প্ৰতিভা দাস
সময়ৰ পাকচক্ৰত পৰি
কিমান মজবুৰ হৈ যায় মানুহ
অবাঞ্চিত জীৱন এটি কটাবলৈ
কল্পনাৰ ডেউকাত উৰি ফুৰা
পাখী হঠাতে খহি পৰে
আন্ধাৰত জ্বলে হৃদয়ৰ শলিতা
কোনেও নেদেখাকৈ
কৰুণ সুৰ এটি বাজি থাকে
অহৰহ আইৰ দুচকুত
সপোনবোৰ বৰণ সলাই
না সহিব পাৰে না তৰিব পাৰে
গৰ্বিত বুকুত ঢাকি ৰাখে
এখন মৰুময় উপত্যকা।