Type Here to Get Search Results !

কাব্য সংকলন--স্বদেশ মোৰ বুকুৰ লাৱণ্য কবি-দীপালী শইকীয়া গগৈ

 আলোকপাত-সুৰভি  বৰ পাত্ৰ গোহাঁই


আউনীআটিয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা  দীপালী শইকীয়া গগৈ ।" স্বদেশ মোৰ বুকুৰ লাৱণ্য " তেখেতৰ চতুৰ্থ খন কাব্য সংকলন।জিলা কৃৰ্তী শিক্ষয়িত্ৰীৰ বঁটা পাপক  দীপালী শইকীয়া বাইদেৱে কাব্যকুঞ্জ বঁটা, ড০ ভীমৰাও আম্বেদকাৰ বঁটাৰে পুৰস্কৃত হৈছে । তদুপৰি তেখেতে তৰ্ক, প্ৰৱন্ধ, কবিতা আবৃত্তি প্ৰতিযোগিতাত পুৰস্কৃত হোৱা সুলেখিকা বাইদেউ এগৰাকী সুবক্তা আৰু  আবৃত্তিকাৰ। 
"স্বদেশ মোৰ বুকুৰ লাৱণ্য " কাব্য সংকলন খন আনন্দ প্ৰকাশৰ হৈ আমিনুৰ ৰহমান, আজাদ নগৰ, ছোটহয়বৰ, নগাঁও - ৭৮২০০৩,অসমৰ দ্বাৰা প্ৰকাশিত । বেটুপাত--আমিনুৰ ৰহমান, মুদ্ৰণ-আনন্দ প্ৰিন্টিং, নগাঁও। গ্ৰন্থ স্বত্বঃ--দীপালী শইকীয়া গগৈ, মূল্য - - ১৫০. 00 টকা । প্ৰথম প্ৰকাশঃ ২০২২ । কাব্য সংকলন খন তেখেতৰ প্ৰয়াত পিতৃ কমল গগৈদেৱ আৰু প্ৰয়াত মাতৃ সূৰ্য প্ৰভা গগৈৰ পবিত্ৰ স্মৃতিত উচৰ্গা কৰিছে । 
 কাব্য সংকলন খনত  চল্লিশ উৰ্ধৰ কবিতাৰে সমৃদ্ধ । প্ৰবীণ কবি গৰাকীৰ কাপেৰে বৈ অহা প্ৰতিটো কবিতাই সহজেই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে । প্ৰায়বোৰ কবিতাত  সমাজ জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি পৰিস্ফুট হৈ উঠিছে । মানৱতা, প্ৰকৃতি প্ৰীতি,প্ৰেম, আধ্যাত্মিক দৰ্শন আদি ভাৱগধুৰ তথা তত্বগধুৰ লেখনিৰে কাব্যসংকলন সজাই তুলিছে পাঠকৰ মন চুই যোৱা কবিতাবোৰে । উচ্চ মান সম্পন্ন কবিতাবোৰৰ ভাৱৰ গভীৰতা আৰু বিশালতা মন কৰিবলগীয়া। যিটো বিষয় লৈ কবিতা লিখিছে তাতেই ফুটি কবিৰ মনৰ বিশাল অনুভৱ পৰিচয়। মননশীল কবিৰ কবিৰ কবিতাই পাঠকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ'ব । সমাজমুখী চেতনা, মাটিৰ গোন্ধ, স্বদেশ প্ৰেম, মানৱ প্ৰেম তথা প্ৰকৃতি প্ৰেমৰ কবিতা সমূহে  অনন্য মাত্ৰা প্ৰদান কৰিছে । নিভাঁজ শব্দশৈলীৰ ব্যৱহাৰে  কবিক পাঠকৰ ওচৰলৈ নিব সমৰ্থ হ'ব  । কাব্যসংকলনৰ কেইটামান কবিতাৰ চমু আভাস  পাঠকৰ জ্ঞাতাৰ্থে তুলি দিয়া হ'ল । 
কাব্য সংকলন খনৰ "ৰাসলীলা " নামৰ কবিতাটোৰ যোগেদি কবিয়ে শৰত কালৰ সুনিৰ্মল আকাশ, ৰূপোৱালী জোন, জিকমিক তাৰকাপুঞ্জৰ অপৰূপ সৌন্দৰ্যৰে ভৰা শৰতৰ স্নিগ্ধ জোনাকৰ বৰ্ণনা কৰিছে  কাব্যিক চিত্ৰপট যোগেদি । যুগে যুগে দুষ্টক দমন আৰু সন্তক পালন কৰিবলৈ ভগৱান বিষ্ণুৱে অৱতাৰ গ্ৰহণ কৰিছিল । অত্যাচাৰী কংসক বধ কৰিবলৈ  বিষ্ণুৱে  দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি যশোদাৰ ঘৰত লালিত পালিত হৈ অত্যাচাৰী অসুৰবোৰক বধ কৰাৰ লগতে  কংসকো বধ কৰিছিল । লগতে কৃষ্ণই ব্ৰজাংগনা সকলক  মোহন মুৰুলীৰ সুমধুৰ সুৰত মতলীয়া কৰিছিল। কেনেকৈ গোপ বালক, বালিকা, বিৰহী ৰাধা কৃষ্ণ প্ৰেমত আকুলিত হৈছিল, সেই কথা কবিৰ কাব্যানুভৱত অতি সুন্দৰকৈ প্ৰকাশ পাইছে । শাৰদীয় স্নিগ্ধ নিশা যমুনাৰ তীৰত ৰাসলীলাৰ জৰিয়তে আত্মা আৰু পৰমাত্মাৰ মিলন ঘটিছে সেই কথা কবিৰ কবিতাৰ 
মাজলৈ  সোমালেই উপলব্ধি কৰিব পাৰি ।

 
(কবিতা - - ৰাসলীলা, পৃষ্ঠা নং ৯) সুনিৰ্মল শৰতৰ শাৰদী সুবাস ৰঞ্জিত /জ্যোৎস্নাময় দিন প্ৰতিদিন /মধুময় জোনালী বিভাবৰীৰ /সুখময় অনুভৱৰ ফল্গুধাৰা /শৰতৰ চন্দ্ৰাৱলী ৰাতি /যমুনাৰ পাৰৰ কদম গছত /পঞ্চম সুৰত ৰাগিনী তোলা /কৃষ্ণ কানাইৰ সুৰৰ লহৰত/ স্বনিমন্ত্ৰিত হ'ল ব্ৰজধামৰ ললনা /মোহন বাঁহীৰ সুৰত  উতলা উন্মনা /ব্ৰজাংগনা হ' ল নৃত্যৰতা / কৃষ্ণ প্ৰেমত বাউলী ৰাধা /কৃষ্ণলীলাৰ মূল চালিকা /যাৰ আগমনত বৃন্দাবনৰ /প্ৰকৃতি ব্যাকুল আকুল । /দ্বাপৰত কৃষ্ণ প্ৰেমত মগন /গোপবালক গোপবধুৰ /অমৰ প্ৰেম যুগে যুগে যুগে বন্দিত /কৃষ্ণ ভক্তিত ভক্তি যেন /আত্মাৰ লগত পৰমাত্মা /বিলীন হোৱাৰ আৰাধনা /অশুভ শক্তিৰ প্ৰতিভূ কংস /যুগে যুগে আয়োজিত হওক /কংস নিধন যজ্ঞ  । 
 এফালে শৰতৰ সৌন্দৰ্য্য বৰ্ণনা আৰু কৃষ্ণৰ লীলা আৰু মাহাত্ম্য প্ৰকাশ কৰিছে কবিতাটোৰ জৰিয়তে । 
   মানৱদৰদী কবিৰ অনুভৱত জিলিকি উঠা অন্য এটি কবিতা "মানৱতাৰ গান" নামৰ কবিতাটোত কবি হৃদয়ে মানৱৰ হৃদয় জিনিবলৈ আৰু মানৱৰ জয়গান গাবলৈ প্ৰয়াস কৰিছে । অজ্ঞান আন্ধাৰ বিনাশি জ্যোতিৰ আলোকেৰে আলোকিত কৰিব মানুহৰ মন । মানৱী প্ৰেমেৰে ভৰি পৰক সকলোৰে  তন মন। সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাত মানুহে মানুহৰ সহায়ৰ  দুহাত আগবঢ়াই আগবাঢ়ি যাওক জীৱন যাত্ৰাত। যাত্ৰা পথ হওক সেন্দুৰীয়া । সুগন্ধি পখিলাই সম্ভাষণ জনাব যেতিয়া মানুহে মানুহক বুজি পাব । সেই দিন কবিৰ কাম্য। সেয়েহে কবিয়ে ( "মানৱতাৰ জয়গান " পৃষ্ঠা নং ৪৯) ত উল্লেখ কৰিছে এনেদৰে । 
"ছন্দোবদ্ধ জীৱনৰ যাত্ৰাপথত /অন্তঃসলিলা ফল্গুধাৰাৰ দৰে /জোনাকৰ আবিৰ /ছটিয়াই দিওঁ চতুৰ্দিশে/, হেঙুল-হাইতালৰ ধ্বনি প্ৰতিধ্বনিত /নিনাদিত হওক মোৰ /আজন্মৰ চিনাকি /চৌদিশৰ পৃথিৱীব্যাপী /সুগন্ধি কুসুম মালা /গাঁথিম বুলি ভাবিছোঁ /সমস্ত জনৰ বাবে /আগবাঢ়িছে দুৰ্নিবাৰ গতিৰে/মানৱতাৰ জয়গান গাবলৈ /অজ্ঞানতাৰ অমানিশা ঘোৰ /দূৰতে  হওক বিদূৰ /মানস কুঠৰীত অথবা প্ৰপঞ্চত /ভাস্বত হওক /জ্যোতিৰ হিল্লোল ।  বহুত ভাল লাগিল বাইদেউৰ কাব্য সংকলন খন আলোকপাত কৰি । কেৱল ইতিবাচক দিশেৰে  সাধ্যানুসাৰে কাব্য সংকলন খনৰ  বিশ্লেষাণাত্মক মন্তব্য আগবঢ়ালোঁ। অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী। শেষত বাইদেউৰ সুস্বাস্থ্যৰ কামনা কৰি সামৰণি মাৰিলোঁ ।