Type Here to Get Search Results !

অসমীয়াৰ স্বাভিমান 'গামোচা'

 মনস্বিনী শৰ্মা


 অসমীয়াৰ এক সুকীয়া পৰিচয়,স্বাভিমান তথা সন্মানৰ প্ৰতীক গামোচা।উৎসৱ-পাৰ্বন, ৰীতি- নীতিৰ পৰা দৈনন্দিন কাম-কাজলৈকে গামোচা এক অপৰিহাৰ্য বস্ত্ৰ।সাধাৰণতে গামোচা হৈছে চাৰিওফালে ৰঙা সূঁতাৰে (কিছুমানত সেউজীয়া সূতাও থাকে ) পাৰী দি বোৱা এখন বগা দীঘলীয়া কাপোৰ।অসমৰ জনজীৱনত গামোচাৰ ব্যৱহাৰ গভীৰ।বিহুৱা ডেকাজনৰ মূৰত,কঁকালত গামোচাখন থাকিবই।মানীজনক সন্মান জনাবলৈ গামোচা অপৰিহাৰ্য।পূজা-সেৱা কৰ্ম,নামঘৰ- মন্দিৰলৈ যাওঁতে গামোচাখন ডিঙিত মেৰিয়াই যোৱাতো অসমীয়াৰ এক সামাজিক পৰম্পৰা।দৈনন্দিন তিয়নী হিচাপে ব্যৱহাৰ কৰা গামোচাখনত সাধাৰণতে পাৰী দিয়া থাকে আৰু সন্মান জনাবলৈ ব্যৱহাৰ কৰা গামোচাখনত ফুল থাকে অৰ্থাৎ ফুলাম গামোচা।গোঁসাইৰ সিংহাসনত  দিয়া গামোচাখনত ভগৱানৰ নাম বা চিত্ৰ থাকে।নামনি অসমত গামোচাক 'গাম্চা', 'মুকচা' বা 'দুহেইটা' আদি নামেৰেও জনা যায়।  সাহিত্যিকভাৱে গামোচাৰ অৰ্থ হৈছে কোনো বস্তুৰে শৰীৰ মচা কাৰ্য (গা+মচা=গামোচা)।ড° লীলা গগৈৰ মতে,অসমত আহোম ৰাজত্বৰ দিনৰ পৰাই গামোচাৰ ব্যৱহাৰ আছিল।অসমীয়াৰ গামোচাখনৰ বিভিন্ন প্ৰকাৰ আছে।সেইসমূহ হ'ল- 
১)গোঁসাই গামোচাঃ এই গামোচা গোঁসাই ঘৰৰ থাপনা,আসনঘৰ,ধৰ্মীয় গ্ৰন্থ,মণিকূট আদিত ব্যৱহাৰ হয়।ৰঙা-সেউজীয়া সূতাৰে ধৰ্মীয় না না চিহ্ন-চানেকীৰে যেনে শৰাই,বৰতাল আদি আপুৰুগীয়া বস্তুৰ চানেকী বছা হয় আৰু গোটেই গামোচাখনত কৃষ্ণ,ৰাম নাইবা কীৰ্তন-নামঘোষাৰ সুন্দৰ ঘোষা-পদ লিখা হয়।বহু নীতি-নিয়ম মানি চলি এই গোঁসাই গামোচা বোৱা হয়।
২)বিহুৱান গামোচাঃ 'চেনেহৰ দীঘেৰে,মৰমৰ বাণিৰে,হেঁপাহৰ আঁচুৰে বোৱা' এই বিহুৱান গামোচাখন বিহুৰ দিনা আপোনজন আৰু জ্যেষ্ঠজনক উপহাৰ দিয়া হয়।চ'তৰ আগমনৰ লগে লগে গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে বিহুৱান গামোচা বৈ শেষ কৰে।শ্ৰদ্ধা,মৰম আৰু আন্তৰিকতাৰ প্ৰতীক এই গামোচাখন অসমীয়া শিপিনীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠে।চেনাইধনক বিহুৰ দিনা বিহুৱান এখনেৰে মৰম আৰু আন্তৰিকতা যাচিবলৈ প্ৰত্যেকগৰাকী গাভৰুৱে বিহুৰ আগে আগে বিহুৱান বৈ উলিয়াবলৈ পাৰ্যমানে চেষ্টা কৰে।
৩)উকা গামোচাঃ সাধাৰণভাৱে বোৱা আৰু দৈনন্দিন কাৰ্যত,গা-ধোৱাৰ পাছত গা মচিবৰ বাবে ,মুখ মচিবৰ বাবে ব্যৱহাৰ কৰা গামোচাখনেই হ'ল উকা গামোচা।এই গামোচাখনৰ দুয়োটা পাৰী ৰঙা-সেউজীয়া কেঁচা সূতাৰে বোৱা হয়। উকা গামোচাখনক কোনো কোনো ঠাইত পানী গামোচা বুলিও কোৱা হয়।
৪)আনাকাটা গামোচাঃএই গামোচাখন চাৰি হাত মান দীঘল আৰু আঢ়ৈ হাত মান বহল।এই গামোচাখন একে ৰাতিৰ ভিতৰতে বৈ শালৰ পৰা উলিয়াবলৈ কোনো ব্লেড বা কটাৰী ব্যৱহাৰ নকৰে। দুখন গামোচা পৃথক কৰিবলৈ শিপিনীয়ে হাতেৰে নিজেই ছিঙি ছিঙি পৃথক কৰে।এই গামোচা বিয়া আদি মাঙ্গলিক কামত দৰাক পিন্ধোৱা হয়।  
৫)হাঁচতিঃধৰ্মীয় কাম-কাজ কৰিবলৈ কপাহী সূতাৰে বোৱা এই গামোচাখন বিভিন্ন সেৱা-সকাম, পূজা-পাৰ্বন আদিত পুৰুষ-মহিলা উভয়ে কান্ধত বা ডিঙিত ওলমাই লয়।সেইবাবে এই গামোচাখনক হাঁচতি বোলে।প্ৰায়েই এফালে ৰঙা পাৰীৰ ফুল আৰু আনফালে আঁচু দি এই গামোচা বোৱা হয়। ৬)তিয়নী গামোচাঃএই গামোচা দুটা মজলীয়া কেঁচা সূতাৰ প্ৰয়োগ কৰি বোৱা হয়।আঁঠুৰ ওপৰত পৰা এই গামোচাখন পুৰুষসকলে ঘৰত বা কাম কৰাৰ সময়ত আৰু গা ধুবলৈ ব্যৱহাৰ কৰে। গা ধুবলৈ ব্যৱহাৰ কৰাৰ বাবে এই গামোচাখনক তিয়নী গামোচা বোলে।সাধাৰণতে অসমত এই গামোচাৰ বহুলভাৱে প্ৰচলন হয়। ৭)তামোল গামোচাঃৰঙা সূতাৰে সৰু সৰু ফুল দি,কপাহী সূতাৰে বোৱা বা সৰু সৰু বুতা দি বোৱা গামোচাখনক তামোল গামোচা বোলে।বিভিন্ন দৈনন্দিন কামৰ উপৰিও সেৱা-সকামতো এই গামোচা ব্যৱহাৰ কৰা হয়।
৮)ফুলাম গামোচাঃউন্নত মানৰ কপাহী,পাট সূতাৰে এই গামোচা বোৱা হয়।ৰঙা সূতাৰ পয়োভৰেৰে গামোচাৰ দুয়োফালে সুন্দৰ ভমকাফুলীয়া ফুল আৰু অসমীয়া সংস্কৃতিৰ সম্পদসমূহৰ নক্সাৰে,ধুনীয়া চানেকাৰে বোৱা এই গামোচা দেখিবলৈ অতি সুন্দৰ হয়।ফুলাম গামোচাখন সভা-সমিতিত ডিঙিত মেৰিয়াই লোৱাৰ উপৰিও সন্মানীয়, বিশিষ্ট ব্যক্তিসকলক সন্মানস্বৰূপে এই গামোচাখন আগবঢ়োৱা হয়।
৯)দৰা বৰণৰ গামোচাঃ এই গামোচা সুন্দৰ চানেকিৰে কপাহী,পাট,মুগা সূতাৰে দুইমূৰে ফুল তুলি বোৱা হয়।এই গামোচা পৰম্পৰাগতভাৱে অসমীয়া বিবাহত দৰাই ব্যৱহাৰ কৰে।এই গামোচাৰ দুয়োমূৰ ৰঙা পাৰী দি বোৱা হয়।              
      উপৰোক্ত ধৰণে গামোচাৰ ভিন্ন ভাগ আছে।দেউৰী,কাৰ্বি,বড়ো,ডিমাচা আদি জনজাতীসকলৰও নিজস্ব আৰ্হিৰ গামোচা আছে।গামোচাক লৈ অসমীয়া জনমানসত অনেক বিহু গীতৰ কলিও ৰচনা হৈছে।উদাহৰণস্বৰূপে,
 "আই নাই মাউৰা,তিৰি নাই বৰলা    গামোচা দিওঁতা নাই,
 পেৰাৰ এঁৱা সূতা পেৰাতে থাকিলে 
      শিপিনী পাবলৈ নাই।"
       উক্ত বিহুগীতটিত বৰলা,মাউৰা ডেকাই বিহুৰ বতৰত গামোচা এখন নোপোৱাৰ বিৰহত উক্ত বিহুফাঁকি জুৰিছে।
        "মৰমৰ দীঘেৰে চেনেহৰ বাণিৰে     বিহুৱান এজুঁতি ব'লোঁ,   ছেগ চাই বাছিলোঁ চকুত লগাখিনি
            তোমালৈয়ে বুলি থলোঁ।"   উক্ত বিহুগীতফাঁকি প্ৰেমিকাই প্ৰেমিকক উদ্দেশ্যি গায়।
         অসমীয়া শিপিনীসকলে নিজ হাতেৰে বৈ উলিওৱা গামোচা সম্প্ৰতি কমি অহা দেখা গৈছে।ইয়াৰ লগতে গামোচাখনৰ পৰা নানাধৰণে নতুন নতুন ডিজাইনৰ বস্তুও তৈয়াৰ কৰা দেখা গৈছে।যেনে গামোচাৰ মেখেলা-চাদৰ, গামোচাৰ কুৰ্তি,গামোচাৰ জুৱেলাৰী,গামোচাৰ মাক্স ইত্যাদি।এইসমূহৰ দ্বাৰা গামোচাৰ এক নতুন পৰিচয় ঘটিছে।ফলত বজাৰত গামোচাৰ চাহিদা নতুন ৰূপত বৃদ্ধি পাইছে।বৰ্তমান সময়ত বজাৰৰ পৰা গামোচা কিনি মানুহে ব্যৱহাৰ কৰে।তাহানিৰ দৰে ঘৰে ঘৰে আজিকালি গামোচা বোৱা দেখা নাযায়।অসমীয়াৰ মান গামোচাখন বজাৰৰ পৰা কিনি অনাতকৈ তথা বাহিৰৰ ঠাইৰ শিপিনীয়ে বয় উলিওৱা গামোচাখন কিনি ব্যৱহাৰ কৰাতকৈ অসমীয়াই নিজ হাতেৰে গামোচা বয় ব্যৱহাৰ কৰিব লাগে।অসমীয়া শিপিনীৰ হাতৰ পৰশত সৃষ্টি হোৱা গামোচাখনৰ মানদণ্ড বজাৰৰ পৰা কিনি অনা গামোচাখনতকৈ বহুত বেছি।অসমীয়াৰ পৰিচয় গামোচাখনৰ মৰ্যদা অটুট ৰখাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব।

~  স্নাতক ষষ্ঠ ষাণ্মাসিক। অৰ্থনীতি বিভাগ।শিৱসাগৰ ছোৱালী কলেজ।