Type Here to Get Search Results !

বৰদৈচিলা

 সবিতা বৰুৱা ফুকন


 

চ'তৰ  বিহুতে তুমি অহাৰ  কথা ,
আয়ে মোক  কৈছিল ...

তোমাৰ কথা ভাবি মনটো
উগুল -ঠুগুল লাগিছিল 
আগফালৰ গোহালিৰ ঘৰটো
তেনেই  পচি আছে  !
কাকিনি তামোল কেইজোপাও 
 বৰকৈ  ওখ  হৈছে  ....!
সেয়ে  হয়তু তুমি আহিবা বুলি 
  বুকুখনে  ধান বানিছে...! 

বৰঘৰৰ মূধচটোও এইবাৰ 
তোমাৰ  লগতে যাম বুলি 
সাজো  হৈ  আছে  !

তথাপি  তুমিতো আহিবা, 
প্ৰতিটো বছৰৰ দৰে 
প্ৰতিটো বসন্তৰসতে  !

সিদিনা ও ওৰে ৰাতি মই 
তোমাকেই চাই আছিলোঁ 
মোৰ বৰঘৰটো তোমাৰ লগত 
গুচি যোৱাৰ দুখ মোৰ নাছিল 
  দুখ লাগিছিল... 
যি সময়ৰ বুকুছাত 
উৰি  গৈছিল 
মোৰ বুকুৰ বৰঘৰটো...!