Type Here to Get Search Results !

অসমীয়া লোক জীৱনত জাপি

 অনামিকা বুঢ়াগোহাঁই ফুকন


জাপি হ'ল অসমৰ সংস্কৃতিৰ প্ৰতীক। অসমৰ জাতীয় উৎসৱ বিহুত ফুলাম জাপি বিশেষ ভাৱে ব্যৱহাৰ হৈ আহিছে। ৰঙালী বিহুত ফুলাম জাপি মইবিহুৰ উপহাৰ হিচাপে দিয়া হয়। বিহু মঞ্চ, তোৰণ, চ'ৰা ঘৰৰ সাজ সজ্জা,সভাঘৰ , বিয়াৰ ৰভা আদিত আদিত জাপি বিশেষ ভাৱে ব্যৱহাৰ হৈ আহিছে। তদুপৰি সন্মানীয় লোকক ফুলাম জাপিৰে আদৰা নিয়ম আছে।অসম তথা অসমৰ বাহিৰা সন্মানীয় ব্যক্তিক গামোচাৰ লগতে জাপি উপহাৰ দিয়াটো এটা প্ৰথা আছে।যেতিয়া মানুহে ক্ৰমবিৱৰ্তন হৈ পাহাৰ পৰ্বতৰ গুহা, হাবি-বন এৰি সমাজ পাতি বসবাস কৰিবলৈ ল'লে তেতিয়াৰ পৰা মানুহৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি ল'ব লগাত পৰিল,ধৰা,পাটি শিল্প,বয়ন শিল্প, কাঁহ শিল্প, কাঠৰ শিল্প,বেতৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প,সোন ৰূপৰ শিল্প,লোহা শিল্প, ভাস্কৰ্য শিল্প, বাঁহৰ শিল্প, জাপি শিল্প আদি,যাক আমি কুটিৰ শিল্প শাৰীত ধৰি ল'ব পাৰোঁ।
        মানৱ সভ্যতাত কৃষিৰ প্ৰচলন হোৱাৰ পিছৰ পৰা ভাৰতবৰ্ষ তথা অসমত বিশেষকৈ কৃষিৰ লগত জড়িত মানুহে ৰ'দ বাবৰষুণৰ পৰা আমাৰ মূৰটো ৰক্ষা কৰিবলৈ জাপি ব্যৱহাৰ কৰিবলৈ ল'লে। কিন্তু জাপিৰ আবিষ্কাৰ হোৱাৰ আগতে আদিম মানৱে ৰ'দ বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চেপেটা শিলত,গছৰ পাত,ছটীয়া কাঠ আদি ব্যৱহাৰ কৰিছিল। জাপি শিল্পত প্ৰয়োজনীয় কেঁচা সমল কেইবিধ হ'ল বাহঁ,বেত, টকৌ পাত আদিয়েই প্ৰধান। ইয়াৰ উপৰিও বৰ্তমান বিভিন্ন অনুষ্ঠানৰ মঞ্চ শুৱনিৰ বাবে জাপি ব্যৱহাৰ কৰা দেখা যায়। সেইবোৰ জাপিৰ বাবে প্ৰয়োজনীয় সমলকেইবিধ হ'ল,চুমকী,মখমল কাপোৰ, ৰঙা কাপোৰ,ঊল,ফিটা, আঠা আদি। জাপিৰ প্ৰথম আবিষ্কাৰ হয় চীন দেশত। চীন দেশত ব্যৱহৃত জাপিৰ আকৃতি হ'ল লাটুমৰ মূৰটোৰ দৰে জোঙা আছিল। চীনৰ পৰাই ভাৰতবৰ্ষ তথা অসমলৈ জাপিৰ নমুনা শিপাইছিল বুলিব পাৰি।অসমৰ নলবাৰী জিলাতেই সৰ্বাধিক জাপি সাজে আৰু এই শিল্পৰ জৰিয়তে বহু লোকে স্বাৱলম্বিতা লাভ কৰিছে। নলবাৰী জিলাত বৰ্তমান মূল্যৱান গ্ৰামীণ কুটিৰ শিল্প হিচাপে স্থান লাভ কৰিছে জাপি শিল্পই।
        অসমৰ জাপিৰ আকৃতি হ'ল পদুম ফুলৰ দৰে। ভাৰতৰ চাৰুকলা আৰু পূজা পাৰ্বনত পদুম ফুলৰ বহুল প্ৰচলন থকা বাবেই সম্ভৱতঃ জাপিৰ আকৃতিও পদুমৰ দৰে গঢ় ল'লে। 
        আমাৰ সমাজত জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষে পুৰুষ মহিলা উভয়ে জাপি ব্যৱহাৰ কৰিব পাৰে।হালোৱা, বনুৱা,সন্ত -মহন্ত,ডা-ডাঙৰীয়া সকলোৱে মূৰত জাপি লৈছিল। এসময়ত জাপিৰ তাৰতম্য অনুসৰি পিন্ধোৱাৰ মান নিৰ্ধাৰিত হৈছিল।জাপিয়ে অসমীয়া মানুহৰ এটা আবুৰ আনিছিল।ডা-ডাঙৰীয়া আৰু সত্ৰাধিকাৰ সকলে ভ্ৰমণত বৰজাপি ধৰি যোৱাৰ নিয়ম আছিল বুলি প্ৰবাদ আছে।বিয়াত পানী তুলিবলৈ যাওঁতে,পিণ্ড উটাওতে আনকি খোজকাঢ়ি বিয়া কৰাবলৈ যাওঁতে বৰজাপি ধৰি গৈছিল।উচ্চ ঘৰৰ জীয়ৰী বোৱাৰীয়ে মাটি গচকি ইফাল সিফাল কৰিবলৈ হলে বৰজাপি ধৰি আবুৰ দিয়া নিয়ম আছিল।সত্ৰ, নামঘৰ বা ধৰ্মীয় অনুষ্ঠানৰ আগেদি যাব লগা হলে জাপি খুলি যোৱা নিয়মো আছিল। সাধাৰণতে আমি জাপি কেইবা প্ৰকাৰৰ দেখিছোঁ। ব্যৱহাৰিক দিশৰ ফালৰ পৰা আমি হালোৱা জাপি, বনুৱা জাপি, গৰখীয়া জাপি, টুপী জাপি আদি দেখিবলৈ পাওঁ। ৰূপ সজ্জাৰ ফালৰপৰা আমি উকা জাপি, ফুলাম জাপি পাওঁ। প্ৰবাদ আছে যে আহোম ৰাজত্বত বৰপাত্ৰগোঁহাই, বৰগোহাঁই, বুঢ়াগোহাঁই আদিয়ে 'সোণৰ চুলাৰে 'পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল।বানাতেৰ কুশ দিয়া বৰজাপি,ৰূপৰ চুলাৰে পানী জাপি তথা টুপী জাপি গুৱাহাটীৰ বৰফুকনে পিন্ধিছিল।ফুকনসকলে ৰূপৰ চুলাৰ পানী অথবা উকা জাপিও ব্যৱহাৰ কৰিছিল। জাপি কৃষকৰ অবিচ্ছেদ্য অংগ হলেও আধুনিক সমাজৰ প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নতিয়ে জাপিৰ ব্যৱহাৰত যথেষ্ঠ হানি কৰিছে। জাপিৰ অনবদ্য নৃত্যয়ো অসমীয়া কৃষ্টি ভড়াল চহকী কৰিছে। অসমীয়া ছবি জগতত আৰু ভ্ৰাম্যমাণৰ জগতত জাপিৰ প্ৰচলন দেখা যায়।
       অসমীয়া লোকজীৱনত ব্যৱহৃত হোৱা জাপি সংস্কৃতিৰ অন্যতম আপুৰুগীয়া সম্পদ হিচাপে ধৰি ৰাখিব লাগিব।