জীৱন জ্যোতি চৌধুৰী
হস্তিনাপুৰৰ ৰাজ কাৰেং
ৰথী মহাৰথীৰে ভৰপঙৰ ৰংগমঞ্চ,
সকলোৰে চকুত এক উন্মাদ স্পৃহা,
মুখত দ্যৰ্থবোধৰ আৱৰণ,
এটি ওঠত প্ৰশ্ন
আনটিত উত্তৰ,
দুয়োটাৰ ব্যৱধানত এক লালসাৰ লয়লাস,
আসনৰ শীৰ্ষত----
সূৰ্যচক্ৰৰ কিৰণেৰে উদ্ভাসিত
এখন মুখ
দীপলিপ চকু
মুখৰিত ওঠ,
এই সকলোৰে অভিকেন্দ্ৰত আবদ্ধ
এক প্ৰণয়ৰ কাহিনী,
ইতিহাসে কলে শ্ৰেষ্ঠ নৃত্যশিল্পী,
কিন্তু সেই নৃত্যত আছিল চূড়ান্ত প্ৰেম আৰু বিষাদ,
প্ৰণয় আৰু বিচ্ছেদ,
সামাজিকতা আৰু অসামাজিকতাৰ এক নিদাৰুণ আস্ফালন,
এখন ভৰিত প্ৰেমৰ নুপুৰ,
আনখনত বিচ্ছেদৰ,
এক অলিখিত যন্ত্ৰণাৰ গাথা
চিত্ৰাংগদা।