দীপজ্যোতি বৰগোহাঁঞি
লেচাই বুঢ়া গোহাঁইৰ জীয়েক মোৰ আইতা চন্দ্ৰদাৰু সুন্দৰী বৰ ৷দেউতা হৈছিল লাইথেপেনা বৰ গোহাঞি মাদুৰি চহৰত ঘৰ ""এই মালিতা ফাকিয়ে ১৬৮০ খৃষ্টাব্দৰ মহিয়সী জয়মতী কুঁৱৰীৰ জন্মস্থান যে বুৰঞ্জী প্ৰসিদ্ধ মাদুৰি সেই কথাৰ পৰিচয় দিয়ে ৷ছ’অঁৰা ককাই ভাই এঘাৰজনী মাহী আই তেৰ বাই ভনীৰ ঘাই ৷মাদুৰি চহৰত ডাঙৰ হৈ আছিলো আই বোপাইৰ আহঙত খায় ;"এই মালিতা শাৰীয়ে মহিয়সী জয়মতীৰ জন্মস্থান ;পিতৃ ;মাতৃ ;ককাই ভাই ;মাহীমাক ;আৰু বাই ভনী সকলৰ পৰিচয় দাঙি ধৰাৰ কথা প্ৰকাশ পাইছে ৷আকৌ মালিতা উল্লেখ আছে --যে ;বৰগোহাঁইৰ আছিলো জী ;গদাপানি কোঁৱৰে নিলে তুং খুংলৈ চকলং বিয়াকৈ দি ;যি মালিতা বহু আলোচিত তথা বিতৰ্কিত ছশবছৰীয়া আহোম ৰাজত্ব কালৰ সত্যাগ্ৰহী সেই সময়ৰ ৰাজতন্ত্ৰৰ বিৰোদ্ধে ৰাজদ্ৰোহ ঘোষণা কৰা বিশ্বৰ ইতিহাসত প্ৰথম বাৰৰ বাবে নিজৰ ৰাজ্যক লগতে স্বামীৰ মংগলৰ বাবে স্বাৰ্থলোভী ডাঙৰীয়াৰ প্ৰৰোচনাত নিষ্ঠুৰ চাওডাংৰ নিৰ্মম অত্যাচাৰত চৈধ্যটাকৈ দিন জেৰেঙা পথাৰত প্ৰাণ ত্যাগ কৰা মহিয়সী সত্যাগ্ৰহী জয়মতীৰ জন্ম গৃহৰ গাঁও ঐতিহাসিক মাদুৰি ৷বুৰঞ্জীৰ বুকুত উল্লেখ আছে আজিও ঐতিহাসিক মাদুৰি চহৰৰ লাইথেপেনা বৰ গোহাঞিৰ ঔৰসত আৰু তেখেতৰ পত্নী চন্দ্ৰদাৰুৰ গৰ্ভত জয়মতী কুঁৱৰীয়ে জন্ম গ্ৰহণ কৰিছিল ৷মাদুৰি চহৰ আহোম ৰাজ্যৰ ৰাজধানী ৰ পশ্চিম দিশত সাতকি’লমিটাৰ দুৰত্বত অবস্থিত ৷ঐতিহাসিক মাদুৰি চহৰৰ পুবে ঐতিহাসিক জয় -খাম -ডাং খাট ;বা পথাৰ ;লিকচন গাঁও ;পশ্চিমে লাহন গাঁও; আৰু যোগী জতকীয়া ;গাঁও ;উত্তৰে গজপুৰীয়া বা বৰ আলি ;দক্ষিণে ঐতিহাসিক বাঁহ গঢ় ;সিপাৰে বৰা খোৱা খাট বা পথাৰ কেতেকীবাৰী ৷উল্লেখ্য যে মাদুৰি চহৰ হোবাৰ আগতে এই অঞ্চল বৰাহী সকলৰ অধ্যুষিত অঞ্চল আছিল ৷যদিও ঠাইখনৰ পুৰণি নাম ভাজনি আছিল ৷জনশ্ৰুতি য়ে কয় যে ;এই অঞ্চলত অতীজতে চোকা তিনিশীৰিয়া তৰোৱাল সদৃশ দীঘল পাতৰ এবিধ বিশেষ ঘাঁহ পৰ্যাপ্ত পৰিমাণে পোৱা গৈছিল যি ঘাঁহে হাড়লৈকে কাটিনিছিল ৷ ;কথিত আছে যে সেই বন বিধ এই অঞ্চলত পৰ্যাপ্ত পৰিমাণে পোৱা গৈছিল বাবেই অঞ্চলটোৰ নাম মাদুৰি হ’ল ৷যি মাদুৰি বনৰ কঠ মাদুৰিৰ প্ৰতিঝৰ সম্ভান্ত লোকৰ পৰিয়ালৰ অতি আদৰৰ আৰু মান্য বস্ত বুলি গ্ৰাহ্য কৰিছিল ৷আৰু প্ৰতিটো পৰিয়ালে অন্তত;এখন মাদুৰি বনৰ কঠ ঘৰ ৰাখিব পাৰিলে গৌৰৱ অনুভব কৰিছিল ৷লগতে ডাঙৰীয়া ধৰ্মগুৰু সকলে মাদুৰি বনৰে সজা কঠত বহিছিল আৰু পৰবৰ্তী সদয়ত আহোম ৰাজ্যলৈ সুদুৰ বাগদাদৰ পৰা অহা মুছলমান ধৰ্ম প্ৰচাৰক আজান ফকীৰে মাদুৰি বনৰ কঠত বহি ছকুৰি ভকত লৈ আল্লাৰ নাম লোবাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷এইদৰে "দিখৌ নৈ কাষৰি স’ৰাগুৰি চাপৰি ;ৰজাই বন্ধাই দিয়া মঠ ছকুৰি ভকতে লয় আল্লাৰ নাম মাদুৰি বনৰে কঠ ====" লগতে মাদুৰি কঠ খন পবিত্ৰ আৰু মান্য বস্তু বুলি সেই সময়ত গ্ৰণ্য কৰা হৈছিল ৷স্বৰ্গদেউ চুকাফাই মুংৰিমুংৰাম ৰাজ্যৰ পৰা সৌমাৰলৈ আহোতে লগত লৈ অহা বৰগোহাঁই জন আছিল থাওমুংকানঙগন "তেওঁৰ ছয় পুৰুষৰ পাছত চাওমুং বাণ্ডুক স্বৰ্গদেউ চুহানফাৰ দিনত ৰাজমন্ত্ৰী হয় ৷উল্লেখ্য যে ;প্ৰকাশিত অপ্ৰকাশিত বুৰঞ্জীত এই গৰাকী বৰগোহাঁইৰ নাম ত্যাওকান বানৰেক বা চাওকাংবানৰেফ নামেৰে উল্লেখ থাকিলেও আচলতে তেওঁৰ নাম "চোকাংবাণ্ডুক হে ৷এইজনা বৰগোহাঁইৰে লাংৰাক ;লাঙিখেনটৌ ;লাইহোং ;ওৰফে ফ্ৰচেংমুং ;লাংহেন ;লাংথান ;লাংলাও ;আৰু লাংচুক নামেৰে সাত জন পুতেক আছিল ৷এওঁৰ দিনতে বৰগোহাঁই বংশৰ ফৈদ সমুহ নামকৰণ কৰি বিভিন্ন স্থানত বহুৱালে ৷আৰু মাদুৰিত বহুওৱা পৰিয়ালটোক মাদুৰিয়াল ফৈদ বোলা হ’ল ৷সেই সকল আছিল লাংলুৰ ;লাংলাও ;আৰু খামপেত ৷স্বৰ্গদেউ চুচেংফাৰ দিনত ৰাজমন্ত্ৰী হৈছিল ৷তেখেতৰ বৰপুত্ৰৰ লাংখুৰুৰ নাতিয়েক লেচাইদাঙে চুচেংফাৰ দিনতেই সলাল গোহাঁইৰ বিষয় বাব পাইছিল ৷ লেচাইদাংৰে তৃতীয় পুত্ৰ লালুক ফুকনৰ বৰ পুতেক লাইথেপেনা বৰ গোহাঁই হ’ল জয়মতীৰ পিতৃ ৷লাইথেপেনা বৰ গোহাঁইৰ দুজন ভায়েক লাংকু আৰু পেনন ৷লাংকু ৱে ৰাজখোবা বিষয় বাব খাইছিল আৰু পেননে কি বিষয় বাব খাইছিল সেই ক্ষেত্ৰত বুৰঞ্জী নিমাত (জয়মতী কুঁৱৰী ১৫৬ )৷ছশ বছৰীয়া আহোম ৰাজত্ব কালত মাদুৰিৰ গুৰুত্ব অনবৈদ্য আৰু উল্লেখনীয় আছিল ৷জয়মতীৰ পিতৃ লাইথেপেনা বৰ গোহাঁই স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত (১৬৭০-১৬৭৩)সলাল গোহাঁইৰ বিষয় বাব খাইছিল ৷উল্লেখ্য যে লাইথেপেনা বৰ গোহাঁইয়ে সলাল গোহাঁইৰ ক্ষমতাৰে নিশ্চয় শৰাইঘাটৰ যুদ্ধত কোনোবা এটা খণ্ডত সেনাপতি হিচাপে সাহসৰে নেতৃত্ব দিছিল ৷ (সহায় লৈ খ্বামৰাপ স্মৃতি গ্ৰন্হ ;আৰু মাদুৰিৰ প্ৰয়াত বুৰঞ্জী বিদ পদ্ম বৰ গোহাঁইলৈ কৃতজ্ঞতা লগতে নিজা ক্ষেত্ৰ অধ্যয়ন আগলৈ