ৰঞ্জিত চুতীয়া
মানুহৰ মৌলিক প্ৰয়োজন হৈছে অন্ন-বস্ত্ৰ আৰু বাসস্হান। অন্ন অৰ্থাৎ খাদ্যবস্তু আমি প্ৰকৃতিক কৰ্ষণ কৰি পাওঁ। প্ৰকৃতিৰ পৰা যিবোৰ বস্তু আহাৰ ৰূপে পাওঁ, তাৰ উৎপাদন অবিহনে আমাৰ অভাৱ পূৰণ নহ'ব। এই উৎপাদন কাৰ্যৰ ফলতে কৃষি ব্যৱস্হাৰ জন্ম। প্ৰকৃতিৰ বুকুত বীজ আছে, সেই বীজখিনি আমি বুটলি আনি ৰোপন কৰিব লাগিব। এই যে প্ৰকৃতিৰ পৰা বুটলি আনি কৰ্ষণ কৰি গুটি সিঁচাৰ শিক্ষা, সেই শিক্ষা বিহুৰ মাজত সোমাই আছে। মিছিং সকলে যি আলি আয়ে-লৃগাং উৎসৱ পালন কৰে,সেয়া হৈছে গুটি সিঁচা উৎসৱ। আলি আয়ে-লৃগাং আহু খেতি কৰাৰ উৎসৱহে। উৎসৱবোৰ ৰং-ৰহইচৰ অনুষ্ঠান যেন লাগিলেও তাৰ মাজত নিহিত হৈ আছে উৎপাদন কৰা, সম্পদ আহৰণ আৰু ব্যৱহাৰৰ শিক্ষা দিয়া।
ব'হাগ বিহু বা ৰঙালী বিহু হৈছে শালি খেতি আৰম্ভণি কৰাৰ উৎসৱ। ব'হাগ মাহত ন'- পানী পৰিলে কৃষকে মাটি চহায় আৰু শালী ধানৰ কঠীয়া সিঁচে। কিন্তু ইয়াৰ আগতে পথাৰত নৃত্য-গীত কৰে। জন বিশ্বাস আছে যে, এনেদৰে কৰিলে প্ৰকৃতিয়ে অধিক সুফলা হৈ অধিক উৎপাদন দান কৰে। বিজ্ঞানীসকলৰ মতেও এই বিশ্বাস অমুলক নহয়। উদ্ভিদৰ অনুভৱ কৰিব পৰা শক্তি আছে। সেয়ে শস্য পথাৰত গীত-মাত গালে সঁচাকৈয়ে উৎপাদন বৃদ্ধি হয়। গতিকে বিহুৰ নৃত্য-গীতে উৎপাদনশীলতা বৃদ্ধি কৰে।
চহা জীৱনৰ প্ৰধান অৰ্থনৈতিক সম্বল হৈছে গৰু, খেতি পথাৰ আৰু বাগিচা। গৰু কৃষকসকলৰ বহুমূলীয়া সম্পদ। এসময়ত গৰু আছিল একমাত্ৰ শক্তিৰ সমল। গৰুৰ শক্তিৰ ওপৰত অসমৰ কৃষকসকল যথেষ্ট নিৰ্ভৰশীল। সেই বাবে গো-লখিমী, লখিমী হৈছে ধন- ঐশ্বৰ্যৰ দেৱী। গো বা গৰুক শ্ৰদ্ধাৰে পৰিচৰ্যা কৰিলে লখিমী আহে। সেইবাবে ৰঙালী বিহুৰ প্ৰথম দিনটোৱেই গৰু বিহু। গৰু বিহু দিনা যিবোৰ আচাৰ-অনুষ্ঠান বা ৰীতি-নীতি পালন কৰা হয় সিহঁত অধিক বলৱান হৈ কৃষকক অধিক শক্তি প্ৰদান কৰিব পাৰে।
গৰুৰ পিছতে অসনৰ কৃষকৰ ঐশ্বৰ্যৰ প্ৰতীক হ'ল ধান। ধানৰ ভঁৰালৰ সংখ্যা আৰু আকৃতিয়ে নিৰ্ধাৰণ কৰে অসমৰ পৰিয়াল একোটাৰ অৰ্থনৈতিক স্হিতি। বিহুগীত বা ৰঙালী বিহুত পথাৰৰ মাজত কৰা নৃত্য-গীতৰ মাজত পথাৰক অধিক উৎপাদনশীল কৰি তোলাৰ আকাংক্ষা লুকাই থাকে আৰু এনে আকাংক্ষাই কৃষকক অধিক কৰ্মমুখী অথবা পৰিশ্ৰমী কৰি তোলে।
বিহুৰ সৈতে কেৱল শস্য উৎপাদনৰ কথাহে জড়িত এনে নহয়। সম্পদ বিতৰণ অথবা বজাৰ ব্যৱস্হাত জড়িত। বিহু উৎসৱৰ সময়ত ঠায়ে ঠায়ে কিছুমান মেলা বহে। নামনি অসমৰ ফালে 'বিষুমা মেলা', কামৰূপ অঞ্চলত ভঠেলী উৎসৱ হয়। এনেবোৰ উৎসৱ দৌল-দেৱালয় বিলাকত হয় আৰু এনে মেলাত উৎপাদিত সামগ্ৰী যেনে- কাঁহৰ বাচন, মুগা-পাটৰ কাপোৰ, ঢাৰি-পাটীলৈকে নিত্য প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয়-বিক্ৰয় হয়। অতীতত মুদ্ৰা ব্যৱস্হা নথকা সময়ত এনে মেলা বহিছিল। এনে মেলাত বস্তুৰ সলনি বস্তুৰ বিনিময় কৰা হৈছিল।
অৰ্থনৈতিক ব্যৱস্হাৰ এক অংশ হৈছে বস্ত্ৰ শিল্প। গামোচাৰ পৰা মুগাৰ মেখেলা-চাদৰলৈকে বিহুৰ সময়ত ন' কাপোৰ বুলি সকলোৱে কিনে। বিহুৰ সময়ত অসমৰ থলুৱা সাজ-পাৰৰ চাহিদা বজাৰত যথেষ্ট বৃদ্ধি পায়। এই সময়তে অসমীয়া শিপিনীসকলে দুপইচা অৰ্জন কৰাৰ সুযোগ পায়। তদুপৰি কাঁহ-পিতলৰ বাচন-বৰ্তন আদিও বিক্ৰি যথেষ্ট হয়। বিহুৰ সময়ত খাদ্যবস্তুৰ বজাৰখনো মন কৰিবলগীয়া। নাৰিকলৰ পৰা মাছ-মাংস বিহুৰ বজাৰত উভৈনদী হৈ পৰে। অসমৰ তিলপিঠা, চুঙাপিঠা ৰপ্তানিৰ সামগ্ৰী হৈ পৰা পৰিলক্ষিত হৈছে। ফাষ্ট ফুডৰ পয়োভৰৰ সময়ত তিল পিঠা, টেকেলি পিঠা, তেল পিঠাই বজাৰত স্হান পোৱাটো আশাৰ বতৰা। এনেবোৰ বিহুমূলক খাদ্য-সামগ্ৰীৰ বজাৰখনে নতুন অৰ্থনৈতিক দিগন্ত সূচনা কৰিছে।
বিহুৰ মাজত এক সমাজবাদী অৰ্থনৈতিক ব্যৱস্হা পৰিলক্ষিত হয়। একে লগে খাল-বিলত মাছ ধৰা, চিৰা সান্দহ খোন্দা, সমূহীয়া মেলা পাতি সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰা, এনে ব্যৱস্হাবোৰ কেৱল ব্যক্তি বিশেষৰ লাভৰ বাবে নহয়, পাৰস্পৰিক সহযোগিতাৰ বাবেহে। বিহুৱে পাৰস্পৰিক সুখ-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সামূহিক অৰ্থব্যৱস্হাৰ বিকাশত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰে।