Type Here to Get Search Results !

মানৱ সমাজৰ কল্যাণ সাধনতঃ শ্ৰীমন্ত শংকৰদেৱ

 ৰঞ্জিত চুতীয়া


  শংকৰদেৱৰ সমসাময়িক সমাজখন সামাজিক অৰাজকতা আৰু বিশৃংখলতাৰে পৰিপূৰ্ণ আছিল। তেওঁ মানুহৰ মাজৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰি হিংসা-বিদ্বেষৰ অৱসান ঘটাই সামন্তবাদী সমাজ ব্যৱস্হাৰ পৰিৱৰ্তন সাধন কৰি সমন্বয়ৰ ডোলেৰে বান্ধি জাতীয় জীৱনক শক্তিশালী কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। দয়া, ক্ষমা, পৰোপকাৰ, সাধুতা, উদাৰতা, সত্যবাদিতা আদি মহান গুণসমূহৰ বিকাশ সাধন কৰি জনসাধাৰণক নৈতিক আৰু আধ্যাত্মিক জীৱন যাপনৰ প্ৰতি উৎসাহিত কৰিছিল। তেওঁৰ চিন্তা আৰু আদৰ্শৰ মাজতে নিহিত হৈ আছে মানৱ আৰু মানৱ সমাজৰ প্ৰতি কল্যাণকামী মনোভাৱ।
                          নিৰক্ষৰ জনসাধাৰণক ব্ৰক্ষ্মজ্ঞান প্ৰদান কৰি ভক্তিৰ জৰিয়তে মুক্তিৰ পথ প্ৰশস্ত কৰাত গুৰুত্ব প্ৰদান কৰিছিল। শংকৰদেৱ এগৰাকী মানৱতাবাদী পুৰুয় আছিল আৰু সেয়ে মানৱীয় মূল্যবোধক তেওঁ সততে গুৰুত্ব প্ৰদান কৰিছিল। সমাজৰ পিছপৰা আৰু শোষিত জনক মুক্তিৰ পথ প্ৰদৰ্শন কৰাত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ আজীৱন মানৱ কল্যাণৰ প্ৰয়াস কৰিছিল আৰু জীৱ মাত্ৰেই ঈশ্বৰৰ অংশ বুলি উপলব্ধি কৰি জীৱ-জন্তুৰ প্ৰতিও দয়াৰ ভাৱ পোষন কৰিবলৈ উপদেশ দি কৈছিল --
         "হেন জানি অসুৰ স্বভাৱ এৰি।
          সমস্ত প্ৰাণীকে পূজা বিষ্ণু বুদ্ধি কৰি।।"

                        শংকৰদেৱে জাতিভেদ, বৰ্ণ বৈষম্য দূৰ কৰি এখন শ্ৰেণীহীন সমাজ গঠন কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তাৰ বাবে সামাজিক ব্যৱধান দূৰ কৰি সকলোকে আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কাৰণে অনুপ্ৰাণিত কৰিছিল। মানৱীয় গুণৰাজিৰ বিকাশ সাধনৰ যোগেদি বিনয়, দয়া, সত্যবাদীতা, সহিষ্ণুতা, পৰোপকাৰ আদি গুণৰ বিকাশ সাধন কৰি সমাজৰ কল্যাণ সাধন কৰাই আছিল তেওঁৰ মূল উদ্দেশ্য। মানুহৰ মহত্ব প্ৰতিষ্ঠাৰ কাৰণেই শংকৰদেৱে ধৰ্মক আধাৰ স্বৰূপে গ্ৰহণ কৰিছিল। মানৱতা আৰু মানৱ সমাজৰ কল্যাণ সাধনেই আছিল তেওঁৰ জীৱনৰ প্ৰধান ব্ৰত।
                        শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূল উদ্দেশ্য আছিল - নিৰক্ষৰ জনসাধাৰণক ব্ৰক্ষ্মজ্ঞান প্ৰদানৰ লগতে মুক্তি পথৰ সন্ধান দিয়া। সেয়েহে এই ধৰ্মত নৱবিধা ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তন ভক্তিক শ্ৰেষ্ঠ স্হান দিছে। শ্ৰৱণ-কীৰ্ত্তনে  ভক্তিৰ অন্যান্য স্তৰলৈ যাবৰ বাবে দুৱাৰ মুকলি কৰি দিয়ে। নৱবিধা ভক্তিৰ প্ৰতিটো স্তৰতে শ্ৰৱণ-কীৰ্ত্তন অপৰিহাৰ্য। এই শ্ৰৱণ-কীৰ্ত্তনৰ দ্বাৰাই ভক্তই আত্ম নিবেদনৰ স্তৰলৈ গৈ শৰণাগতি লাভ কৰিব পাৰে। মায়াৰ বন্ধন নোহোৱাকৈ নিৰ্গুণ ভক্তি অৱস্হাতো শ্ৰৱণ-কীৰ্ত্তন ভক্তি চলি থাকিব পাৰে। সেয়েহে মহাপুৰুষীয়া ধৰ্মত শ্ৰৱণ-কীৰ্ত্তনক শ্ৰেষ্ঠ স্হান দিয়া হৈছে। কীৰ্ত্তন, দশম, ভক্তি ৰত্নাকৰ,ভক্তি প্ৰদীপ, নিমি নৱসিদ্ধ সংবাদ, নামঘোষা, ভক্তি ৰত্নাৱলী, ভক্তি বিৱেক, ভাগৱতৰ অনুবাদ আদি বৈষ্ণৱ গ্ৰন্হ সমূহত শ্ৰৱণ-কীৰ্ত্তনৰ মহিমা ব্যক্ত কৰা হৈছে। এই প্ৰসংগত মহাপুৰুষ জনাই কৈছে --
                   "যদ্যপি ভকতি নৱবিধ মাধৱৰ।
                    শ্ৰৱণ-কীৰ্ত্তন তাতো অতি শ্ৰেষ্ঠতৰ।।"
                
               হৰিভক্তিয়ে মনুষ্য জীৱনক সাৰ্থক কৰে আৰু সেয়াই পৰম্পদ লাভৰ একান্ত উপায়। সেয়ে শংকৰদেৱে আধ্যাত্মিকতাৰ আশ্ৰয় লৈ অমূল্য মানৱ জীৱনক পৰিপূৰ্ণ কৰি তুলিবলৈ আহ্বান জনাইছেঃ
             "দুৰ্লভ মনুষ্য জন্ম নকৰা নিস্ফল।
              চিন্ত মনে মাধৱৰ চৰণ কমল।।
              হৰিসে সবাৰো আত্মা বান্ধৱ ঈশ্বৰ।
              মায়াময় ইটো পুত্ৰ-ভাৰ্যা কলেৱৰ।।"
                  সেইবাবেই মোহাচ্ছন্ন জীৱনৰ কল্পতৰু স্বৰূপ হৰিভক্তিৰ আশ্ৰয় গ্ৰহণ কৰিবৰ বাবে ভক্তসকলৰ প্ৰতি আহ্বান জনাইছে।