সবিতা বৰুৱা ফুকন
পুৰণি বকুলজোপাৰ তলতেই
হৃদয়খন এৰি থৈ আহিলো
এতিয়া মই মহানগৰীৰ
ব্যস্ত ৰাজপথ এটা কেকুৰীত
ৰৈ আছো.....!
যাওঁ কেনেকৈ বাৰু
নিজকে এৰি.... !!
চিল-মিল টোপনিতে
খোজ ল'লো
জীপাল সপোনে ছাঁ হৈ
লগ দিলে সহযাত্রাৰ
খোল খালে হৃদয়ৰ দুৱাৰ
উন্মুক্ত ফাগুনৰ মলয়াই
টোপনিতে সাৱতে
মোৰ শব্দৰ কামিহাড়,
সজীৱ হয় নতুন আশা
বুকুত উজ্জ্বলি উঠিল
অনেক সাঁচতীয়া
স্মৃতিৰ সুবাস
শীতৰ হালধীয়া
কামিজ সুলুকাই
পছোৱাই জনালে
সেউজীয়া বতৰা ।