আলোকপাতঃ-সুৰভি বৰ পাত্ৰ গোহাঁই
"এটা সূৰ্যৰ অপেক্ষাত" শিখা হাজৰিকাৰ প্ৰথম খন কাব্য সংকলন। ২০১৯চনৰ জুন মাহত প্ৰকাশিত কাব্য সংকলন খনৰ প্ৰকাশক হেমন্ত শৰ্মা। বৰ্ণ বিন্যাস - মাধুৰ্য হাজৰিকা /দীপুৰাজ গগৈ। বেটুপাত - প্ৰাৰ্চুয্য শইকীয়া। মূদ্ৰণ-ৰংপুৰ অফ্চেট, আমগুৰি।
সৰুৰেপৰা কাব্যচৰ্চাত মনোনিবেশ কৰা শিখা হাজৰিকাই উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি থাকোতেই "শৰতৰ আগমনত" নামৰ কবিতাটোৰ যোগেদি আত্মপ্ৰকাশ কৰে। বিভিন্ন আলোচনীত তেখেতৰ গল্প, কবিতা আৰু প্ৰৱন্ধ প্ৰকাশ পাইছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। বৰ্তমান তেওঁ দেওৰজাৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত ।
কাব্যসংকলনত সত্তৰ উৰ্ধৰ কবিতাৰে সমৃদ্ধ প্ৰায়বোৰ কবিতাতেই কবিৰ সংবেদনশীল মনৰ পৰিচয় পোৱা যায়।
প্ৰকৃতি বিষয়ক, সমাজৰ বাস্তৱ প্ৰতিচ্ছবি, প্ৰেম, বিৰহ আদি ভাৱৰ বুৰবুৰণিবোৰ কবিয়ে সহজ সৰল প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে সকলো পাঠকৰ বোধগম্য হোৱাকৈ।প্ৰতিটো কবিতাতেই কবিয়ে সতৰ্কতাৰে আগবাঢ়িছে শব্দশৈলীৰ ব্যৱহাৰৰ ক্ষেত্ৰত। এইক্ষেত্ৰত কবিৰ মনোজগতৰ উমান পাব পাৰি। ভিন্ন স্বাদেৰে ভৰপুৰ কাব্যসংকলন খনৰ দুটিমান কবিতাৰ চমু আলোকপাত পাঠকৰ জ্ঞাতাৰ্থে দাঙি ধৰা হ'ল ।
কাব্যসংকলনখনৰ "শৰতৰ আগমনত" নামৰ কবিতাটোত (পৃষ্ঠা নং ১৫) প্ৰকৃতি ৰাণী শৰতৰ অপৰূপ সৌন্দৰ্যৰে ভৰা ধৰণীৰ ৰূপ ৰস সজাই তুলিছে কবিৰ অনুভৱৰ তুলিকাত। গ্ৰীষ্মৰ প্ৰসাৰ উত্তাপ অতিক্ৰমি শৰতৰ শীতল পৰশেৰে শাৰদী ৰাণীক আমন্ত্ৰণ জনায় বিনীত নিবেদনে।
শেৱালিৰ সুবাসেৰে সুবাসিত কৰে শৰতৰ সন্ধিয়া। দুবৰিৰ বুকুত নিয়ৰৰ মুকুতা সিঁচি উজ্জ্বলাই তোলে দুবৰিৰ দলিছা। ৰাতিৰ আকাশত জিলিকি থকা তাৰকাপুঞ্জকো শৰতেই লগত লৈ আহে শৰতৰ স্নিগ্ধ নিশা উদ্ভাসিত কৰিবলৈ। কবিয়ে সুনিৰ্মল শৰতক সম্ভাষণ জনাইছে প্ৰকৃতিৰ বুকুত অনাবিল শান্তিৰ নিজৰা বোৱাই সবাৰে মন পুলকিত কৰিবলৈ।
"শৰত, তুমি আহিছা /গ্ৰীষ্মৰ প্ৰচণ্ড তাপত/তাপিত হোৱা প্ৰকৃতিক/তোমাৰ শীতল পৰশেৰে /স্নিগ্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে /তুমি আকৌ আহিছা। /লগত বাৰু তুমি কি কি আনিছা? /শেৱালিৰ স্নিগ্ধ সুবাস, /দূবৰি বনত মুকুতা হৈ জ্বলা /কণ কণ নিয়ৰ কণিকা, /আৰু আনিছানে নাই বাৰু /নিৰ্মল আকাশত জ্বলি থকা /সন্ধিয়াৰ থুপি থুপি থুপি তৰা? /আঁহা শৰত /তোমাক সম্ভাষণ জনাইছোঁ /তোমাৰ আগমনে যেন/সকলোৰে অন্তৰত বোৱাই দিয়ক/অনাবিল শান্তিৰ নিজৰা /এইয়ে মোৰ একান্ত কামনা । "
কাব্যসংকলনত" জাতিৰ অসুখ "(পৃষ্ঠা নং ৪৬)কবিৰ সমাজ সচেতন মনৰ পৰিচয় পোৱা যায়।সমাজত দিনক দিনে
বাঢ়ি অহা হিংসা, হত্যা, ধৰ্ষণ লুন্ঠন, দূৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়, উৎপীড়নে মানুহ জাতিটোক ৰোগাক্ৰান্ত কৰি তোলা বাস্তৱ চিত্ৰখনে কবি হৃদয় ব্যৰ্থিত কৰি তুলিছে । ধৰ্মৰ নামত, ভাষাৰ নামত, সম্প্ৰদায়ৰ নামত মানুহৰ মাজত যি কন্দলৰ সৃষ্টি হৈ কটাকটি, মৰামৰি হৈ সৌন্দৰ্য্যময়ী পৃথিৱীৰ প্ৰদূষিত হৈ পৰিছে সেই পংকিলময় সমাজৰ যান্ত্ৰণাময় ছবি
খনে কেৱল সাম্প্ৰতিক সময়ৰ ধূসৰিত ছবিখন পৰিস্ফুট কৰা নাই অনাগত দিনৰ ভয়াবহতাৰ কথাও উমান দিছে গতিকে সমাজিক প্ৰাণী মানুহে মানুহৰ প্ৰতি পৰস্পৰে পৰস্পৰৰ প্ৰতি হিংসা দ্বেষ এৰি সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰি একতাৰ ডোলেৰে বান্ধ খাবৰ সময় হ'ল । অৱশ্যে কবিয়ে মানুহ জাতিয়ে সৃষ্টি কৰা ভয়াবহ ছবিখন অংকণ কৰিছে কবিতাটোত ।
"এটা জাতি /টান নৰিয়াত পৰিছে /হিংসা, হত্যা, লুন্ঠন, ধৰ্ষণ /দূৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়, অবিচাৰ /আদি বিভিন্ন ৰোগৰ বীজাণুৱে আগুৰি ধৰি /জাতিটোক ৰোগাক্ৰান্ত কৰি তুলিছে। /ভাষাৰ নামত/ধৰ্মৰ নামত /সম্প্ৰদায়ৰ নামত/গাৰ অংগ কিছুমান টুকুৰা টুকুৰকৈ /গাৰপৰা এৰাই পৰিছে /উঁৱলি যোৱা সংস্কৃতিৰ পঁচা দুৰ্গন্ধই /চৌপাশ প্ৰদূষিত কৰি তুলিছে /ওপৰত উৰি ফুৰিছে /ভেনা মাখিৰ জাক/জাতিৰ এই কৰুণ দুৰ্দশা দেখি /অসহায় সাধাৰণ জনতাই /নীৰৱে চকুলো টুকিছে /চিকিৎসাৰ অৱহেলা দেখি /কোনোবাই যদি খঙৰ ভমকত বৰ্হি প্ৰকাশ ঘটাইছে /লগে লগে তাক/কাৰাগাৰৰ আলহী কৰি ৰাখিছে ।
বহুত ভাল লাগিল কবি শিখা হাজৰিকা বাইদেউৰ কাব্য সংকলন খন পঢ়ি। মোৰ ক্ষুদ্ৰ অনুভৱৰে কাব্যসংকলন কেইটামান কবিতা বিশ্লেষাত্মক দৃষ্টিৰে চালোঁ। অজানিতে ৰৈ ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। শেষত কবিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি সামৰণি মাৰিলোঁ।