সুৰভি বৰ পাত্ৰ গোহাঁই ,শিৱসাগৰ
শেষৰ জাক পছোৱাই
ধূসৰিত পোছাকযোৰ সোলোকাই
কাণে কাণে কৈ গ'ল,
তেওঁ আহিব আজি
নিজান দূপৰ ৰাতি
ৰুণজুন নূপুৰ পিন্ধি ।
শুই পৰিল বাটৰ ধূলি
জীপাল হৈ উঠে
হিয়াৰ পদূলি,
উদূলি মুদুলি
ভোমোৰাৰ মৃদু গুঞ্জনে দিলে
তুমি অহাৰ বাতৰি।
গছে গছে বিৰিঙে সেউজী হাঁহি
কুউ কুউ কৈ
ডালে ডালে পাতে পাতে
মৌ মিঠা মাতে
শিহঁৰিত কৰে অবুজ শিহৰণে ।
কপালৰ চোতালত আশাৰ সপোন ফুলে
জাঁই জুতি মালতী হৈ,
গোলাপ তগৰ
কপৌ খৰিকাজাঁই
গাত তৎ নাই
উলাহতে সুগন্ধি ছটিয়াই ।
চৌদিশে মহাৰোল
আকাশে বতাহে
জলে স্থলে,
ঢোলে দগৰে কঁপি উঠে
অসমী আইৰ সেউজী বুকু ।
নতুন দিনৰ নৱ প্ৰভাতৰ সুমংগল ধ্বনি।
খিটিখিতি সৰে
হাতৰ মাঁকো,
উলাহত
উছাহত
মনৰ আবেগত থৌকি বাথৌ
লয়লাস ভংগীৰে সোণালী জখলাৰে
আহিছে নামি ,
হিয়াৰ আমঠু ব'হাগীজনী ।