আলোকপাতঃ-সুৰভি বৰ পাত্ৰ গোহাঁই
কাব্যসংকলন "সৰা পাতৰ উচুপনি" ৰাহুল জ্যোতি বৰাৰ প্ৰথম খন কাব্য সংকলন ।
" তেজক চিঞাহীলৈ ৰূপান্তৰ কৰা যান্ত্ৰণাই কবিতা।" ৱৰ্ডছৱৰ্থৰ এই আপ্তবাক্যই যদি শুদ্ধ হয় তেন্তে ক'বই লাগিব মোৰ মন গহ্বৰত অনবৰতে খুন্দিয়াই থকা যন্ত্ৰণাৰ উপশম পাবৰ বাবে সেৱন কৰা একোপালি দেৱাই হ'ল মোৰ বাবে একো একোটি কবিতা " এইয়া কবি ৰাহুল জ্যোতি বৰাই কাব্যসংকলন খনৰ বাটচ'ৰাতে উল্লেখ কৰা মনৰ অনুভৱ । চিকিৎসা বিভাগৰ এজন ব্যস্ত কৰ্মী হৈও সাহিত্যৰ পথাৰ জীপাল কৰি তুলিছে তেখেতৰ অনৱদ্য সৃষ্টি ৰাজীয়ে। ফেচবুকৰ বিভিন্ন সাহিত্য চৰ্চা গোটৰ উপৰিও, আগশাৰীৰ বাতৰি কাকত, আলোচনীত ৰাহুল জ্যোতি বৰাৰ কবিতা প্ৰকাশ পাইছে । তাৰোপৰি তেখেতে গল্প আৰু কবিতা প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে।
"সৰাপাতৰ উচুপনি" কাব্য সংকলন খন অসম বাৰ্তা গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে। বেটুপাত - অসম বাৰ্তা গোষ্ঠী,
মূদ্ৰণ-অমিয়া প্ৰিন্ট ক্ৰাফ্ট, দহাবৰা চুক যোৰহাট - ১। লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত।
চল্লিশ উৰ্ধৰ কবিতাৰে সমৃদ্ধ কাব্যসংকলনত প্ৰকৃতি প্ৰীতি, মানুহ আৰু মানৱীয়তা, প্ৰেম, আশা, নিৰাশা, বিশেষকৈ মাটিৰ গোন্ধ থকা বেছিভাগ কবিতাই পাঠকৰ অন্তৰ চুবলৈ সক্ষম হৈছে । গভীৰ অৰ্থবহ অনুভৱৰে কবিয়ে কাব্যিক চিত্ৰপট নিৰ্মাণ কৰিব পাৰিছে। শব্দ শৈলীৰ ব্যৱহাৰ আৰু ভাষাৰ গাম্ভীৰ্যতাই কবিতাবোৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।প্ৰিয় কবি গৰাকীৰ অনুভৱৰ গভীৰতাই কাব্যজগতত বিশাল মননশীলতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। কাব্যিক ব্যঞ্জনত জটিলতা নাই যদিও প্ৰায় বোৰ কবিতাই প্ৰতীকধৰ্মী। অৱশ্যে পাঠকে মনোযোগেৰে হৃদয়ংগম কৰিলেই কাব্য সংকলন খনৰ গভীৰতা উপলব্ধি কৰিব পাৰিব।
কাব্যসংকলনৰ নাম ভূমিকাত উল্লেখিত "সৰাপাতৰ উচুপনি" নামৰ কবিতাটোৰ সৰাপাতৰ প্ৰতীকিৰে জীৱনবোধৰ এটা গভীৰ তত্ত্বগধুৰ অনুভৱৰে কাব্যিক চিত্ৰপট অংকণ কৰিছে। সেউজীয়া পাতে বিৰিখৰ শুভাবৰ্ধন কৰি প্ৰকৃতি বিনন্দীয়া কৰি তোলে, ঠিক তেনেদৰে জীৱনৰ শৈশৱ, কৈশোৰ আৰু যৌৱন কালৰ প্ৰতিটো মূহুৰ্তই জীৱন মধুময় কৰি তোলে। ভৰ দুপৰীয়াৰ প্ৰখৰ উত্তাপে জীৱন যৌৱনৰ সুমধুৰ মূহুৰ্তৰ কথা সোঁৱৰাই দিয়াৰ দৰে সেউজীয়া বিৰিখে আৱৰি থকা সময়ে এজোপা গছৰ পৰিপূৰ্ণতা দিয়ে। কিন্তু ফাগুনৰ ধূলিয়ৰি পৃথিৱীয়ে সেউজীয়া পাতবোৰ ধূসৰিত কৰিলে, পছোৱা জাকে পাতবোৰ সৰুৱাই লঠঙা কৰিলে পাতবোৰৰ বিননি চাবলৈ কোন আহে বাৰু ? যেনেকৈ মানৱ দেহৰ পৰা আত্মা ওলাই যোৱা পাছত দেহৰূপী জঁকাটো মূল্যহীন হৈ পৰে । সময়ৰ সোঁতত সৰাপাত বিলীন হৈ যোৱাৰ দৰে মানৱ জীৱনো হেৰাই যায় সময়ৰ সোঁতত। কবিয়ে সৰাপাতৰ প্ৰতীকেৰে জীৱনবোধৰ এটা সাৰ্থক কবিতা পাঠকক উপহাৰ দিলে । ( সৰাপাতৰ উচুপনি, পৃষ্ঠা নং ৭)
"আঘোণৰ কোঁহে কোঁহে বৈ অহা কুঁৱলীৰ স্পৰ্শত/ সেউজীয়া বৰণৰ পাতবোৰে শীত সহিব নোৱাৰি/কোনোবা এটা ফাগুনৰ আবেলি বননিত বিনাই বিনাই /হালধীয়া ৰঙেৰে সৰাপাত হৈ সৰি পৰে। / ঠিক তেনেদৰে কবিয়ে সৰাপাতৰ বেদনাৰ কথা কবিতাৰ অন্তিম স্তৱকত উল্লেখ কৰিছে, " সৰি পৰা সৰাপাতেৰে কোনেও মালা গুঠিব আগ্ৰহ নকৰে /নকৰে সৰাপাতৰ ৰঙীন দলিছা সাজিবলৈ, /নাযাচে কোনো প্ৰেমিকে প্ৰেয়সীক শুকান সৰাপাত /কেৱল মাথোঁ উচুপি উচুপি সৰাপাতে/বিষাদেৰে সময়ৰ সোঁতত হেৰাই যায়।" কবিৰ অনুভৱে সহজেই পাঠকৰ মনত ৰেখাপাত কৰিছে । জীৱন বোধৰ তাত্বিক দিশৰ বিপৰীতে কবিৰ কবিতাত দেখা যায় সাম্প্ৰতিক সময়ত দেখা দিয়া
মহামাৰীয়ে সংহাৰ কৰা দুৰ্বিসহ ছবি । য'ত মৃত্যুৰ কিৰিলিয়ে কবিৰ হৃদয় ব্যৰ্থিত কৰি তুলিছে। কত স্বামীহাৰা, কত পিতৃহাৰা, মাতৃহাৰা, পুত্ৰহাৰা মাতৃৰ কৰুণ বিননিয়ে জীৱন যাত্ৰাত কাল অমানিশা নমাই আনিছে সেইয়া কবিৰ অনুভৱত স্পষ্টকৈ প্ৰকাশ পাইছে। "
" নৰীয়া পৃথিৱীয়ে শ শ মৰাশ/ বুকুৰ মাজত আঁকোৱালী /সিক্ত নয়নৰ চকুপানী নিগৰাই /বিদায় ক্ষণৰ দুৱাৰ দলিত উপস্থিত হৈ /মৌন হৈ উচুপি উঠিছে। " পৃথিৱীৰ অসুখত মানুহৰ মৃত্যুত দুখত ম্ৰিয়মান কবিৰ অনুভৱৰ দলিছাত কেতিয়াবা প্ৰকৃতিৰ পৰিবৰ্তনে জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ। বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুলৈ আনন্দৰ বন্যা আদৰি অনাৰ দৰে কবিৰ অনুভৱৰ চোতালত ফুলি উঠে সুগন্ধি খৰিকাজাঁই। ঢোলৰ ধিনিকি মাতে, পেপাঁৰ টিহিটি মাতে মন কৰে ৰাইজাই । কাব্যসংকলনৰ (বসন্তৰ আগমন নামৰ কবিতাটোত পৃষ্ঠা নং ৩৮,)তাৰেই উমান পোৱা যায় ।
"খিৰিকীখন জপাই থও বুলি খিৰিকীৰ কাষত ৰৈ /শুনিবলৈ পাইছোঁ ঢুলীয়াৰ ঢোলৰ চাপৰৰ তালে তালে / কুঁহিপাতৰ আঁৰত বহি খুলি চৰাইজনীয়ে/বসন্তৰ আগজাননীৰ বতৰা লৈ গোৱা অবিৰত কন্ঠ।" এইদৰেই কবি ৰাহুল বৰাৰ কাব্যসংকলন খনৰ প্ৰতিটো কবিতা হৃদয়ংগম কৰি পৰিতৃপ্তি লভিব পাৰি।
মোৰ ক্ষুদ্ৰ অনুভৱৰে কবিৰ কাব্য সংকলন খনৰ কেইটামান কবিতাৰ চমু আলোকপাত কৰিলোঁ। অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। শেষত কবিৰ নিত্য নতুন অভিনৱ অনুভৱে সৃষ্টিৰ পথাৰ জীপাল কৰি তোলক, তাকেই কামনা কৰি মোৰ চমু আলোকপাত ইমানতে সামৰিলোঁ ।