোজা
মোৰ উশাহবোৰ
বাৰে বাৰে আহিছে উভতি!
তুমি নথকা হ'লে,
দূৰৰ নীলা পাহাৰখন,
শাওনৰ বৰষুণ, ফাগুনৰ মলয়া আৰু ব'হাগত
কুলিৰ মাতে মোক
উতলা নকৰিলে হেঁতেন !
এতিয়া পৃথিৱীখনেই মোৰ বাবে সমাহিত সেউজীয়া
কেতিয়াবা ভাৱ হয়
তুমিয়েই নেকি মোৰ
শেষ নিশাৰ সপোন ?
যাৰ বুকুত মূৰ থৈ
বহু উজাগৰী নিশাৰ
ক্লান্তি পূৰাব পাৰো !
নাজানো, কিমান গুনৰ
অধিকাৰী হ'লে
অনুভৱ কৰিব পাৰি
নিৰাপত্তা !
তথাপি.......
তুমি আছা বাবেই মই
পৃথিৱীলৈ পৰিৱৰ্তন হ'লো ।