Type Here to Get Search Results !

সম্প্ৰীতিৰ আন এটি উৎসৱ ঈদ-উল-ফিটৰ

 চৈয়দা চায়ৰা বেগম , নাজিৰা 


  ইছলাম ধৰ্মৰ পৰম্পৰা ঈদ-উল-ফিটৰ ৰমজান মাহৰ শেষত পালন কৰা হয় ৷এই উৎসৱৰ মহত্ব বহুত ৷ পবিত্ৰ ৰমজান মাহৰ অন্তত আকাশত যি জোন দেখা পোৱা যায় সেই জোনক ইছলামিক মাহৰ“চাৱাল”ৰ জোন বুলি কোৱা হয় ৷ এই জোন দেখাৰ পিছৰ দিনটোতেই ঈদ উৎসৱ পালন কৰা হয় ৷
       সম্পূৰ্ণ এমাহ কঠোৰ ব্ৰত অৰ্থাৎ ৰোজা ৰখাৰ অন্তত এই দিনটো আহে ৷ৰমজান মাহৰ ৰোজা কেৱল উপৱাস নহয় ,এই সময়চোৱাত সকলো ইছলাম ধৰ্মীলোকে সকলো ইন্দ্ৰিয়ক সংযম কৰি ৰাখিব লাগে ৷যিমান পাৰি সিমানে ঈশ্বৰৰ উপাসনা কৰিব লাগে ৷ ইয়াৰ লগতে দুখীয়া সকলক দান কৰাৰ প্ৰথাও আছে ৷এই দানৰ নিদিষ্ট পৰিমাণ ধাৰ্য কৰি দিয়া হয় আৰু এই দানক 'ফিট্ৰৰা' বুলি কোৱা হয় ৷ ইয়াৰ ফলত দুখীয়া লোক সকলেও ঈদ পালন কৰিবলৈ সুবিধা পাই আৰু এসাজ নতুন কাপোৰ পিন্ধবলৈ পাৰে ৷
        ঈদৰ ৰাতিপুৱাই গা-পা ধুই পবিত্ৰ হৈ পুৰুষসকলে মুকলি আকাশৰ তলত পৰিস্কাৰ ঠাইত সমূহীয়া নামাজ পঢ়ে ৷সকলোৰে শান্তিৰ বাবে দোৱা কৰে ৷ সকলো বিভেদ পাহৰি এজনে আনজনৰ লগত আন্তৰিকতাৰে আলিঙ্গন কৰে ৷
সকলোৱে সকলোৰে ঘৰলৈ গৈ চাহ-মিঠাই খায় ৷
          ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ ৷সকলো জাতিৰ সংমিশ্ৰণত আমাৰ জাতীয় ঐক্য বান্ধ খাই আছে ৷ সেয়েহে আমাৰ ধৰ্মীয় উৎসৱ সমূহ জাতি ধৰ্ম নিৰ্বিশেষে পালন কৰে ৷ সকলো উৎসৱৰ মাজতে আছে শান্তি ,সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱধাৰা ৷ঈদ-উল-ফিটৰ’ৰৰ মাজতো আছে ভাতৃত্ববোধৰ ভাৱধাৰা ৷শান্তি,সম্প্ৰীতিৰ আন এক উৎসৱ ঈদ-উল-ফিটৰ’ৰ ৷