Type Here to Get Search Results !

আমাৰ জীৱনত শিক্ষাগুৰুৰ প্ৰভাৱ

 ৰঞ্জিত চুতীয়া


      জীৱনটো যদি এটা অমাৱশ্যাৰ ৰাতি হয়,জ্ঞান হ'ল তাত পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰ। জীৱনটো যদি এটা আন্ধাৰ কোঠা হয়, শিক্ষা হ'ল তাৰ সোঁমাজত জ্বলি থকা এডাল মমবাতি। অজ্ঞানতাৰ অমানিশা আতঁৰাই জীৱন পোহৰাই তুলিবলৈ পৃথিৱীত জ্ঞানৰ জ্যোতিশিখা জ্বলাবলৈ শিক্ষা অপৰিহাৰ্য। ব'ঠাহীন নাৱৰ দৰে দিগ্ ভ্ৰান্ত জীৱনটোক সঠিক পথেৰে বাটবুলিবলৈ শিক্ষা অৰ্জনৰ বিকল্প নাই। শিক্ষাই হ'ল জীৱনৰ পৰম ধন। কিন্তু এই পৰম ধন অৰ্জন স্বতঃস্ফুৰ্ত নহয় - তাৰ বাবে লাগে একো একোজন নিৰ্দেশক। যাৰ হাতৰ আঙুলিত ধৰি জীৱনৰ বাটত খোজ দিয়াৰ আদিপাঠ লওঁ, যাৰ নিৰ্দেশনাত কন্টকময় যাত্ৰা পথৰ খলা-বমা চিনি সিবোৰ অতিক্ৰমি আগুৱাই যোৱাৰ প্ৰেৰণা, শক্তি, সাহস আৰু ধৈৰ্য আহৰণ কৰো -- তেৱেঁই হৈছে শিক্ষাগুৰু। পোহৰৰ আহ্বায়ক, আন্ধাৰ বিনাশক -- তেৱেঁই হৈছে আমাৰ চিৰ নমস্য শিক্ষাগুৰু, জীৱনৰ পথৰ অগ্ৰদূত। মমবাতি এডালৰ দৰে নিজে গলি গলি পোহৰ বিলায় আজীৱন। সেয়েহে তেওঁলোকৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ থকা উচিত। উপনিষদত কৈছে --------
                    "অখণ্ড মণ্ডলাকাৰম্
                     ব্যাপ্তম যেন চৰাচৰম্
                     উৎপাদম দৰ্শিতাম যেন
                     তস্মৈ শ্ৰীগুৰুৱে নমঃ
                     অজ্ঞান জন শল্যকয়া
                     চক্ষুহু উন্মীলিতম যেন
                     তস্মৈ শ্ৰীগুৰুৱে ননঃ"
                     অৰ্থাৎ --"গুৰুৱে আমাক সেই পৰম জ্ঞান আহৰণৰ বাবে পথ দেখুৱাই, যি এই সমস্ত বিশ্ব ব্ৰক্ষ্মাণ্ডৰ প্ৰতিটি জীৱিত আৰু নিৰ্জীব পদাৰ্থ-কণাতেই পৰিব্যাপ্ত হৈ পৰে। জ্ঞানৰূপী স্নিগ্ধ মলম সানি এগৰাকী গুৰুৱে আমাক অজ্ঞান আন্ধাৰজনিত যন্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰে। সেয়ে এনে এগৰাকী গুৰুক মই সশ্ৰদ্ধ প্ৰণিপাত জনাওঁ।"
                    ৰাজনীজ্ঞ পণ্ডিত চানক্যই কৈছিল - "তিনিজন উপকাৰীৰ উপকাৰ পৰিশোধ কৰিব নোৱাৰি - পিতৃ-মাতৃ, অভিভাৱক আৰু গুৰুজন।" প্ৰকৃততে তিনিওজনেই আমাৰ গুৰু, আমাৰ শিক্ষক। যাৰ লালন-পালনত ডাঙৰ-দীঘল হৈ বিচিত্ৰ জগতখনৰ লগত পৰিচিত হওঁ,যাৰ হাতত ধৰি নিজৰ ভৰিৰ ওপৰত থিয় হৈ খোজ কঢ়িবলৈ শিকো, যাৰ মাত-কথা শুনি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা হওঁ - তেওঁলোক হৈছে আমাৰ আদি গুৰু পিতৃ-মাতৃ। অজ্ঞানতা আন্ধাৰৰ ডাঠ বাকলিৰ মাজত সোমাই থকা জ্ঞানবৃক্ষৰ গুটিটোৱে গজালি মেলে তেওঁলোকে যোগোৱা সাৰ-পানীত। পিতৃ-মাতৃ আৰু অভিভাৱকসকল হ'ল আমাৰ অনানুষ্ঠানিক শিক্ষক। সময় আগবঢ়াৰ লগে লগে প্ৰয়োজনীয়তা আহি পৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ। পঢ়াশালিৰ চাৰিবেৰৰ মাজত আৰম্ভ হোৱা আনুষ্ঠানিক শিক্ষা জীৱনজুৰি অব্যাহত থাকে। পিতৃ-মাতৃয়ে অংকুৰণ ঘটোৱা জ্ঞানবৃক্ষৰ পুলিটোক সাৰ-পানী দি ফলে-ফুলে জাতিস্কাৰ কৰি তুলে শিক্ষাগুৰুসকলে। জীৱন সমৃদ্ধ হয় শিক্ষাগুৰু আৰু দীক্ষাগুৰুৰ সহচৰ্যৰে। তেওঁলোকে নিৰ্মাণ কৰি দিয়া ভেটিতেই থিয় হৈ পৰৱৰ্তী কালৰ জীৱন-যাপনৰ পৰিকাঠামো সাজি লওঁ। আমাৰ জীৱন গঢ়াত শিক্ষাগুৰুসকলৰ ভূমিকা অপৰিসীম। তেওঁলোকৰ হাততেই নিৰ্মাণ হয় একো একোজন আদৰ্শ ব্যক্তি। ব্যক্তিৰ সমষ্টিৰে গঢ়ে একোখন সমাজ, সমাজৰ সমষ্টিয়ে গঢ়ে একোটা জাতি, একোখন ৰাষ্ট্ৰ। গতিকে একোখন সু-সংগঠিত ৰাষ্ট্ৰ গঠনৰ মূল কাৰিকৰ হ'ল শিক্ষাগুৰুসকল।
                      সময়ৰ অগ্ৰগতিৰ লগে লগে আনুষ্ঠানিক শিক্ষা ব্যৱস্হাৰ বহু পৰিৱৰ্তন ঘটিল। শিক্ষাগুৰুসকলৰ মৌলিক গুণ বা বৈশিষ্ট্যসমূহলৈে বহু নতুনত্ব অহাৰ লগতে তেওঁলোকৰ প্ৰতি সমাজৰ ভাৱধাৰাও সলনি হ'ল। একালৰ গুৰু-শিষ্যৰ সম্পৰ্ক পিতা-পুত্ৰৰ পৰ্যাৰ পৰা এতিয়া বন্ধুত্বৰ পৰ্যায় পাইছেহি। আজিকালি 'কোৱা' অথবা 'লিখা'ৰ সলনি 'কওঁ আহা' বা 'লিখো আহাঁ' বুলিব লগীয়া হৈছে। 'চেকনী আগত শিক্ষা' - ধাৰণাৰ পৰিৱৰ্তন ঘটিল। চেকনী প্ৰয়োগ কৰা শিক্ষাগুৰুৱে ৰঙাঘৰৰ ভাতো খাবলগীয়া হৈছে। পৰিৱৰ্তিত সময়ৰ বোকোচাত উঠি অহা এই ব্যৱহাৰিক পৰিৱৰ্তনসমূহক গ্ৰহণ কৰিবই লাগিব - ই সময়ৰ আহ্বান। কিন্তু ইয়াৰ মাজতো নিজৰ কৰ্তব্য আৰু দায়িত্ববোধৰ পৰা শিক্ষাগুৰুসকলে বিচলিত নোহোৱাকৈয়ে শিক্ষাৰ বন্তিগছি প্ৰজ্বোলিত কৰি ৰাখিব লাগিব।