ৰঞ্জিত চুতীয়া
চহা জীৱনৰ প্ৰধান অৰ্থনৈতিক সমল হৈছে গৰু, পথাৰ আৰু বাগিচা। গৰু কৃষকৰ বহুমুলীয়া সম্পদ। এসময়ত গৰুৱেই আছিল একমাত্ৰ শক্তিৰ সমল। গৰু শক্তিৰে কৃষকসকলে পথাৰত হাল বায়, গাড়ী টানে। গৰু জৈৱিক শক্তিৰ আধাৰ। বৰ্তমান গৰু শক্তিৰ সলনি বিভিন্ন ধৰণৰ যান্ত্ৰিক শক্তি ব্যৱহাৰ কৰা হৈছে। কিন্তু যন্ত্ৰসমূহ চালিত কৰিব কাৰণে ইন্ধন জ্বলাব লগা হয়। ফলত ইয়াৰ পৰা প্ৰদূষণ সৃষ্টি হৈ জীৱকুললৈ বিপদ মাতি আনে। আনহাতে গো-শক্তিৰ পৰা কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি হোৱা আকাংক্ষা নাই। গো-শক্তিৰ আধাৰ হৈছে ঘাঁহ বা গছ। ঘাঁহ বা গছৰ শক্তিৰ আধাৰ হৈছে সূৰ্য। অৰ্থাৎ সৌৰ শক্তিয়েই গৰুৰ মাজেৰে আহি মানৱ সমাজৰ খাদ্য যোগানৰ আধাৰ হয়। এই শক্তি সৰবৰাহৰ প্ৰক্ৰিয়াত গৰুৱে মুখ্য ভূমিকা গ্ৰহণ কৰে। সেই বাবেই গৰু বিহু তাৎপৰ্যপূৰ্ণ।
ৰঙালী বিহুৰ সময়ত ঘৰে ঘৰে হুঁচৰি গাবলৈ যাওঁতে বিহুৱাসকলে গৃহস্হৰ গোহালি গৰু-ম'হেৰে ভৰি পৰিবলৈ, শস্যৰ ভঁৰাল উপচি পৰিবলৈ, ধনাঢ্য আৰু ঐশ্বৰ্যশালী হ'বলৈ আৰ্শীবাদ দি গায়, -------------
" এ গোহালিত গৰু ----- হৈছে
পুখুৰীত মাছ ------------ হৈছে
ভঁৰালত ধান ----------- হৈছে
বাৰীত তামোল পাণ -- হৈছে"
অসমৰ কৃষকসকলৰ উৎপাদন বৃদ্ধিত গৰুৰ পৰা পোৱা সেৱাৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। সেইবাবে গো- লখিমী। গৰুক শ্ৰদ্ধাৰে পৰিচৰ্যা কৰিলেহে লখিমী আহে। সেইবাবে ৰঙালী বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে পালন কৰা হয়। আশা কৰা হয় সিহঁত অধিক স্বাস্হ্যবান হৈ কৃষকক অধিক সেৱা আগবঢ়াব পাৰে। সেয়েহে গৰু বিহুৰ দিনা গৰুক গা ধোৱাৰ সময়ত গায়, --------
"লাউ খা বেঙেনা খা
বছৰি বছৰি বাঢ়ি যা
মাৰে সৰু বাপেৰে সৰু
তই হ'বি বৰ গৰু "
অৱশ্যে গৰু বিহুত কেৱল যে গৰুকেই শুশ্ৰূষা কৰা হয় এনে নহয়। সকলোবোৰ ঘৰচীয়া জীৱ-জন্তু যেনে - ছাগলী, হাঁহ, কুকুৰা আদি প্ৰত্যেকটো জীৱ-জন্তুকে শুশ্ৰূষা কৰা হয়। কাৰণ প্ৰত্যেকটো জীৱ-জন্তুৱেই কৃষকৰ বাবে সম্পদ। এই সম্পদ বিলাক বৃদ্ধি মানেই কৃষকৰ ধন-ঐশ্ব্যয বৃদ্ধি। গৰু বিহুৰ মাজত এনে প্ৰাণীজ সম্পদ বৃদ্ধিৰ উদ্দেশ্য আৰু শিক্ষা থাকে। বৰ্তমান ই পৰম্পৰা বা কৃষ্টি হৈছে, কিন্তু এসময়ত ই কৃষকৰ দৈনন্দিন অৰ্থনৈতিক কৰ্ম আছিল। বৰ্তমান যিসকলে কৃষি কাৰ্যত গৰু বা ম'হ ব্যৱহাৰ কৰে অথবা ঘৰচীয়া জন্তুৰ পালনক জীৱিকা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকে গৰু বিহু দিনা নীতি-নিয়মসমূহ পালন কৰে।
গৰুক যে কেৱল হাল বোৱা, গাড়ী টনা আদিতে ব্যৱহাৰ কৰা হয়, এনে নহয়। গৰুৰ গোবৰখিনিও কৃষকৰ বাবে অতি প্ৰয়োজনীয়। ই পথাৰত উৎপাদনশীল ক্ষমতা বৃদ্ধি কৰি তোলে। তদুপৰি কৃষকসকলে গোবৰখনি পথাৰলৈ টানি নিবৰ বাবে ব্যৱহাৰ কৰা গাড়ীখনো গৰুৱেই টানি নিয়ে। আকৌ উৎপাদিত শস্যখিনিও গৰু গাড়ীৰেই ঘৰলৈ চপাই আনে। পথাৰ পৰিচালনাৰ জৈৱ চক্ৰত গৰুৱে মুখ্য ভূমিকা পালন কৰে। গাখীৰ উৎপাদনৰ কথাও এই খিনিতে উল্লেখ কৰিব পাৰি। গৰু বা ম'হৰ গাখীৰ পুষ্টিৰ পৰা কৃষ্টিলৈকে জড়িত। বিহুৰ দিনা খাবলৈ দৈ কণ উৎপন্ন কৰিবলৈ হ'লেও গৰু বা ম'হ লাগিব। বিহুৰ বতৰত সকলো দ্ৰব্যই মহঙা হয়। কিন্তু ঘৰত গাই গৰু থাকিলে নিজৰ প্ৰয়োজনীয়খিনি পূৰণ কৰি বাকী থকা খিনি বিক্ৰী কৰি দুপইচা উপাৰ্জন কৰিব পাৰি। গৱেষণাৰ পৰা গম পোৱা গৈছে যে গো-মুত্ৰ এবিধ জৈৱিক কীটনাশক। কৃষকসকলে অধিক উৎপাদনৰ বাবে পঞ্চগব্য ব্যৱহাৰ কৰে। পঞ্চগব্য হৈছে ঘিঁ, গাখীৰ, দৈ, গোবৰ আৰু গো-মুত্ৰৰ আনুপাতিক মিশ্ৰণ। এই মিশ্ৰণে এহাতে অধিক পুষ্টি যোগায়, আনহাতে কীট নিয়ন্ত্ৰণ কৰে। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে এই পঞ্চগব্য কৃষকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত মাটি, পানী আৰু বায়ু প্ৰদূষণ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। পঞ্চগব্যই পৰিৱেশক ৰক্ষা কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰে। ইয়াৰ পৰা দেখা গ'ল যে - গৰু, ম'হকে আদি কৰি পোহনীয়া জন্তুৱে আমাক কেৱল অৰ্থনৈতিক ভাবে সবল কৰাই নহয়, ই পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাটো মুখ্য ভূমিকা গ্ৰহণ কৰে। সেই বাবেই কৃষকসকলে কয়, -------
"যাৰ নাই গৰু, সি সবাতোকৈ সৰু
যাৰ নাই ধান, তাৰ নাই মান।"