ভূমিত্ৰা দাস
সৰুতে দেউতাকক হেৰুৱা ৰূপ আৰু দ্বীপক চুবুৰীয়াৰ লগতে আত্মীয় কুটুম্ব সকলেও বহু পৰিমাণে সহায় কৰিছিল। খোৱা- পিন্ধা , পঢ়া- শুনা সকলোতে সকলোৱে হাত উজান দিছে । দ্বীপ সৰুৰে পৰা চোকা। সি পঢ়াত খুবেই ভাল । ওচৰৰে স্কুলৰ শিক্ষক এজনে তাৰ পঢ়াৰ দায়িত্ব ল'লে। ৰূপৰ দায়িত্ব ও দুই এজন শিক্ষকে নিজাকৈ ল'লে । চৰকাৰী স্কুলত পঢ়ি দুয়ো উচ্চ শিক্ষাৰ বাবে বাহিৰত পঢ়িবলৈ গ'ল। দুয়ো উচ্চ পদবীত কৰ্মৰত । ৰূপ দিল্লীত আৰু দ্বীপ বিদেশত থাকে। পঢ়া-শুনাৰ লগতে কৰ্ম জীৱনৰ দায়িত্বৰ মাজত থাকি সিহঁতে নিজৰ জন্মদাত্রী মাকৰ লগতে নিজৰ ওপজা ঠাইখনো পাহৰি গ'ল।
সময়ত মাকে ৰূপৰ বিয়াৰ বাবে তাক কোৱাত সি নিজেই কৈছিল "মা মই নিজেই ইয়াত ছোৱালী এজনী ঠিক কৰি থৈছো সুবিধা মিলাই বিয়াখন পাতিম। তুমি আহিব লাগিব লগতে ভাইটিৰো সুবিধা চাব লাগিব সি আহিব পাৰে নে নোৱাৰে! মিছাতে ঘৰত গৈ বিয়া পতাৰ প্ৰয়োজন নাই । মই সময় একেবাৰে নাপাওঁ । তুমি জনাবা কেতিয়া আহিবা।" ৰূপৰ কথাত মাকে অসন্তুষ্ট হৈ তাক ক'লে "বিয়া জানো তেনেকৈ পাতিব পাৰি ? নিজৰ অঙহী-বঙহী, ওচৰ চুবুৰীয়া নাথাকিলে সেইখন বিয়া হ'ব নে? তুমি ছুটী লৈ ঘৰলৈ আহা সৰু বাবাকো মই জনাম । মুঠতে এই ব'হাগতে বিয়া খন পাতিব লাগিব।"
"হ'ব দিয়া মা" বুলি সি মাকৰ লগত বেছি সময় কথা নাপাতিলে।
কিছু দিন পিছত মাকক নজনাকৈ সি বিয়া পাতিলে। পিছত যেতিয়া মাকে কথাটো জানিলে তাক ঘৰলৈ আহি সৰুকৈ হ'লেও অনুষ্ঠান এটা পতা কথা ক'লে । সি মাকৰ কথা পেলাব নোৱাৰি ঘৰলৈ আহিল দুদিনমানৰ বাবে । মাকে সকলোকে নিমন্ত্ৰণ জনালে ল'ৰাৰ বিয়াৰ পাৰ্টিৰ । আত্মীয় স্বজনৰ লগতে ওচৰ চুবুৰীয়া সকলোৰে মনত ফুৰ্ত্তি। বহু বছৰৰ মূৰত লগ পাব ৰূপ আৰু দ্বীপক। সিহঁতৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিছিল । লোকৰ সন্তান হ'লেও নিজৰ সন্তানৰ দৰে ভাবে। সিহঁতৰ ভাল হোৱাটো অন্তৰৰে কামনা কৰে।
পাৰ্টিত সকলো আহিল। সকলোৱে আশীৰ্বাদ দিলে দৰা-কইনাক। লগতে দ্বীপৰো খবৰ ল'লে। এইবোৰত দুয়ো ভায়েকৰ একেবাৰে ভাল লগা নাই । সিহঁত যেন এখন বেলেগ পৃথিৱীৰ মানুহ তেওঁলোকৰ আচৰণেই আত্মীয়ৰ জ্ঞাত হ'ল। দ্বীপৰ শিক্ষাৰ খৰচ বহন কৰা শিক্ষকজনে বৰ আগ্ৰহেৰে দ্বীপলৈ বাট চাই আছে কেতিয়া তাক দেখা পায়। সি চাহাবী কাপোৰ সাঁজ পিন্ধি ওলাল সকলোৰে আগত কিন্তু কাকো এষাৰ মাত দিবলৈ যেন সময় নাই। মাকে তাক মাতি শিক্ষক জনক যেনে তেনে মাতষাৰ লগালে যদিও তাত অভ্যাগত কিছুমানৰ লগত চা চিনাকি কৰাই দিয়াত সি মাকক ক'লে "মা, তুমি কি আমাক চিৰিয়াখানাৰ জন্তু বুলি ভাবিছা নেকি সকলোৰে আগত চিনাকি কৰাই দি আছা যে?" তাৰ সেই কথাখিনি উপস্থিত থকা আত্মীয় স্বজনৰ লগতে ওচৰ চুবুৰীয়া সকলোৰো মনত আঘাত পালে। তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল এই অহংকাৰ বোলা বস্তুটো আচলতে ক'ৰ পৰা উৎপন্ন হয়। শিক্ষা দিক্ষাইও যে মানুহৰ অহংকাৰ আতৰাই পেলাব পৰা নাই সেই কথা বুজি পালে। ভাবিছিলে দেউতাক নথকা ল'ৰা শিক্ষিত হৈ একোজন ভাল মানুহ সৎ মানুহ হওঁক কিন্তু সিহঁতৰ যে মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইকণ শিষ্টাচাৰো নাই। ডিগ্ৰীধাৰী শিক্ষিত হৈছে কিন্তু প্ৰকৃত শিক্ষিত হ'ব পৰা নাই।
এটা সময়ত সিহঁত স্কুললৈ যাব ওলালে পিন্ধিবলৈ এজোৰ কাপোৰ নাছিল; খাবলৈ এমুঠি অন্নৰ প্ৰয়োজনত মাকে ঘৰে ঘৰে গৈ কাম কৰিছিল । সকলোৱে দেউতাক নথকা ল'ৰা বুলি সহায় কৰিছিল। আজি সেই সহায়ৰ মূল্য দিয়া দূৰৰ কথা সেই মানুহখিনিৰ মাজত থিয় দিবলৈ কুণ্ঠাবোধ কৰিছে। সকলোৱে অনুভৱ কৰিলে পাটীত বহা মানুহ চোফাত বহিবলৈ পালে সময়ত সেই পাটীখনেই চিনি নাপায় । ........