জীনামণি বৰগোহাঁই দুৱৰা
বহাগ বিহুৰ ওচৰ পালেই
তোলৈ বৰকৈ মনত পৰে অ' আইতা
উৰুকাৰ ৰাতি তই যে সানি দিছিলি
কেহেৰাজ, থেকেৰা, পাণৰ ঠাৰি
আৰু জেতুকা পাতৰ মিশ্ৰণখিনি
আজিও মনত পৰি থাকে।
মাৰ যে কত চাদৰ ফাটিছিল
হাতত জেতুকা বন্ধাৰ বাবে
প্ৰথমতে বাওঁহাতত তাৰপিছত সোঁহাতত
দুয়োখন হাতত জেতুকাৰ বোলদি বন্ধাৰ পিছত
সকলোৱে জোকাইছিল বৰণিমাৰি বুলি
পিছদিনা গৰু গা ধুৱাওঁতে লগৰীৰ সৈতে
নামি পৰিছিলোঁ প্ৰতিযোগিতাত
কাৰ হাতত কিমান ধুনীয়াকৈ
জেতুকা লাগিল বুলি।
এতিয়া বোৱাৰী হ'লো দায়িত্বও বাঢ়িল
তথাপি উৰুকাৰ ৰাতি
লৰি যাবলৈ মন যায় তোৰ কাষলৈ
দুহাত মেলি দিম যেন জেতুকা লগাবলৈ
কিন্তু এতিয়া আকৌ তইও নাই নহয় !