দ্বীপমালা শৰ্মা
গাঁওৰ জীয়াৰী মই
সেয়ে বুজি পাওঁ উৰুখা পজাৰ আঘাত
সিহঁতৰো অভ্যাস হৈ পৰিছিল
শেতেলিৰ পৰা মূধচ চোৱাৰ
ককায়ে সিহঁতক কিবাকৈ
মূধচ খন যোৰা লগাই দিছিলহে
কপৌ কেতেকীৰ গোন্ধে গোন্ধে
নামি আহিছিল দেওলগা ব'হাগ
বৰদৈচিলাজাক ব'হাগত পাগলী
কাৰো সুখ দুখৰ হিচাব ৰাখিব নাই আহৰি
আয়ে তাঁতশাল যোৰে
পিতায়ে বৰষুণত তিতা কান্ধৰ পানী মচে
কমলা বেলিৰ আবেলি ঘৰ খনৰ বৰ প্ৰিয়
পিছে ৰান্ধনিঘৰ লৈ মনত পৰিলে
আয়ে ভাৱে উজান উঠা বৰষুণেই আমাৰ সপোন
এই ব'হাগেই কাৰোবাৰ জোনাকৰ ৰং শ্মশানৰ ৰং একাকাৰ কৰে ।