সবিতা বৰুৱা ফুকন
"আজি বিহু বিহু
কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গোন্ধে পাই
নাচনীৰ ততে নাই
উজুটিত ভাঙি যায় যঁতৰ ।"
বিহু বুলিলেই গা -সাতখন-আঠখন নকৰা অসমীয়া নাই বুলিলেও হয়। ভেবেলিৰ লতা ফুলাৰ বতৰ পালেহি বিহুৰো দেওধনী উঠে, উজুটিত যতঁৰ ভাঙি গাভৰু গৈ ফুলপানী ছিগা পায়গৈ।
ব'হাগ বিহু অসমৰ জাতীয় লোক সংস্কৃতিৰ ভঁৰাল স্বৰূপ ।অতি চেনেহৰ ব'হাগ বিহুটো অসমীয়াৰ প্রাণৰ,হেঁপাহৰ,আদৰৰ উৎসৱ ।এই বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আছে । ইয়াৰ মাজতেই অসমীয়া জাতিৰ অস্তিত্ব জড়িত হৈ আছে। অসমীয়া জাতিৰ প্রাণৰ সৰ্ব উৎচ্ছাহ,
সৰ্ব অনুভূতি উন্মুক্ত ভাৱে উদ্দাম গতিৰে প্ৰৱাহিত হয় এই ব'হাগ বিহুতেই ।
সাহিত্যত সময়ৰ প্ৰতিচ্ছবি অঁকা থাকে ।বিহুনাম গীতি সাহিত্যৰ অন্যতম এক সুস্বাদু ফচল । চহা জীৱনৰ সুখ -দুখ, প্রেম -প্রীতি বিহুনামৰ মাজেৰে আত্মা প্ৰকাশ কৰিছে। বিহুনামৰ মাজেৰে অসমৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱাৰ লগতে অসমৰ বিভিন্ন সময়ৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈ আছে এনেদৰে ----
"স্বগদেউ ওলালে
বাট চ'ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা
কাণত জিলিকিলে
নৰা জাংফাই
গাতে গোমচেঙৰ চোলা। "
ঠিক সেইদৰে অসমীয়া সমাজত প্ৰচলিত বিহুৱান খনি সকলোৰে হেঁপাহৰ । মৰমৰ দীঘেৰে, চেনেহৰ বাণী বৈ চেনাইলৈ বিহুৱান বোৱা হেঁপাহ ,প্ৰতিগৰাকী অসমীয়া ৰমণীৰ শিৰাই শিৰাই প্রৱাহিত হৈছিল ।সেয়ে বিহুনামত গোৱা হৈছিল --
ৰাতি দূপৰলৈ কাতি সূতলাহি
ধনলৈ বিহুৱান বলো,
ৰঙাকৈ আঁচুৰে বাচি
পাণে কটা,
টিপতে লুকুৱাই থ'লো ।"
ঠিক সেইদৰে অন্যান্য কাপোৰৰ লগতে আহোম যুগত মৰ্যদা লাভ কৰা আন এক গুৰুত্বপূৰ্ণ কাপোৰ হ'ল
"কবচ" কাপোৰ ।ৰাতিটোৰ ভিতৰতে তিৰোতাই সূতা কাটি, কাপোৰ বৈ কবচ কাপোৰ প্ৰস্তুত কৰা নীতি আছিল
এই কবচ কাপোৰ আহোমৰ নিয়ম মতে অতি শক্তিশালী। এই বস্ত্ৰ ধাৰণ কৰি যুদ্ধলৈ গ'লে জয়ী হয় বুলি বিশ্বাস আছে। এনে বোৰ কথা বিহুনামৰ মাজেৰে প্ৰকাশ হৈছে -----
সান্দহ খুন্দি দিয়া
খাওঁ প্রাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ
ৰাতি ভিতৰতে
টঙালি বৈ দিয়া
বঙাল মাৰিবলৈ যাওঁ।
বিহুনামত আহোম ৰাজত্বৰ
ৰাজধানী ৰংপুৰৰ এক সুকীয়া স্থান আছে ,এনেদৰে ---
ৰংপুৰৰ ৰঙামণি
পিন্ধাই দিয়া সৰুভনী ঐ
বিহু মাৰিবলৈ যাওঁনা ৰৈ।
ৰংঘৰৰ বাকৰি উদুলি মুদুলি
ঢোল, পেঁপাই লগাইছে মাত
জাক পাতি নাচিলে
বিহুৱা নাচনী
বহিছে ৰঙৰে হাট ।
1228 খৃ:ত সৌমাৰত প্রৱেশ কৰি চাওলুং চুকাফাই বিহুবৰত বিহু পাতি ধনকলীয়া কলীমতীক পূজা দিয়াৰ কথা বিহুনামত আছে
এনেদৰে ---
মোৰ ধন কলীয়া
আলাসৰ দেৱতা
নিলগত আছিলা ৰৈ,
কলীমতীক লগ পাই
ৰঙালীক লগত লৈ
কলীয়া বৰতে ৰহিলা ঐ।
আহোম ৰাজ্যৰ এসময়ৰ
ৰাজধানী গড়গাঁওৰ উল্লেখো
বিহুনামত আছে এনেদৰে ----
উঘাতকৈ চেৰেকী
ঘূৰে সমনীয়া
উঘাতকৈ চেৰেকী ঘূৰে
গড়গঞা নাচনী
নাচিব লাগিছে
টাকুৰী ঘূৰাদি ঘূৰে ।
স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক
ৰাজকীয় মৰ্যাদা প্ৰদান কৰি ৰংঘৰৰ বাকৰিলৈ নিলে। বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰাৰ পাছত ৰাজকাৰেঙলৈ গৈ হুঁচৰি গোৱাৰ পৰা অন্য মান্য ব্যক্তিৰ চোতালত গোৱাৰ নিয়ম হ'ল ।তাৰ উদাহৰণ বিহুনামত পোৱা যায় এনেদৰে ---
দেউতাৰ পদূলিত
গোন্ধাইছে মাধুৰী
কেতেকী মলেমলাই ঐ
গোবিন্দাই ৰাম ।
আহোম স্বৰ্গদেউসকলে পুখুৰী খন্দাই, দৌল সজাই যাউতিযুগীয়া খ্যাতি যে ৰাখি থৈ গৈছে, তাৰ উদাহৰণ বিহুনামত পোৱা যায় ----
পুখুৰী খন্দালে ভালকে
কৰিলে
পাৰতো বান্ধিলে দ'ল
দ'লো বন্ধালে
কলচী চৰালে
কাললৈ খ্যাতি ৰ'ল।
ঠিক সেইদৰে বিহুনাম বোৰত প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্য্য নৈ, জান, জুৰি, নিজৰাৰ সুৰধ্বনিয়ে সৌন্দৰ্য্য সুষমা ঢলাৰ লগতে ডেকা গাভৰুৰ প্রেম -ভালপোৱা কথাও সুন্দৰ ভাৱে প্ৰতিফলিত হোৱা দেখা যায় ----
"দিখৌ মুখত দেখিলো
কোম্পানীৰ জাহাজ ঐ
লুইতৰ ভটিয়াই গ'ল
চেনাইৰে লগতে পীৰিতি
কৰোঁতে
খুঁটিৰ ম'হ বিকৰে গ'ল ।"
সময় বাগৰি গৈছে, যুগে বাগৰ সলাইছে, মানুহৰ মনৰ গোপন কাৰেং টোলৈকো পৰিৱতন আহিছে ।গোনা ম"হৰ পিঠিত উঠি উকিয়াই ফুৰা মুকলি মূৰীয়া ম'হৰ গোৱালটোৱে, "চাইছো চাই থাকিলে হাবিয়াস নপলায় ",
"পেটতো লাগিছে ভোক ",বুলি হিয়াতলি উদিয়াই এষাৰ ক'বলৈ আজৰি নাই ।মানুহৰ জীৱনৰ লগত কথাৰ সুমধুৰ
সমন্বয় অভাৱ ঘটিলে ।
সদৌ শেষত আমি ক'ব পাৰো যে যুগৰ পৰিবৰ্তনৰ ফলশ্ৰুতিত বৃদ্ধি পোৱা শিক্ষাৰ প্ৰসাৰতা, অৰ্থনৈতিক
দুৰৱস্থা, যান্ত্ৰিকতা,মূল্যবৃদ্ধিৰ ফলশ্ৰুতিত বিহু সংস্কৃতিৰ প্ৰকৃত স্বৰূপটো উৰুৱাই লৈ যাব যাতে নোৱাৰে তাৰ বাবে সমগ্ৰ অসমীয়া জাতিটোৱে একত্ৰ হৈ ধৰিব লাগিব ।