Type Here to Get Search Results !

ব'হাগী শোক

 ৰিংকুমনি দত্ত 


শোকত ভিজাঁ ব'হাগ,
জেতুকাৰ ৰঙত
প্ৰাচীন তেজৰ চলন...
কৰবাত আকৌ ঢোল বাজিব
পুৰণা ৰিহাৰ ভাঁজত
যৌৱনে জন্ম পাব..
পিঠা-পোৰা আখলত
এমহীয়াকৈ উজাগৰ হ'ব চুবুৰী

নাই...
ব'হাগ ইমান নিৰস!!
নহ'বই বা কিয়??
ব'হাগ লগা আহত জোপা
এতিয়া শিল বালিৰ অট্টালিকা..

ঢেকীঁটো মৰিল,
তাঁত শালত পৃথিৱী এখন বাকিবলৈ
শিপিনীবোৰো মৰিল..

এতিয়া আমি
উশাহ লোৱা মৃতদেহ
এছফাল্টৰ পথত
কপৌঁৰ শিপা গজাঁটো অমূলক...
আজুককাৰ সাধুটোকে লৈ
উভতি যা এইবাৰো,
ব'হাগ.......