Type Here to Get Search Results !

তুমি হেনো আহিবা

 জীনামণি বৰগোহাঁই দুৱৰা


এইবাৰ বহাগ বিহুত
তুমি হেনো আহিবা
আমাৰ ঘৰলৈ।
অহুকাণে  পহুকাণে
শুনিলোঁ  কথাষাৰ
সেয়েহে বুজিছা এইবাৰ
মোৰো ব্যস্ততা বাঢ়িছে।
তোমাৰ  বাবে বৈ থকা
শালৰ  গামোচাখনিত
প্ৰয়োজনতকৈয়ো ডাঙৰ 
ফুল   বাচিছো।
বিহুৰ বাবে তিলপিঠাও 
নিজ হাতেৰে বনাইছোঁ।
ঘৰৰ সকলোৱে কৈছে
এইকেইদিন মই বোলে বৰ
উজুটি খাই ফুৰিছোঁ।
তুমি কিন্তু নহাকৈ নাথাকিবা দেই
মই বাট চাই ৰ'লো---
এইবাৰ  বিহুলৈ তোমাৰ বাবেই।