Type Here to Get Search Results !

মুকলি পথাৰ

 জীনামণি বৰগোহাঁই দুৱৰা


বহুদিনৰ মূৰত এখন মুকলি পথাৰত ঠিয় দিলোঁ।
কংক্ৰীটৰ পৃথিৱীৰ পৰা বহু নিলগত
চিন্তাত মূৰ দোঁ খাই থকা মোৰ মুখখনিত
নিমিষতে আনন্দৰ এছাটি মধুৰ বা লাগিল।
চিন্তাবোৰক দূৰলৈ দলিয়াই দি
পথাৰখনতে দৌৰি ফুৰিলো
সৰুতে পখিলা খেদি ফুৰাৰ দৰে
পূবে ,পশ্চিমে,উত্তৰে আৰু দক্ষিণে
মাথোঁ দৌৰিছো মনৰ আৱেগত।
মন গৈছে মাজতে ঘপহকৈ বহি পৰো
মূৰটো আচন্দ্ৰাই ধৰে
আকৌ উঠি দৌৰো।
কিমান সময় যে হ'ল গমকে নাপালোঁ
দেখিলো বেলিটোৱে হাত জোকাৰিছে
যাওঁ বুলি ; উপায় নাই
চিন্তাবোৰ তুলি লৈ কংক্ৰীটৰ পৃথিৱীলৈ
ঘূৰিবলৈ ল'লো।কাৰণ নিশাৰ
ভয়াবহতা মুকলি পথাৰতো আছে।