Type Here to Get Search Results !

ব'হাগৰ মালিতা

 গীতাঞ্জলি দেৱী




ৰাতি পৰে-পৰে কি সৰে বগীতৰা ?
তোৰ উঠনীয়া বুকুৰ হেঁপাহ নে অকাৰণ বেথা ?

ফুলেও জানেচোন ঋতুৰ কবিতা ।

ওঁঠ চুমি কি ৰাগেৰে ৰাগীয়াল মতলীয়া বাঁহী ?
তোক জোকাই নে নিচুকাই ?
কিয় লুকুৱাই থৱ' তোৰ লাজেধোৱা হাঁহি ?

বতাহেও আনেচোন আশাৰ বতৰা । 

নৈ লৈ কিয় হালে ন-ডালি ভলুকা ?
কিয় কঁপে ঘনে  তোৰ চন পৰা কলিজা ? 

পখীয়েও জানেচোন গীতৰ মালিতা ।

কাৰ উশাহত উঠা-নমা কৰে তোৰ কঁপালৰ অবাধ্য অলকা ?
বগীতৰা কেনেকৈ খহে  তোৰ লাজ-ঢকা ৰীহা ?

নদীয়েও ভাঙেচোন ওখকৈ গৰা ।