Type Here to Get Search Results !

ব’হাগৰ দুটি স্তৱক

 চৈয়দা চায়ৰা বেগম


    (১)

ন-কুঁহিৰ বুলনিত
ব’হাগৰ জাননী
ওখ বিৰিখত কুলি-কেতেকীৰ বিননি
এইয়া যে বাপতিসাহোন ৰঙালী বিহুটি ৷

    (২)
দূৰণিত কাৰ বাঁহীৰ সুৰে
কলঞ্চুপাৰৰ গাভৰুক উন্মনা কৰে
খোপাত কপৌফুল গুজি কোন গাভৰুৱে
চেনাইক বিচাৰি বিহুগীত এফাকি জুৰে ৷