জীনামণি বৰগোহাঁই দুৱৰা
আজি মই নিজেই নাজানোঁ
মোৰ আকাশ ক'ত?
আজি মই নিজেই নাজানোঁ
মোৰ পৃথিৱী ক'ত?
নিঃসঙ্গ নিৰ্জনতাত আজি ডুবি আছে
মোৰ সকলো সপোনৰ বাঘজৰী
অশ্ৰুৰ দৰে নিৰ্গত হয় মোৰ
প্ৰাণৰ সহস্ৰ মুকুতা।
হাজাৰটা বিষাদেও মনৰ মূল নুবুজে
আজি মই কিহৰ তাড়নাত নাজানো
অৰ্থহীন জীৱনৰ অধিকাৰী হ'লো
অশ্ৰুনদীৰ পাৰটো জানো
মোৰ অস্তিত্ব থাকিব?
হয়তু হাজাৰটা ধূলিকণাৰ দৰেই
মইও এটি ধূলিকণা হৈ মিলি যাম
চিৰদিনৰ বাবে চিৰকালৰ বাবে।