সবিতা বৰুৱা ফুকন
"মোকতো পোৱাই চিনি
ম ই যে ফাগুন
অঁকৰা কবিৰ সতে
চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম। "
কবি নৱকান্ত বৰুৱাৰ কবিতাৰ স্তৱকটিয়ে পাতনি মেলিছো ফাগুনৰ ।সঁচাকৈ
তিনিটা বণৰ এক মোহময়, মায়াসনা শব্দৰ নাম "ফাগুন"। কবিৰ ভাষাত, গীতিকাৰ, সুৰকাৰৰ ক'ত ভাষা, ক'ত শব্দৰে বিভূষিত হৈছে এই ফাগুনে । উদাহৰণ স্বৰূপে -উতলা ফাগুন ,মতলীয়া ফাগুন, উন্মানা ইত্যাদি ।
ফাগুন মানে তেজৰঙা শিমলু -পলাশ । ফাগুণ মানে শীতৰ হালধীয়া চাদৰ পিন্ধা প্ৰকৃতিৰ তলসৰা পাতৰ শেতেলি ।ফাগুনে দিয়ে সেউজীয়া ঠিকনা ।
শীতৰ সেমেকা দিনবোৰক নতুন ৰূপত জীপাল কৰি তুলিবলৈ ফাগুনৰ আগমন হয়। পছোৱাই উদং আৰু লঠঙা কৰা গছবোৰ,নিজান নৈ ঘাটৰ ৰিঙা, ৰঙা মনবোৰ, সকলোৱে যেন আকুলতাৰ নয়নেৰে আকাশলৈ চাই থাকে এজাক সপোনৰ বৰষুণৰঅপেক্ষাত ।এক ৰূপান্তৰ -যি ৰূপান্তৰ চিৰশ্বাশ্বত, চিৰসত্য,
যি ৰূপান্তৰে ধৰণীৰ হালধীয়া ৰূপ সলনি কৰি সেউজীয়া কৰে।সাধাৰণতে দেখা যায় -একো একোটা বিশেষ ৠতু বা মাহক লৈ সৃষ্টি হয় অনেক সাহিত্য।যি সাহিত্যৰ নান্দনিক বণনাই পাঠকৰ হৃদয় দোলা দি যায়। অসমীয়া সাহিত্যৰ ভঁৰালতো কবিতা, গীতকে ধৰি অন্যান্য ৰচনাতো মূতমান হৈ উঠিছে ফাগুন।তাৰ ভিতৰত গীতসমূহ বিশেষ মনকৰি বলগীয়া ।ফাগুণক লৈ অনেক গীত সৃষ্টি হৈছে। জ্যোতি প্ৰসাদৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ গীতিকাৰ সকলেও তেওঁলোকৰ সৃষ্টিৰ মাজত ফাগুনক স্থান দিয়া দেখা যায়। তাৰ ভিতৰত কেইটামান গীতৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। প্রথমতে ৰূপকোঁৱৰৰ ভাষাত আমি দেখিবলৈ পাওঁ ---"ফাগুনৰ বতাহে গাতে ছাটি মাৰে / গাতে ছাটি মাৰি যায় / অ' গাতে ছাটি মাৰি যায় ।"
গীতিকাৰ পাবতিপ্রসাদেও সুধাকণ্ঠ ই কন্ঠ নিগৰোৱা এটি গীতৰ আৰম্ভণিতে লিখিছে ---"আজি ফাগুনৰ পূৱা বেলাতে/ মেঘে ওন্দোলাই আনিলে। "
গীতিকাৰ হেমেন হাজৰিকাই লিখা, শিল্পী জয়ন্তী হাজৰিকাই কন্ঠ নিগৰোৱা গীতটোৱে প্ৰতিগৰাকী সংগীতনুৰাগীৰ হৃদয় চুই যায়।
--"মোৰ ফাগুন আছেহি আহি ৰৈ / তোমাৰ কথাকে ক'বলৈ/ আছেনে সময় তোমাৰ / সমীৰৰ খবৰ শুনাৰ ।"
গীতিকাৰ হীৰেন ভট্টাচাৰ্যৰ কলমৰ পৰাও ফাগুন বাদ পৰি যোৱা নাই। তেওঁ লিখিছে --"ফাগুনে মায়াবী হাতে /বতাহতো সানি দিলে / সাঁচতীয়া স্মৃতিৰ সুবাস /তুমি অহাৰ বাটে বাটে। "
আন এটা গীতত তেওঁ লিখিছে -- "ফাগুনৰ এই গধূলি /ধূলিৰে ঢকা আকাশ খনত /কোন ৰপেহীয়ে মেলি দিলে / ডাৱৰ সেমেকা চুলি। "
ড০ নিমলপ্রভা বৰদলৈয়েও তেওঁ ভালেমান গীতত ফাগুনৰ বণনা কৰি শ্ৰোতাক মোহাচ্ছ কৰি তুলিছে ।শিল্পী নীলিমা খাতুনে গোৱা এটি গীতত তেওঁ কৈছে --"মনৰে ফাগুন আহিলে /পলাশো ফুলিলে / দেহৰে বনত কুলিৰে সুহুৰি কঁপিলে /"
ঠিক সেইদৰে -----"ফাগুনৰে বি বলে লিহিৰি লিহিৰি বনতে /কিয় বাৰু মৌ সৰে/ কাৰোবাৰ কথাতে / চিনাকী পীৰিতি ৰাগীতে। "
বিশিষ্ট কবি গীতিকাৰ কেশৱ মহন্তৰ গীতৰ মাজতো আমি ফাগুনৰ নান্দনিক চিত্ৰ দেখিবলৈ পাওঁ ।অংগৰাগ মহন্তই কন্ঠদান কৰা জনপ্ৰিয় গীতটিত তেওঁ ফাগুনক সুন্দৰকৈ অংকন কৰিছে ----
"মন মোৰ উৰি গুচি যায় / কিজানি পায়ো হেৰুৱায়/ফাগুনৰে উৰণীয়া বি /"
ঠিক সেইদৰে শিল্পী জুবিন গাগ আৰু বৈকুন্ঠ গগৈয়ে গোৱা, গীতিকাৰ প্ৰশান্ত বৰদলৈয়ে ৰচনা কৰা গীতটিও বিশেষ মনোমোহা---
"মন দোলে ফাগুনৰে বা-ত/ ফুল ফুলে / অ' পলাশ - শিমলু /কি ৰং ৰঙে উতলা। "
গীতিকাৰ কাজল শমাই লিখা আৰু গায়ত্ৰী হাজৰিকাই কন্ঠদান কৰা গীতটিয়ে
বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখা যায় ---"সৰা পাতে পাতে ফাগুন নামে/ পলাশৰে ৰং ৰাঙলী / বতাহে কাণে কাণে ক'লে/ নহ'বা উদাস অভিমানী। "
ফাগুনক লৈ আৰু বহুতো গীত ৰচনা হৈছে। ইয়াত মাত্ৰ সেইসমূহৰ থুলমূল আভাস অলপহে দাঙি ধৰিবলৈ চেষ্টা কৰিলো। সচাঁকৈয়ে ফাগুনে যেন গান গায়, ৰিব ৰিব বতাহৰ গান, বাউলী পছোৱাৰ গান আৰু বসন্তৰ গান। যি গানত নিহিত হৈ থাকে সৃষ্টিৰ মৌ কোঁহ।
ফাগুনে মনৰ হালধীয়া পৃষ্ঠা আঁতৰাই জীৱনক জীপাল আৰু সেউজীয়া কৰে। হৃদয়ত সিঁচি দিয়ে আবেগৰ ফাকু।
ফাগুনৰ এই শুষ্কতাই প্ৰকৃতিক কষ্ট দিলেও ফাগুনৰ আগমনতে বসন্ত
আহে ।বসন্তৰ বতৰা অনা ফাগুনক আহক আমি সকলোৱে নতুন আশাৰে ,
নতুন প্রতিশ্ৰুতিৰে, আৰু নতুন উদ্যমেৰে মন ৰঙোৱা ৰঙীন সপোনবোৰক
বাস্তৱত প্ৰতিফলন কৰো ।
লেখিকাৰ যোগা যোগ
নম্বৰ -9365804577