Type Here to Get Search Results !

লোক সাহিত্যৰ অনন্য উপাদান"নিচুকনি গীত"

অনামিকা বুঢ়াগোহাঁই ফুকন



 নিচুকনি গীত লোকসাহিত্যৰ এক প্ৰধান অংগ। সাধাৰণতে লোকসাহিত্যৰ ৰচনাৰ নিদিষ্ট স্থান -কাল পাত্ৰ নিৰ্ধাৰিত কৰিব নোৱাৰি।নিচুকনি গীত সমূহো প্ৰথমে ক'ত, কেতিয়া কিয় আৰু কেনেকৈ গোৱা হৈছিল তাৰ প্ৰমাণ নাই যদিও সৰু ল'ৰা ছোৱালীক নিচুকাই শুৱাবৰ কাৰণেই যে এই গীতবোৰ গোৱা হৈছিল সেয়া নিশ্চয় কৈ ক'ব পাৰি।শিশুক কল্পনাপ্ৰৱন,অনুসন্ধিৎসু কৰি,মনত কৌতুহল আৰু আমোদ জগাই তুলি টোপনি নিয়াবৰ কাৰণে এই শ্ৰেণীৰ গীতৰ সৃষ্টি বুলি ক'ব পাৰি। নিচুকনি গীতবোৰে কণমানিহঁতৰ মনত এখন ভাৱনাৰ জগত আনি দিয়ে। প্ৰতিটো গীততে থকা এনেবোৰ শব্দ,সুৰে অকণিহঁতৰ কল্পনাৰ জগতখনত বিভিন্ন ধৰণেৰে বুজা-নুবুজাৰ বহুতো প্ৰশ্নই উদ্বেগৰ সৃষ্টি কৰে।তেনেধৰণেৰে ভাবি ভাবি আকণিহঁত নিজ নিজ মাতৃৰ কোলাত, নহ'লে আইতাকৰ কোলাত টোপনি যায়। এই নিচুকনি গীতবোৰে শিশুসকলক কিছুমান বস্তুৰ প্ৰতি ধাৰণা এটা আনি দিয়ে।মানসিক বিকাশৰ এক উত্তম ব্যৱস্থা হ'ল নিচুকনি গীত। মাকৰ কাৰনে যেনেকৈ সন্তান মৰমৰ,ঠিক সেইদৰে নিচুকনি গীতবোৰো একোটা জাতিৰ কাৰনে মৰমৰ। নিচুকনি গীতবোৰৰ উদ্দেশ্য একে যদিও এইবোৰৰ ভাৱবস্ত কিন্তু সুকীয়া। কেচুঁৱাক শুৱাবৰ বাবে এই গীতবোৰ গোৱা হয় যদিও ইয়াত বিভিন্ন ভাৱবস্তৰ সমাহাৰ ঘটিছে।

        লোকসাহিত্য সমূহ কেৱল দেশৰ জনসাধাৰণেহে উপভোগৰ আৰু উপলব্ধিৰ যোগ্য। বাহিৰৰ মানুহৰ তাত প্ৰবেশ কৰাৰ অধিকাৰ নাই।একো একোখন সমাজৰ উমৈহতীয়া অনুভৱত লোক সাহিত্যৰ সৃষ্টি,যাৰ লগত জড়িত থাকে সমাজখনৰ প্ৰতিজন মানুহৰে ভাল, চিন্তা আৰু কল্পনা। অধিক সংখ্যক নিচুকনি গীতৰেই মূল বিষয় হ'ল-সোনমইনা শোৱা,মা তোমাৰ ওচৰতে আছে নিশ্চিন্তে টোপনি যোৱা।
       আমাৰে মইনা শুব এ

         বাৰীতে বগৰী ৰুব এ
           বাৰীৰে বগৰী পকি সৰিব
      মাইনাই বুটলি খাব।
           সাধাৰণতে নিজৰ সন্তান চৰিত্ৰবান,সৎ হোৱাটো প্ৰতিজন মাক-দেউতাকে কামনা কৰে আৰু এনেকুৱা প্ৰতিশ্ৰুতি নিচুকনি গীতৰ মাজত উজ্বল হৈ উঠিছে।এই প্ৰতিশ্ৰুতি সমূহৰ প্ৰকাশভঙ্গী পৰিবেশ তথা গায়কৰ কল্পনাশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান নিচুকনি গীতৰ মাজত কেচুঁৱাক ভয় দেখুওৱাৰ ছবি দেখা পোৱা যায়।ভয় খালে কেচুঁৱাই মনে মনে থাকে, সেইবাবে কেতিয়াবা ধেমালিৰ চলেৰে অথবা কেতিয়াবা ভয়ৰ ভাৱ প্ৰদৰ্শন কৰি টোপনি অনাৰ চেষ্টা কৰা হয়। বিভিন্ন কাৰণত যেনে সন্তানক খোজ কঢ়ুৱাবলৈ,আঙুলিৰ ব্যৱহাৰ শিকাবলৈ,টোপনিৰ পৰা জগাবলৈ আদি বিভিন্ন কাৰণত নিচুকনি গীতৰ প্ৰয়োগ লোকসাহিত্যত দেখা যায়। যিবোৰে শিশু উপযোগী গুণাবলীৰ নিৰ্দেশ দিয়াৰ লগতে লোক শিক্ষামূলক ব্যৱস্থাৰ এখন ছবিও দাঙি ধৰে এই গীতবোৰ শিশুৰ দৰে সুকোমল আৰু মনোৰম, গতিকে যেতিয়ালৈকে শিশুৱে কান্দিব আৰু মাকে নিচুকাব তেতিয়ালৈকে গীতবোৰ জনসমাজত প্ৰচলিত হৈ থাকিব।