অনামিকা বুঢ়াগোহাঁই ফুকন
বাৰে ৰহনীয়া সংস্কৃতিৰ কৃষ্টি ভূমি অসম । এই অসম ভূমি নানান জাতি -উপজাতিৰ আৱাস স্থল। অসমৰ ভিন ভিন জনগোষ্ঠীৰ মাজত পৰম্পৰাগত ভাবে পুৰণি কালৰ পৰাই বসন্ত উৎসৱ পালন কৰি অহা হৈছে। অসমৰ জাতীয় উৎসৱ ব'হাগ বিহু সমগ্ৰ অসমীয়াৰে আদৰৰ ধন-হেপাহঁৰ ধন।এই ব'হাগ বিহু আৰু ইয়াৰ সমান্তৰালভাৱে উদযাপিত মিচিং সম্প্ৰদায়ৰ "আলি-আয়-লিগাং", দেউৰী সম্প্ৰদায়ৰ "বিচু", বড়োসকলৰ "বৈশাগু"--এইদৰে বিভিন্ন জনগোষ্ঠীৰ লোকে পালন কৰা বসন্তোৎসৱত প্ৰত্যেকৰে নিজা কিছুমান পৰম্পৰা অন্তৰ্নিহিত হৈ আছে।
গৰু বিহুৰ দিনা গোহালিত,পদুলি মুখত আৰু চোতালৰ মূৰত যাগ দিয়া ব্যৱস্থাৰ মূৰতে বাহিৰা বস্তু,মহ -মাখি খেদোৱাৰ ভাৱনা নিহিত হৈ আছে। সেই দিনা ঘৰৰ চাৰিওফালে নহৰু আৰু বচ খুন্দি পানীত তিয়াই ছতিয়ালে ঘৰৰ অপায় -অমঙ্গল দূৰীভূত হয় বুলি জনবিশ্বাসত প্ৰচলিত আছে। সেইদিনাই নাহৰৰ পাতত "দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ"বুলি মন্ত্ৰ লিখি ঘৰৰ ছালত খুচি থৈ বজ্ৰ নিবাৰণৰ কামনা কৰা হয়।গৰুক গা ধুৱাবলৈ নিওঁতে দীঘলতি আৰু মাখিয়তীৰে কোবাই কোৱা হয় --
" দীঘলতি পাত মাখিয়তীৰ পাত গৰু মাৰো জাত জাত
মাৰে সৰু বাপেৰ সৰু
তই হ'বি বৰ গৰু ।"
গৰুক গা ধুৱাই থাকোঁতে গৰুৰ গালৈ লাও, বেঙেনা আদি দলিয়াওতে এনেদৰে কোৱা হয়"লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা "ইত্যাদি এই খিনি কথা মন্তৰ দৰেই ফলদায়ক বুলি চহা মনৰ গভীৰ বিশ্বাস।গৰুৰ শ্ৰী সম্পদ তথা বংশ বৃদ্ধিৰ বাবে মাখিয়তী, দীঘলতিৰে কোবাই লাও, বেঙেনা, কেৰেলা, হালধি, থেকেৰা আদিবোৰ গালৈ দলিওৱা হয় আৰু এইদৰে নিয়ম কৰাটোও নিতান্তই অপৰিহাৰ্য বুলি অসমীয়াই ভাৱে। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গৰুক মন্ত্ৰ মাতি মাতি কোবোৱাটোও অতীজৰে পৰা বিভিন্ন সমাজত চলি অহা ৰীতি।অৰ্থবেদত আছে যে আদিৰ গছৰ ডালেৰে গৰু
কোবাই হিংস্ৰ জন্তুৰ পৰা ৰক্ষা কৰিব পাৰি। গৰু বিহুৰ দিনাখন গৰুক ধুৱাবলৈ নিওঁতে পুৰণি পঘা আৰু এচাৰি গৰুৰ ঠেঙৰ তলেৰে সৰকাই দলিয়াই দিয়া হয়। ইয়াৰ দ্বাৰা গৰুৰ ৰোগ ব্যাধি,অপায়-অমঙ্গলক নেওচা দিয়া হয়।
গৰু বিহুত গৰুক নতুন পঘা দিয়া হয়। এই পঘা তৰাৰ হ'ব লাগে। সম্পূৰ্ণ পঘাডাল তৰাৰ নহ'লেও মৰাপাট আদিৰ লগত তৰা মিহলি কৰি দিয়া হয়। অসমীয়া জনসমাজত প্ৰচলিত প্ৰবাদ মতে,আদিম কালত ব্ৰাক্ষ্মণে জগতৰ কল্যাণাৰ্থে তৰা গছত লগুণ থৈ গো-ৰূপ ধাৰণ কৰিছিল। ব'হাগ বিহুত সেইবাবেই গৰুক ব্ৰক্ষ্ম জ্ঞানেৰে তৰাৰ পঘা বা মৰাপাটৰ লগত তৰা মিহলি কৰি পঘা দিয়াৰ পৰম্পৰা আছে।
বিহুৰ দিনা পঁইটা ভাত খালে আৰু বিচনীৰ বা ল'লে গোটেই বছৰলৈ শৰীৰ-মন জুৰ পৰে বুলি বিশ্বাসৰ মাজতো যাদু-বিদ্যাৰ পৰশ অনুভৱ কৰিব পাৰি।এশ এবিধ শাকেৰে ব্যঞ্জন ৰান্ধি খালে বেমাৰ-আজাৰ,অপশক্তিৰ ক্ৰিয়া আদিয়ে দেহত প্ৰৱেশ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। বিহু নাচৰ লগত কৃষিকৰ্ম আৰু যৌনতাৰ সম্পৰ্ক আছে।ডেকা-গাভৰুৱে মিলি বা কেতিয়াবা বেলেগ বেলেগ কৈ পথাৰত কৰা বিহু নাচে আই বসুমতীক শস্যশীলা কৰি তুলে বুলি চহা মনৰ গভীৰ বিশ্বাস।যৌনমূলক নাচ-বাগ ক্ৰিয়া-কলাপে পৃথিৱীক উৰ্বৰা কৰে বুলি ভবা হয়।
মিচিং সমাজৰ বসন্তোৎসৱ "আলি-আয়-লিগাং"প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত আৰম্ভ হয়।মাছক লখিমীৰ প্ৰতীক ৰূপে ভাবি উক্ত দিনত মিছিং সকলে ইয়াক নাখায়। বিশেষকৈ ঘৰৰ মূল-ব্যক্তিজনে এই নিয়ম কেতিয়াও উলঙ্ঘা নকৰে। এই উছবৰ এৰাব নোৱাৰা অঙ্গ"গুমৰাগ নৃত্য"এই নাচৰ লগে লগে ধৰনীৰ বুকু উৰ্বৰা হৈ পৰে বুলি ভবা হয়। এই উৎসৱত নানাচিলে ধৰনী শস্যময় হ'ব নোৱাৰে--এইয়া মিচিংসকলৰ দৃঢ় বিশ্বাস।
নগাসকলৰ বসন্তোৎসৱৰ তাৎপৰ্য ও বসুমতীক শস্য-শ্যামলা কৰা। কন্যাক নগাসকলৰ বসন্ত উৎসৱত সাজি কাচি নাচি নাচি ডেকা গাভৰু হঁতে-গাওঁ বুঢ়াৰ ঘৰলৈ আহে আৰু মুখিয়াল এজনে" স্বৰ্গ দেৱতা"গাৱাঙক পৃথিৱী শস্য শ্যামলা কৰিবলৈ আৰু গাৱঁৰ সকলোকে তেজ-বল দিবলৈ প্ৰাৰ্থনা জনায়।বাকীসবে হৰি-ধ্বনি দিয়ে।
এইদৰে দেখা যায় যে অসম তথা ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন জনজাতিৰ মাজতেই পৰম্পৰাগত ভাবে নানান বসন্তকালীন উৎসৱ উদযাপিত হৈ আহিছে আৰু এই সমূহ উৎসৱত ঐন্দজালিক ক্ৰিয়া ক্লাসে ব্যাপকভাৱে ঠাই পাইছে।