Type Here to Get Search Results !

নিমিলা অংক(অনুগল্প)

 মনস্বিনী শৰ্মা


   সন্ধিয়া দিন হাজিৰাৰ অন্তত: পোৱা পইচাকেইটা হাতত লৈ মণিৰামে চাৰিআলিটোৰ ওচৰতে এখন্তেক ৰৈ হাতৰ নোটকেইখন হিচাপ কৰিবলৈ ধৰিলে।ডাক্তৰে মানুহজনীৰ অপাৰেশ্যনটো এই মাহতে কৰিবলৈ কৈছে।আনফালে বাপুকণৰ পৰীক্ষা ওচৰ চাপি আহিছে অথচ সি কিনি আনিবলৈ কৈ থকা কিতাপখন মণিৰামে এতিয়ালৈকে আনি দিব পৰা নাই।আজি দুদিনে সুদা ভাত খাই থকা পৰিয়ালটোলৈ দুটামান পাচলি কিনি নিওঁ বুলি মণিৰামে সমুখৰ দোকানকেইখনলৈ খোজ ল'লে।এনেতে,
"হেই,হেই মাৰিলে।মাৰিলে।ধৰ্‌ ধৰ্‌ তাক।"-আশে-পাশে থকা মানুহখিনিয়ে হুলস্থূল লগালে।এখন তীব্ৰবেগী বাহনে মণিৰামক খুন্দিয়াই পাৰ হৈ গ'ল।পদপথৰ ওপৰত তেজেৰে তোমোৰলি হৈ পৰি থকা মণিৰামৰ দেহৰ কাষত সিঁচৰতি হৈ পৰি ৰ'ল হাতৰ মুঠিত থকা পইচাৰ নোটকেইখন।                             
~  স্নাতক ষষ্ঠ ষাণ্মাসিক। শিৱসাগৰ ছোৱালী কলেজ।ফোনঃ ৭৬৩৭৯৪৫০৭৩।