গীতাঞ্জলি দেৱী
ঢিমিক-ঢামাককৈ জ্বলা শিখাটোৱে বৰ হেঁপাহেৰে পোহৰাব খোজে কোঠাটো ।
কলিজাত গলি-গলি শেষ হয় সেই এনাও পোহৰ ।
বাসনাৰ নৈত মেলি চিলনী সাঁতোৰ
প্ৰতিটো দিনৰ কামনা আখলৰ জুইত এজাক হাঁহি উৰি থাকক।
ঘামেৰে লিখা সূৰ্যোদয়ৰ স্তৱক পঢ়ি দেশখন ওখ হৈ গৈয়ে থাকে ,
হাতৰ বজ্ৰমুঠিত বাসনা সামৰি থোৱা মানুহখিনি এখন চাপৰ চালিৰ তলত একে ঠাইতে ৰৈয়ে থাকে
ৰৈয়ে থাকে …।