গীতাঞ্জলি দেৱী
টোপনিয়ে আমনি কৰা ৰাতিবোৰত আইৰ লিহিৰী আঙুলি কেইটাৰে ফুৰ-ফুৰীয়া গোন্ধ এটি
মজিয়াৰ কাঁহীকেইখনত বাগৰি ফুৰিছিল ।
অৱশেষত চপাই-কোঁচাই লোৱা আইৰ কাঁহীখনত গোন্ধটো নাওমান হৈ সৰিছিল ।
ভোক এটা নিতাল মাৰি বাগৰ সলাইছিল আইৰ ফটা কেঁথাৰ বৰমোহা গোন্ধত ।
আয়ে চুলি মেলোঁতে বগৰী-পকা গোন্ধ এটি উজাই আহিছিল পিৰালিয়েদি ।
গোমা আকাশৰদৰে আইৰ চাদৰখনতো এটি গোন্ধে মল-মলাইছিল, ঠিক যেন শুকলতি পাতৰ ।
চুলিৰ পৰা আঁচললৈকে আইজনী মোৰ এটি উপমাহীন গোন্ধ হৈ উশাহে-নিশাহে আজিও বয়।
এৰি অহা বাটটোৰে ভোক এটাচোন উজাই আহে ,
ভাগৰৰ টোপনিয়েচোন এতিয়াও বাগৰ সলাব খোজে ,
আইৰ আঁচলৰ গোন্ধ এটি লৈ ঠেহ-পেঁচবোৰে আজিওচোন সাৰ পাই উঠিব খোজে ।