Type Here to Get Search Results !

সম্পাদকীয়

 সম্পাদকীয়


আকস্মিক বক্তৃতাৰ প্ৰদানৰ সহজ কৌশল

মোৰ জীৱনৰ এটি বাস্তৱ অভিজ্ঞতা  আজি আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছো। প্ৰায় ২০০০ চনৰ কথা, মই বৃত্তি অনুসৰি শিক্ষকৰ বিশেষ প্ৰশিক্ষণ এটা গ্ৰহণ কৰিছিলো। সেই প্ৰশিক্ষণত এবাৰ এটা আকস্মিক বক্তৃতা প্ৰতিযোগিতা আমাৰ শিক্ষক সকলৰ মাজত অনুষ্ঠিত কৰিলে । তাত অংশগ্ৰহণ প্ৰায় ১০০ জনৰ ওপৰত কৰিছিল। মইও তাৰে এজন অংশগ্ৰহণকাৰী আছিলো। এটি সুন্দৰ পৰিৱেশত প্ৰতিযোগিতা খনি অনুষ্ঠিত হৈছিল। বিভিন্ন জনে  বাছনিত পৰা বিষয় বস্তুৰ ওপৰত সুন্দৰকৈ বক্তৃতা দিলে। তাৰ পাছত মোৰ পাল পৰিল, মইও মোৰ অভিজ্ঞতা অনুসৰি 'সাতভনী' নামৰ বিষয়ক বক্তৃতাটো ভাগত পৰাত পাৰ্যমানে সুন্দৰকৈ উপস্থাপন কৰিলো বক্তৃতাত। এনেদৰে প্ৰতিযোগিতা খনি অৱশেষত শেষ হ'ল। কিছু সময়ৰ পাছত যেতিয়া ফলাফল ঘোষণা কৰিলে তেতিয়া উক্ত প্ৰতিযোগিতাত মই স্থান পালো। 
  মই নিজেও ভবা নাছিলো যে প্ৰথম স্থান পাম বুলি। এই স্মৰণীয় হৈ থকা অভিজ্ঞতা খনি আজি অলপ বিশ্লেষণ চাব বিচাৰিছো। সাধাৰণতে তলত উল্লেখ কথা কেইটিৰ প্ৰতি লক্ষ্য কৰিছিলো যে যিটোৱে নেকি মোক প্ৰথম স্থান পোৱাত সহায়ক হৈছিল।
১) প্ৰথমে ভাষণটো আৰম্ভণিতে মই পোৱা বিষয়টো অৱগত নকৰি বিষয় বস্তটো কি তাৰ অলপ সম্যক ধাৰণ দি শ্ৰোতাৰ মনত কৌতুহল ৰাখি ভাষণৰ আধাতহে 'সাতভনী' বুলি উল্লেখ কৰিছিলো।
২) বিষয় বস্তৰ ওপৰত ব্যাখা কৰোতে এটি সুন্দৰ সাতভনীৰ ওপৰত লেখা গীতৰ কলি এটা গাইছিলো।
৩) সাত খন ৰাজ্যৰ মাজত আমাৰ সমন্বয় কেনেকৈ সুন্দৰ ৰূপত বৰ্তী থাকিব তাৰ বাবে ভাষণৰ মাজত দিহা দিছিলো।
৪) শেষত সুন্দৰ মহৎ লোকৰ উক্তিৰে  ভাষণটো সামৰিছিলো।
 আপোনালোকেও এনে কৌশল সমূহ নিজে বক্তৃতাত ব্যৱহাৰ কৰিব পাৰে নতুবা ছাত্ৰ-ছাত্ৰীক শিকোৱাব পাৰে।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়

৭/৩/২০২২