Type Here to Get Search Results !

মোৰ কবিতাত নিজকে বিচাৰি চোৱা তুমি

 বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ


মোৰ কবিতাত
তুমি নিজকে বিচাৰি চোৱাচোন
এবাৰ মাথোঁ এবাৰহে
তাতেই পাবা তোমাক বিচাৰি
মই যে তোমাক  ভালপাওঁ  সেয়া নুবুজিবা তুমি
জানো তুমি বুজিবও নিবিচাৰা।

হাঁহিৰে দুখবোৰ
কেতিয়াবা  লুকুৱাব  চেষ্টা কৰো
গোপনে  কান্দি  কান্দি
ভাগৰি পৰো  সেয়া মই ভাবো
মোৰ ভুলৰ আৰু পাপৰ ফলৰ বাবে এই অৱস্থা
তোমাৰ যে গাত একো দুখ নাই।

তোমাক যে মই
সুখৰ  বাদে  আন  একো  দিববৈ
নিবিচাৰোঁ  কাৰণ  মই 
তোমাক  ভাল পাওঁ  তুমি নহয়
তুমি আঁতৰি  যোৱা মই  আঁতৰি যাবলৈ  কৈছোঁ
মোৰ বাবে  জীৱন ধ্বংস কৰিবা।

সেই কথাবোৰক
পাহৰি পেলোৱা তুমি লাহে লাহে
এইটোকো পাহৰি যোৱা
যিবোৰ মৰম  মোক দিছা সানি
ভৰিৰে মোহাৰি  মোহাৰি  শেষ কৰি  দিয়া আশা 
যাক মই তোমাক লৈ ভাবিছিলোঁ।

✍️
     ঘৰ:- কাকী,,,,
     জিলা:- হোজাই লংকা
     তাৰিখ:-২৫/০৫/২০২২
     ফোন নং:-৬৩৬১২৬৬৪৮২