Type Here to Get Search Results !

সম্পাদকীয়

 ৰঙালী বিহুৰ অনুভৱ


অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।

এয়া অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটি আমাৰ আগত নিচেই সমাগত, প্ৰকৃতিও বৰণ সলাইছে। এই হৃদস্পন্দন ৰঙালী বিহটিক আদৰিবই লাগিব।
আকৌ সুধাকন্ঠ দেৱেও গাই গৈছে…
ব'হাগ মাথো এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ,
অসমীয়া জাতিৰ আয়ুৰেখা
গণজীৱনৰ ই  সাহ।
  নিশ্চয়কৈ। অসমীয়া জাতীয় জীৱনৰ লগত ব'হাগ আৰু বিহু উশাহ-নিশাহৰ দৰে এৰাব নোৱৰা সম্বন্ধ। আমাৰ জাীৱনলৈ, সমাজলৈ আৰু জাতীয় জীৱনলৈও বহু পৰিবৰ্তন আহিছে। এই পৰিবৰ্তন অহাতো স্বাভাৱিক। সকলোৱে যেতিয়া পৰিবৰ্তনশীল তেতিয়া চিৰ আপোন ৰঙালী বিহুলৈও অহা পৰিবৰ্তনক আমি অস্বীকাৰ কৰিব নোৱাৰো। মাথো আশাকৰো বিহুৰ স্বকীয়তাৰ মাজেৰে পৰিবৰ্তনক যাতে আদৰণি জনাই জাতিৰ আয়ুৰেখা ডালিক আৰু দীৰ্ঘায়ু কৰিব পাৰোহঁক।
  বসন্তৰ ন-পৰশে প্ৰতি ব্যক্তি আৰু পৰিয়াললৈ কঢ়িয়াই আনক আনন্দ আৰু অফুৰন্ত কৰ্মোদ্যম সমলয় পৰিয়ালৰ হৈ তাকেই আশা কৰিলো। সকলোটিলৈ জনালো বিহুৰ ওলগ আৰু শুভকামনা।

অৰুণ কোঁৱৰ
সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী
৭/৪/২০২২