Type Here to Get Search Results !

আশাৰে বেপাৰ

 শতাব্দী শৰ্মা 


এই যে লাইট প’ষ্টটো!
তাৰ কাষতেই কলৰ খৰাহিটো !
এজন মানুহ, মূখত পৰিস্ফূট হাজাৰ আশা !
প্ৰতিদিনেই শ শ মানুহৰ আহ-যাহ!
"কলখিনি আজি বিক্ৰী হ'লেই হ'ল..........."
মনটোক ইমানকণেই আশ্বাস দিয়ে !
কেতিয়াবা আখিৰ পৰা পৰি যোৱা কলটো 
বহি বহি আমনি লাগিলে মূখত ভৰায়......
ওচৰেদি যোৱা বাটৰুৱাক কয় ,
"দাদা/বাইদেউ কল লৈ যাওঁক"!
উত্তৰবোৰ কেতিয়াবা সকৰাত্মক ,
উত্তৰবোৰ কেতিয়াবা নকৰাত্মক ,
জীৱন যুঁজৰ মহানায়কৰ আত্মসন্তুষ্টিৰ হাঁহি!
ৰাতিপুৱাৰ আশাবোৰ গধূলি ষ্ট্ৰীট লাইটত 
ক্ষণিক তৰা হৈ জিকমিক কৰে ৷
ৰাতিৰ আন্ধাৰত মানুহজন যায়গৈ .......
পিছদিনা সূর্য উঠাৰ ক্ষণ উপভোগৰ আকাংক্ষাৰে...