Type Here to Get Search Results !

সম্পাদকীয়।

 


আমাৰ জীৱনত সাফল্য লাভ কৰিবলৈ প্ৰয়োজনীয় কৰ্মৰ মাজেদিয়ে আগুৱাব লগা হয়। বহু সময়ত আমাৰ দৈনিক প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰিবলৈও প্ৰতি নিতে কামবোৰ কৰি যাওঁহক। এই দৈনিক কৰিবলগীয়া কামবোৰ শৃংখলাবদ্ধ ভাৱে কৰিবলৈ ৰুটিনৰ আৱশ্যকতা আমি অনুভৱ কৰো। আজি  দৈনিক কামৰ ৰুটিনখন কেতিয়া, কেনেকৈ  প্ৰস্তুত কৰি আৰু তাক কাৰ্যক্ষম কৰি ফলৱতী হ'ব পাৰি তাৰেই কিছু আলোচনা দাঙি ধৰিলো।
১)সদায় দিনটোৰ শেষত শুৱলৈ যোৱাৰ আগে আগে আহিব লগা দিনটোৰ ৰুটিনখন লিখি ল'ব লাগে।
২) ৰুটিনখনত সময়ৰ কিছু flexibility ৰাখিব লাগে।
৩)ডাঙৰ লক্ষ্যৰে কাম কৰিলেও প্ৰতি দিনে সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰা লক্ষ্য ৰুটিনত ল'ব লাগে।
৪) দিনটোত এবাৰ হলেও লিখিত ৰুটিনখন পঢ়ি পুনৰ আওৰাই চাব লাগে।
৫) দিনটোৰ অন্তত সম্পন্ন হোৱা সৰ্বশ্ৰেষ্ঠ কামটোৰ বাবে নিজকে ধন্যবাদ দিয়ক। তেনেদৰে যিটো কাম সম্পূৰ্ণ নহল বা কিবা সংশোধনৰ প্ৰয়োজন  থাকিলে তাক পৰবৰ্তী দিনটোত কৰিবলৈ যত্নপৰ হওক।
৬) দিনটোত আহিব পৰা প্ৰতিবন্ধকতা বোৰ আতৰাই পাৰ্যমানে প্ৰতি দিনৰ ৰুটিনৰ কামবোৰ কৰি পেলাওক। নিজৰ মনৰ অজুহাতক প্ৰশ্ৰয় নিদিব।
৭) ৰুটিনত দিনটোত অত্যধিক কাম কৰিবলৈ নল'ব। কমকৈ কাম ৰুটিনত লওক মাথো তাকে অতি আন্তৰিকতা আৰু মনোযোগেৰে কৰক।
৮) প্ৰতি দিনে ৰুটিনৰ কামবোৰ ১০০ শতাংশ সম্পূৰ্ণ কৰি যাবলৈ চেষ্টা কৰক দেখিব নিখুট ভাৱে আপুনি কামবোৰ কৰিবলৈ সমৰ্থ হৈছে। জীৱনটোও সাফল্য দিশেৰে আগুৱাই গৈ আছে।
  
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
১৫/০৫/২০২২