গীতাঞ্জলি দেৱী
আকাশলৈ দুহাত মেলি থকা পথাৰখন গোন্ধাইছে,
উঁইচিৰিঙাৰ গাঁত বিচাৰি বৰষুণজাকেও দীঘলকৈ খোজ পেলাইছে ।
জিকাফুলীয়া যৌৱন সঁপি কোনে
নাচে দেওধ্বনি নাচ,
উদুলি-মুদুলি আগলি বতৰা
কোনে সিঁচে ? কোনে সিঁচে কৰদৈয়া শইচ ।
ঐদেহে-বৈদেহে নদীয়াল মানুহ
তথাপি এৰিব নোৱাৰি ফুলাম পথাৰখনৰ মোহ
আকালে-বিকালে তেজে-ঘামে নাঙলৰ সীৰলুত দেখে এখুদ সপোন ,
পাই হেৰুৱাই, হেৰুৱাইও পাব খোজে একাঁজলি সুখ।