Type Here to Get Search Results !

জয়মতী কুঁৱৰীৰ পৰবৰ্তী সময়ৰ গদাধৰ সিংহৰ ৰাজত্ব কাল

দীপজ্যোতি বৰগোহাঞি

     জয়মতী কুঁৱৰীক বন্দী কৰাৰ আগেয়ে ন্যায় ব্যৱস্থা কেনে আছিল সেই প্ৰশ্ন উথাপিত হোৱাটো অতি স্বাভাবিক ;য’ত মন্ত্ৰী সকলৰ এখন পৰিষদ থাকে ;য’ত লাইথেপেনা বৰ গোহা্ঞিয়ে সাহসৰে থিয় দি জয়মতীক বচাব নোবাৰিলে ৷জয়মতীয়ে আমৃত্যু শাস্তি ভোগ কৰিও নিজৰ স্থিতিত অটল থাকি গদাপাণিৰ সন্ধান নিদিয়াকৈ ৰ’ল সেই বাবে তেওঁক স্বদেশ আৰু স্বজাতিৰ বাবে প্ৰাণ ত্যাগ কৰা প্ৰথম গৰাকী সত্যাগ্ৰহী শ্বহীদ আখ্যা দিব পাৰি ৷জয়মতীৰ আদৰ্শই সেই সময়ৰ সামাজিক ৰাজনৈতিক জীৱনত এক গভীৰ প্ৰভাৱ প্ৰভাৱ পেলাইছিল ৷ল’ৰা ৰজাৰ ৰাজত্ব কাল অন্তকৰ্লহেৰে ভৰপুৰ ৷ল’ৰা ৰজাৰ নিকট আত্মীয় লালুকসোলাৰ কাৰ্যত  ৰাজনৈতিক অন্তকৰ্লহে চৰম সীমা পাইছিলগৈ ৷প্ৰজাৰ নিৰাপত্তা নোহোৱা হৈছিল ৷ৰজা আছিল অযোগ্য আৰু ৰজাই নিজৰ ক্ষমতা ৰক্ষাতে ব্যস্ত থকাত প্ৰজাৰ হিত সাধন তল পৰিছিল ৷প্ৰজাসকলৰ আনুগত্য ইজনৰ পাছত সিজন ডাঙৰীয়ালৈ সলনি হৈ থাকিব লগা হৈছিল ৷সেই সময়ত গদাপাণিৰ ভিনিয়েক বন্দৰ বৰ ফুকন কলিয়াবৰত আছিল আৰু তেওঁক গড়গঞা সন্দিকৈ ;নেওগ ফুকন ;চাৰিঙ্গীয়া ফুকনে সহায় কৰিলে ৷ফুকন সকলে প্ৰথমতে গুৱাহাটীৰ পৰা মোগলক খেদা সম্পৰ্কে আলোচনা কৰিলে ৷তেওঁলোকৰ আনটো লক্ষ্য আছিল ল’ৰা ৰজাক ৰাজপাটৰ পৰা আঁতৰ কৰা ৷ৰজা বাছিবলৈ গোহাঞিসকলৰ সন্মতি লাগে ৷কলীয়াবৰা ফুকনে মুল উদ্দেশ্য গোপনে ৰাখি গোহাঞি আৰু ফুকন সকলক আমন্ত্ৰণ জনালে ৷দীঘলা বৰগোহাঞি ;লাইথেপেনা বৰ গোহাঞি ;চপা পানীফুকন ;চিৰিঙ্গীয়া ফুকন ;নামদঙ্গীয়া ফুকন ;গড়গাওঁৰ পৰা আহিল ৷গড়গঞা সন্দিকৈ ফুকন আৰু চাৰিঙ্গীয়া ফুকনে ল’ৰা ৰজাৰ ঠাইত গদাপাণিক ৰজা পতাত গুৰুত্ব দিছিল ৷কোঁৱৰক দৈয়াং ৰাজখোৱাৰ ঘৰত ৰখা হৈছিল ৷ডাঙৰীয়া সকলে পোনেই তেওঁক ৰজা নাপাতি চাৰিঙ্গীয়া ৰজা খিতাপ দিছিল ৷তেওঁ সেয়া গ্ৰহণ নকৰিলে ৷ল’ৰা ৰজাক আঁতৰোৱাৰ ক্ষেত্ৰত ডাঙৰীয়া সকল প্ৰথমে দুটা ভাগত বিভক্ত হ’লেও অৱশেষত একমতলৈ আহিছিল ৷১৬৮১ খ্ৰীষ্টাব্দ (১৬০১ শক বৰফুকন আৰু গোহাঞি সকলে তুংখুঙীয়া ফৈদৰ গদাপাণিক ৰজা নিৰ্বাচন কৰিলে ল’ৰা ৰজাক বন্দী কৰা হ’ল আৰু নামৰূপত  হত্যা কৰা হ’ল ৷গদাপাণিয়ে গদাধৰ নামলৈ নিজৰ যোগ্যতা প্ৰমাণ কৰি দেশলৈ শান্তি শৃংখলা ঘুৰাই আনিছিল ৷বিবেচনাহীন বিষয়াসকলক গুৰুত্বপুৰ্ণ পদবীৰ পৰা আঁতৰাই দিছিল ৷শৰাইঘাটৰ যুদ্ধৰ পিছৰ পৰা দেশৰ ভিতৰত ৰাজনৈতিক বিচক্ষণতা অন্তকৰ্লহ  দমনৰ উপযুক্ত নাছিল ৷সেই সময়ছোৱাতে নৱ বৈষ্ণৱ ধৰ্ম শক্তিশালী হৈ উঠিছিল ৷শংকৰদেৱৰ দ্বাৰা চাৰিত ভক্তি আন্দোলনে ৰাজ্যখনত গণতন্ত্ৰৰ বীজ সিঁচিছিল ৷দুৰদৃষ্টিসম্পন্ন ৰাজনীতিক হিচাবে গদাধৰ সিংহই দেখিছিল যে ;নৱবৈষ্ণৱ ধৰ্ম প্ৰবৰ্তিত নিৰামিষ আহাৰে যুজাৰু জাতি এটা দুৰ্বল হৈ পৰিব  ৷আনহাতে ৰাজমন্ত্ৰী পুৰ্ণানন্দ বৰগোহাঞিৰ দিনলৈকে ৰজাৰ কোনো আছুতীয়া সৈন্যদল নাছিল ৷পাইক সকলেই ৰজাৰ বাবে প্ৰয়োজনীয় শ্ৰমদান দিছিল আৰু যুদ্ধও কৰিছিল ৷এই ক্ষেত্ৰত গদাধৰ সিংহৰ কিছু ব্যক্তিগত অভিজ্ঞতা আৰু যুক্তিও আছিল প্ৰখৰ আৰু সবল ৷গদাধৰ সিংহই বৈষ্ণৱ ধৰ্মীয় গোসাই সকলক শাস্তি দিয়াৰ নিয়মো কৰিছিল ৷তেওঁ দেখিছিল যে ;অসমীয়া সমাজত ধৰ্মনিৰপেক্ষ আৰু ধম্মীয় দুটা ভাগৰ সৃষ্টি হ’লে ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ পৰিবেশ বিনষ্ট হব ৷ৰাজ্য এখন ধৰ্মৰ দ্বাৰা পৰিচালিত হ’ব নালাগে ৷সকলো ক্ষেত্ৰতে ধৰ্মনিৰপেক্ষহে হব লাগে ৷বৈষ্ণৱ ধৰ্মৰ উদাৰতাবাদ আৰু ধৰ্মীয় মানৱতাবাদে পাইকসকলকে ধৰি বহুতকে আকৰ্ষণ কৰি আঁতৰাই নি এক প্ৰকাৰ নিস্কিয় আৰু নিৰাসক্ত কৰি তুলিছিল ৷আৰু বৈষ্ণৱ মহন্তসকলে সৃষ্টি কৰা ধৰ্মীয় শক্তিয়ে আহোম শাসনৰ প্ৰতি ভীৰ্তি সঞ্চাৰ কৰিবলৈ ধৰিলে ৷তেওঁৰ সময়ত এজন প্ৰধান ৰাজনীতিজ্ঞ হিচাপে গদাধৰ সিংহই ধৰ্মীয় অনুশাসনৰ প্ৰতি কঠোৰ নীতি গ্ৰহণ কৰাটো নি:সন্দেহে  ন্যায়সঙ্গত আছিল ৷আৰু সেই কাৰ্যই পাইক ব্যবস্থা ভাগি নোযোৱাকৈ ৰাখিব পাৰিছিল ৷ভকতসকলক পুখুৰী খন্দোৱা ;ৰাস্তা বন্ধোৱা ;আদি জনহিতকৰ কামত লগোৱাটোও নিশ্বয় যুক্তি আছিল ৷গদাধৰ সিংহৰ ৰাজত্বকালৰ  সময়ছোৱালৈকে আহোম সকলে কোনো ধৰ্ম প্ৰবৰ্তকৰ কঠোৰ ধৰ্মীয় নীতি মানি চলা নাছিল ৷জয়মতী কুঁৱৰীৰ মৃত্যুৰ পাছত গদাপাণিয়ে তেওঁৰ ভিনিয়েক বন্দৰ বৰফুকনৰ আশ্ৰয় লৈছিল ৷(সহায়লৈ======== স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্ব কাল ড° হৰেন্দ্ৰ নাথ ফুকন অনুবাদ মামণি বৰগোহাঁই )