Type Here to Get Search Results !

গদাধৰ সিংহৰ ল’ৰালি কাল আৰু তেওঁৰ শাসনৰ সময়ছোৱাৰ কিছু সময়

 দীপজ্যোতি বৰগোহাঞি


গদাপাণি গোবৰ ৰজাৰ দ্বিতীয় পুত্ৰ ৷তেওঁৰককায়েকৰ নাম জাম্বৰ ৷জাম্বৰে চাৰিংৰ ৰজাৰ বিষয়বাব খাইছিল ৷গদাপাণিৰ ভায়েকৰ নাম আছিল  গোবিন্দ ৷গদাপাণি সৰুৰে পৰাই তেজস্বী আছিল ৷গদাপাণিৰ দু ঃসাহসিক কাৰ্যকলাপ বোৰ সেই সময়ৰ তুংখুঙ্গৰ প্ৰজাই দেখি আচৰিত মানিছিল ৷দহ বাৰ বছৰ বয়সতে গদাপাণিয়ে হাতীত উঠি চিকাৰ কৰিব পাৰিছিল ;বাঘমৰা আৰু আন আন বিৰোচিত কাৰ্যত যোগ দিছিল ৷সেই ফুকলীয়া বয়সতেই তেওঁ অত্যাচাৰী মানুহৰ প্ৰতি ঘৃণা আৰু দুখীয়া ৰুগীয়া নিছলা মানুহক পুতৌ কৰিছিল ৷কথিত আছে যে বোলে ;সেই সময়ত ৰজাঘৰীয়া ফৈদবোৰৰ মাজত ঘোৰ অৰিয়া -অৰি ভাৱ আছিল ৷কিন্ত গদাকোঁৱৰে ডেকাকালতে বিশেষ কৌশল আৰু যত্নৰে সেই শত্ৰুতাৰ সামৰণি পেলাই তুংখুঙ্গীয়া ফৈদৰ ফৈদৰ সৈতে আন সকলো ফৈদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল ৷আৰু সকলোৱে পৰস্পৰে মিলি থাকি যাতে সেই সময়ৰ মুছলমানৰ আক্ৰমণৰপৰা আহোম ৰাজ্য ৰক্ষা কৰিব পাৰে তাৰ হন্তে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল ৷সেই সময়ত আহোম পণ্ডিত সকলে ঘৰুবাকৈ দেওধাই ;বাইলুং ;মহন প্ৰভৃতিৰ খেলৰ ল’ৰাবোৰক হে ধৰ্ম আৰু বুৰঞ্জী বিষয়ক শিক্ষা প্ৰদান কৰিছিল ৷কিন্ত উচ্চ খাপৰ বিষয়াৰ সন্তানক আনকি কোঁৱৰ সকলকো প্ৰায়েই নিশিকোৱাকৈয়ে ৰখা হৈছিল ৷ঠিক সেইদৰেই গদাপাণিয়ে ল’ৰালি কালত একো বিশেষ শিক্ষা পোৱা নাছিল ৷এনে শিক্ষাৰ অভাৱ হোৱাৰ স্থলতো তেওঁ  পৰবৰ্তী সময়ত এজন দুৰদৰ্শী ৰাজনৈতিক পুৰুষ হ’ব পাৰিছিল ৷সেই সময়ছোৱাত ১৫৯২ শঁকৰ পৰা ১৬০৩শঁকলৈকে ল’ৰা ৰজাক বাদদি আহোম ৰাজপাটত  ছজনা কো্ঁৱৰ ৰজা হৈছিল যদিও  ডা =ডাঙৰীয়া সকলৰ নিজস্ব ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবেই (উদয়াদিত্য ;সিংহ ;ৰামধ্ৱজ ;চুহুঙ্গ ;গোবৰ ৰজা আৰু তেজ সিংহ )অকাল ষড়যন্ত্ৰমুলক ভাবে বধ কৰা হৈছিল ৷ ঠিক সেই সময়ছোৱাতে উপযুক্ত বয়সতে গদাপাণিয়ে মাদুৰিৰ লাইথেপেনা বৰ গোহাঁইৰ জীয়াৰি জয়মতীক বিয়া কৰাইছিল চকলং প্ৰথাৰে ৷এজনে মন্ত্ৰী সকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ ধিক্কাৰ বেজাৰতে আত্মঘাটী হয় ;তেওঁৰ নাম শুৰসিংহ বা চুজিনফা্ ৰাজধানীৰ এনে হুলস্থূলৰ কথা গদাপাণিয়ে আগেয়ে জানিছিল স্বৰ্গদেউ নিস্তেজ হোবা আৰু ডা ডাঙৰীয়া তথা বিষয়া সকলৰ অৰিয়া অৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তিয়ে বাহ লৈছিল ৷যাৰ বাবে সেই সময়তেই ৰাজ্যৰ গুৰি ধৰি টান মুখেৰে আক্ৰোহী বিষয়া সকলক সেই সকলো বোৰ দমাই ৰাজ্যত শান্তি স্থাপনৰ ভাব তেওঁৰ মনত খেলাইছিল ৷ল’ৰা ৰজাই গুপ্তচৰ :ৰিপুৱা  চৰিয়া ;আদি পঠিয়াই যেতিয়া ৰাজপাটৰ উপযুক্ত  কো্ঁৱৰ সকলক অঙ্গক্ষত কৰাইছিল সেই সময়ত গদাপাণিৰ মনতো সংক্ষয় আৰু?আশঙ্কাই লগ লৈছিল ৷কিজানিবা ল’ৰা ৰজাৰ চৰিয়া পৰিয়াৰ হাতত  অঙ্গক্ষত হয়৷সেই বাবেই তেওঁ সাবধানে ফুৰিব চাকিবলৈ ধৰিছিল ৷কিন্ত এটা কথা তেওঁ ভালদৰেই জানিছিল যে ;ৰজাৰ এজন দুজন গুপ্তচৰ তেওঁৰ ওচৰ চাপিব নোবাৰেই ৷লগতে ল’ৰাৰজাইয়ো পেটে পেটে ৰজা হব পৰা ফৈদ সমুহৰ ভিতৰত তুংখুঙীয়া ফৈদলৈহে বৰকৈ ভয় কৰিছিল ;কিয়নো সেই সময়ত তুংখুঙীয়া ফৈদ বেছি ক্ষমতাশালী আছিল ৷ল’ৰা ৰজাই জানিছিল যে ;গদাপাণি জীয়াই থাকে মানে তেওঁৰ ৰাজপাট নিষ্কণ্টক নহয় সেয়ে চৰিয়া হঁতক গদাপাণিক প্ৰাণে বধিবলৈ আদিশ ৷গদাপাণিয়ে সেই কথা জানিও নিৰুপায় হ’ল ৰজাৰ প্ৰবল আৰু অসংখ্য চৰিয়াৰ আগত তেওঁ কেনেকৈ অকলে ঠাৱৰিব৷একো উপায় নাপায় লগতে মৰমৰ পত্নী জয়মতীৰ অনুৰোধ স্বদেশ আৰু?স্বজাতিৰ মংগলৰ বাবে ঈশ্বৰকে সাক্ষীকৰি নগা পৰ্ৱতৰ ফালে আঁতৰি গ’ল ৷যাৰ বাৰ্তা পত্নী জয়মতীৰ মুখেৰে উলিয়াবলৈ ল’ৰাৰজাৰ নিষ্ঠুৰ চাওডাঙে জয়মতীক জেৰেঙা পথাৰত অমানুষিক শাস্তি দিছিল ৷যি শাস্তি দেখি জেৰেঙা পথাৰত চৰি থকা গৰু ;ছাগলী ;বনৰ চৰাই ;বাটৰুৱাই ৰ; লাগি চাইছিল ;আৰু সকলোৰে  অন্তৰ দহ গৈছিল ৷(আগলৈ ==সহায়ক গ্ৰন্থঃ   আহোমৰ দিন )