Type Here to Get Search Results !

তুঙ্গখুঙীয়া ফৈদৰ বাহুবলী গদাপাণি নগা পাহাৰত পলাই ফুৰাৰ সময়ৰ এটি অৱলোকন

 দীপজ্যোতি বৰ গোহাঞি , মাদুৰি 


মধ্যযুগৰ বুৰঞ্জী সমুহ যদি  ফঁহিয়াই চোৱা যায় তেতিয়া স্পষ্টকৈ দেখা যায় যে ;কুটনীতিৰ  এনে বহুটো উদাহৰণ দেখিবলৈ পোৱা যায় ;যে বিস্ময় মানিব লাগিব ৷কিয়নো আহোম স্বৰ্গদেউ সকল সেই সময়ৰ ডা-ডাঙৰীয়া সকলৰ বিচক্ষণতাৰে ৰাজ্য শাসন কৰিছিল যে ;যিকোনো ক্ষেত্ৰতে শ্ৰেষ্ঠ শাসনকৰ্তা বুলি মানিবলৈ  বাধ্য  ৷১৬০৩ শঁকত গোৱৰ ৰজাৰ পুতেক নিশাৰঙ্গ গোহাঁইৰ ভতিজাক লাঙ্গী গদাপাণি ৰজাৰ ৰাজসিংহাসনত বহিল ৷ৰজা হৈয়ে ককায়েক জাম্বৰক চাৰিংৰ ৰজা পাতিলে  বুঢ়া গোহাঁই দীঘলাই   ;থাকিল ;দিলিহীয়ালৰ  লেচামকলাক ভাঙ্গিআচুকক ভাঙি লাইথেপেনাক  বৰগোহাঞি  বিষয় বাব দিছিল ৷লাঙ্গি জদাপাণিয়ে ৰাজপাটত উঠাৰ আগৰ সময়খিনি অসম বুৰঞ্জীৰ বাবে অতি দৰকাৰী পৃষ্ঠা আছিল যিটো সেই সময়ৰ ডা ডাঙৰীয়া বা ৰাজন্য বৰ্গৰ ন্যস্তস্বাৰ্থ জড়িত কাৰ্য সম্পাদন কৰাৰ বাবেই এই সময় খিনিক ষড়যন্ত্ৰ আৰু কলীয়া ডাৱৰে আগুৰা সময় বুলি ইতিমধ্যে অসম বুৰঞ্জীত উল্লেখ আছে ৷গদাপাণি বৰ বাহুবলী আৰু আচৰিত ধৰণৰ লোক আছিল যি কথা তেওঁৰ খোবা বোৱাৰ পৰাই অনুমান কৰিব পৰা যায় ;লগতে তেওঁৰ মনৰ দৃঢ়তা আৰু ধৈৰ্য ৰ  কথা ৰ উমান মৰমৰ পত্নী জয়মতীক দুৰদৰ্শাৰ পৰা উদ্ধাৰ নকৰা কথাৰ ৰহস্যৰ সৃষ্টি কৰিছিল যদিও ;তেওঁ ভালদৰেই জানিছিল যে ;জয়মতীয়ে তেওঁৰ বাতৰি কোন কাৰণতে চাওডাং বৰুৱাৰ আগত প্ৰকাশ নকৰে ৷সেয়ে তেওঁ নিজৰ প্ৰাণৰ কাৰণে ঘৰ দুৱাৰ মৰমৰ পত্নী দুটাকৈ  মৰমৰ সন্তান  ক এৰি দুৰণিৰ নগা পাহাৰত নগাৰ বেশ ধৰি আত্মগোপন কৰি থাকিব লগা হৈছিল ৷যাৰ বিষয়ে আজিও বহু জনশ্ৰুতি বা কিম্বদন্তি শুনিবলৈ পোৱা যায় ;"'গদাপাণি পলাই ফুৰোতে নগা পাহাৰৰ টাবলুং বস্তিত ল’ৰাৰজাৰ গুপ্তচৰে গৈ ঘেৰি ধৰিছিল ;কথিত আছে যে টাবলুঙ্গত এটা ঘৰ যেন প্ৰকাণ্ড শিল আছিল ৷গদাপাণিয়ে শত্ৰুৰ মাজত পৰি কাতৰ হৈ অতি কাতৰস্বৰে বনদেবীক সম্বোধন কৰিছিল ;==হে মাতৃ আজি মোক ৰক্ষা কৰা গদাপাণিৰ কাতৰোক্তিত অকস্মাৎ সেই শিলা পৰ্বতৰ শৈলদ্বাৰ উদঘাটিত হ’ল গদাপাণি তাৰ মাজতে সোমাই পৰিল ;ল’ৰাৰজাৰ গুপ্তচৰে তেওঁক বিচাৰি নাপালে ৷যি শৈলদ্বাৰৰ প্ৰকাণ্ড শালটোক সেই বস্তিৰ নগাহঁতে আজিও মান্যতাৰে পূজাপাটল কৰি আহিছে ৷গদাপাণি ছদ্মবেশেৰে পলাই ফুৰোঁতে এদিন নামচাঙ্গ ;পৰ্বতত ল’ৰাৰজাৰ সৈন্যই লগ পাইছিল প্ৰবাদ আছে যে ;যেতিয়া কেউফালৰ পৰা গদাপাণিক সৈন্যবোৰে আগুৰি ধৰিছিল ;সেই সময়ত বৰগছ এজোপাত এজনা শ্যামাঙ্গী তিৰোতাৰ আৰ্বিভাৱ হ’ল আৰু তেওঁ সেই গছৰ ডাল এটাত মাাটিলৈ ভৰি ওলোমাই বহি তেওঁ দীঘল লহঙ্গাৰ (মেখেলাৰ )তলত গদাপাণিক সুমুৱাই ৰাখি শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিছিল ;ছদ্মবেশেৰে পাহাৰৰ ইখন বস্তিৰ পৰা ইখন বস্তিলৈ আত্মগোপন কৰি ফুৰোঁতে বাটত এদিন গণকক লগ পায় চিনাকী হৈ গণকজনে গদাপাণিৰ হাত চাই কৈছিল যে ;বোপাই তুমি এদিন ৰজা হবা ;গদাপাণিয়ে সেই গণকক কৈছিল মই যদি ৰজা হওঁ  তেন্তে তোমাক মন্ত্ৰীৰ বাব দিম৷কিন্ত অতি দুখৰ বিষয় যে ;সেই গণক গৰাকী মন্ত্ৰীৰ বিষয় বাব ভোগ কৰাৰ  কেইমাহমান আগেয়ে মৃত্যু হয় ৷সিই কথাই গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ ৰাজপাটত উঠাৰ পাছত তেওঁৰ মনত দুখ লাগিছিল ৷নগা পাহাৰত থাকোতেই গদাপাণিয়ে হেনো কেইবাদিনো নোদোকা গেঞাঁ ম’হ পোৱালী এটাক কেইবাদিনো কেইবাচাপৰো মাৰিছিল ;নগা এটাই দেখি তাৰ কাৰণ সুধিছিল ৷গদাপাণিয়ে কৈছিল যে ;মহ পোৱালীটো খোৱাৰ উপযুক্ত সময় হৈছে আৰু মোৰ খাবৰ মন গৈছে আৰু ম’হটোক অকলে খাব পাৰিব ৷নগাবিলাকে কথাটো শুনি আচৰিত হ’ল আৰু তেওঁৰ কথাৰ প্ৰমাণ চাবলৈ ম’হ পোবালীটো তেওঁক খাবলৈ দিলে ৷গদাপাণিয়ে যেনেকৈ কৈছিল তেনেকৈ অকলে ম’হটো খালে। নগাবোৰে আচৰিত খালে আৰু সিঁহতৰ চাঙ্গলৈ নিমন্ত্ৰণ কৰি লৈ গ’ল ৷আৰু সেই বস্তিতেই ৰূপহী নাগিনী ৱাটলংৰ প্ৰেমত আসক্ত হৈছিল ৷যি ৱাটলং আৰু গদাপাণিৰ অমৰ প্ৰেমৰ কথা আজিও নগা পাহাৰ আৰু অসমৰ সিমান্তবৰ্তী নাগিনীমৰাই আজিও সোঁৱৰাই আছে ৷গদাপাণিয়ে নিজৰ আত্মৰক্ষাৰ বাবে কেৱল যে নজা পাহাৰতে আছিল তেনে নহয় ;ৰহাৰ ৰহেদৈ নামৰ পোহাৰী জনীৰ ঘৰত দিনাদিয়েক থাকি তিপামলৈ গুছি গৈছিল ;তাতো ভাদৈ নামৰ পোহাৰীৰ ঘৰত দহ বাৰ দিন থাকি বিপদ শুন্য নেদেখি শ’লগুৰি যায় কিন্ত শ’লগুৰিটো বেছি দিন নাথাকিল ৷অৱশেষত তেওঁ ৰাণী গাঁৱৰ এজনী গাৰোৱানী তিৰোতাৰ ওচৰত চাপিছিলগৈ আত্মৰক্ষাৰ বাবে ৷কথিত আছে যে এই গাৰোৱানীয়েই বৰ্তমানৰ কামৰূপৰ "ৰাণীৰজা "বংশৰ মুল ৷পাছত যেতিয়া গদাপাণি ৰাজসিংহাসনত বহিল তেতিয়া ;এই তিনি পোহাৰীক মতাই আনিছিল সিঁহতে কিবা দায় জগৰ কৰা বুলি ভাবি ভয়ত কঁপিছিল স্বৰ্গদেউৰ চন্তৰীৰ আগত ৷পাছে স্বৰ্গদেউ গদাধৰ সিংহই সেই তিনি জনী পোহাৰীক  ভালেখিনি ধন  সোণ পুৰস্কাৰ দিছিল এদিন যে গদাপাণিক চাওডাংৰ  হাতৰ পৰা ৰক্ষা কৰিছিল ৷গদাধৰ সিংহ স্বৰ্গদেউ এজন বৰ বলী আৰু আচৰিত ধৰণৰ মানুহ আছিল ৷তেওঁৰ খোবা লোৱা সেই ধৰণেই চলিছিল ৷তেওঁৰ নিচিনা প্ৰতাপী আৰু ৰাজনীতিজ্ঞ স্বৰ্গদেউ আহোম ৰাজ সিংহাসনত উঠি ৰাজত্ব কৰিব পৰা নাছিল ৷যি সকল বিষয়াই ল’ৰাৰজাক জীবিত কালত ৰাজপদৰ পৰা বিচ্যুত কৰি তেওঁক ৰজা পাতিছিল তেওঁ সেই সকলক ৰাজদ্ৰোহী বিবেচনা কৰিছিল আৰু ৰাজধৰ্ম মতে দণ্ড বিহিছিল ৷আনহে নালাগে নিৰাশ্ৰয় অৱস্থাত আশ্ৰয়দাতা মৰমৰ ভিনিহিয়েক  বন্দৰ বৰফুকনক  বৰফুকন ভাঙ্গি ৰাজ্যৰ পৰা খেদি বাজ কৰি দিছিল ৷এই কাৰ্যৰ বাবে কোনোৱে গদাধৰ সিংহৰ গাত অকৃতজ্ঞতাৰ চেকা পেলাব খোজে ৷যদিও সেয়া তেওঁৰ দুখ হব নোৱাৰে ৷এফালে ভাবিলে অকৃতজ্ঞতাৰ চিন স্বৰূপ ;তথাপি ই তেওঁৰ মনৰ ধৈৰ্য আৰু ৰাজোপযুক্ত দৃঢ়সংকল্পতাৰ পৰিচায়ক আৰু ই তেওঁৰ ৰাজনীতিজ্ঞান আৰু দুৰদৰ্শিতাৰ  চিনাকী দিয়ে ৷অৰ্থাৎ সেই বিষয়াসকলে পুৰ্বে ৰজা পতা ভঙা কৰি নতা পাইছিল আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তে অমানুষিক কাৰ্য কৰিবলৈ আগ?বাঢ়িছিল ৷আৰু কঠোৰ টান মুখীয়া হৈ ৰাজ্যৰ অশান্তি ৰ অন্ত পেলাবলৈ গ’লেই সেই স্বাৰ্থপৰ বিষয়া সকলক অসন্তোষ কৰা হব ====তেওঁলোকে কৰিব খোজা কামত হকা বাধা দিলেই সি সকলে তেওঁক ৰজা ভাঙ্গি আন এজন দুৰ্বল ৰজা পাতিবৰ মন কৰিব ;ৰাজ্যত আকৌ মহা হুলস্থুল লাগিব আৰু সেয়ে হবলৈ হলে তেওঁ তেওঁৰ জীৱনৰ মাজ বয়সত যি ত্যাগ উদ্দেশ্য ৰাখি নানা কষ্ট ;সহি নগা চাঙ্গে চাঙ্গে ফুৰিছিল ;সেয়া সমুলঞ্চে ভষ্ট্ৰ হব৷এতেকে এনে বিষয়াক জনি মৰাই উচিত ভাবি আৰু তাৰ দ্বাৰাই আহোম ৰাজ্যত শান্তি স্থাপন হব প্ৰজাৰ মঙ্গল সাধন হব  যি সময়ত মন্ৰী সকলে ৰজাক পুতলাৰ দৰে নচুৱাইছিল সেই কাৰ্য তেওঁ একেবাৰে বন্ধ কৰাৰ কথা দুৰদৰ্শিতাৰে চিন্তা কৰিছিল (সহায় লৈ  আহোমৰ দিন হিতেশ্বৰ বৰবৰুৱা