Type Here to Get Search Results !

সংজ্ঞাহীন

 অমৰ নায়ক


সপোনৰ কাৰেঙত বগাওঁতে
দৰিদ্ৰতাই সিহঁতৰ সংগী
গলিবোৰত খোজ কাঢ়ি যাওঁ‌তে
কত বৰল, পোক-পতংগই
পৰিশ্ৰমৰ চিহ্ন উপহাৰ দিলে হিচাপ নাই
বিৰহ,ক্লান্ত,প্ৰতিঘাট বোৰ বুকুত সাৱটি
অশ্ৰুক আপোন কৰি কিমান উজাগৰি নিশা পাৰ হ'ল তাৰো উমান নাই
লাইনৰ ঘৰত শুই নিজৰ সন্তানক ডাঙৰ মানুহ গঢ়াৰ
স্বপ্নবোৰ কত বিফল হ'ল তাৰো একো হিচাপ নাই
অৰ্থৰ অভাৱত কত শিক্ষাৰ্থীয়ে
শৈশৱ,যৌৱন উছৰ্গা কৰিলে
তাৰো সংজ্ঞা নাই
বাকীৰ নামত কিমান জনে কি কি যোগ-বিয়োগৰ অংক কৰিলে তাৰো কিন্তু সূত্ৰ নাই
মুঠতে একোৰেই সূত্ৰ নাই সেই সহজ সৰল মানুহবোৰৰ।


                        
      অসম চাহ জনজাতি ছাত্ৰাবাস,গুৱাহাটী