প্ৰগতি গগৈ চাংমাই
বসন্তৰ কুঁহিপাতখিলা পুনৰ সজীৱ হ'ল
ফাগুনে কঢ়িয়াই অনা কুঁহিপাতত
প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ বতৰা।
প্ৰাচুৰ্যৰে ভৰিল ধৰা।
কুলিজনীৰ মধুৰ গীতত সুৰ মিলালে
জিৰ্ জিৰ্ নিজৰাই।
ৰিব্ ৰিব্ মলয়াজাকৰ সতে উটি আহিল
আপুৰুগীয়া বনফুলৰ সুবাস।
তাঁতশালত জিলিকিল
মৰম-চেনেহৰ অপূৰ্ব সমাহাৰ
বিহুৱান।
মন ৰাইজাই কৰিলে ফাগুনে।
পছোৱাছাটিয়ে থৌকিবাথৌ কৰি
মনটিক লৈ গ'ল নৈৰ পাৰৰ কঁহুৱাখিনিলৈ।
শৰালিখিনিয়ে মুক্ত মনে উৰিল নীলাকাশত।
গাভৰুৰ দুহাতত জেতুকাৰ বোল
ঢোল পেঁপাৰ মাতে ঘূৰাই আনিলে
মৃতপ্ৰায় গাঁওখনিলৈ সজীৱতা।
দুখৰ মাজতো এফাঁকি বিহুগীত
প্ৰতি ওঁঠৰ ভাঁজে ভাঁজে।
নাচোনৰ উলাহ
সকলোৰে দেহ মনত।
ডালৰ কপৌপাহিয়ে বাট চাই
নাচনীজনীৰ আলফুলীয়া খোপাটিলৈ হাঁহি মাৰি।
সহ: শিক্ষয়িত্ৰী, নাজিৰা।